চুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক সন্মিলনক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যত এক তীব্ৰ ৰাজনৈতিক তৰ্কৰ সূচনা হৈছে। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এক ফেচবুক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰিছে।
সাংসদগৰাকীৰ মতে, চুইজাৰলেণ্ডৰ এই গুৰুত্বপূৰ্ণ সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে নিজকে ‘প্ৰথম অসমীয়া’ বুলি যি দাবী কৰিছে, সেয়া আচলতে ইতিহাস স্ৰষ্টাৰ শাৰীত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ এক প্ৰচাৰধৰ্মী কৌশলহে।
তেওঁ অভিযোগ কৰে যে চৰকাৰী প্ৰচাৰ যন্ত্ৰক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক লৈ যি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে, তাৰ আঁৰত অসমৰ এগৰাকী প্ৰকৃত প্ৰতিভাশালী যুৱতীৰ সাফল্যক গাপ দিয়াৰ চেষ্টা চলোৱা হৈছে।
সাংসদ ভূঞাই উল্লেখ কৰে যে অসমৰ যুৱতী দৃষ্টি মেধিয়ে কেৱল নিজৰ দক্ষতা আৰু মেধাৰ বলতহে এই বিশ্ব সন্মিলনত অংশগ্ৰহণ কৰাৰ বিৰল সুযোগ লাভ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী কেন্দ্ৰিক অতিৰঞ্জিত প্ৰচাৰৰ মাজত দৃষ্টি মেধিৰ এই কৃতিত্বক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে, যিটো সাংসদগৰাকীৰ দৃষ্টিত এক লজ্জাজনক বিষয় আৰু ই এক ষড়যন্ত্ৰ সদৃশ কাম।
তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে যে পূৰ্বতে কোনো অসমীয়া উচ্চপদস্থ আমোলাই এই সন্মিলনত অংশগ্ৰহণ কৰা নাছিল বুলি কৰা দাবীটো কিমান সত্য। তেওঁৰ মতে, ডাভোছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যোৱাটো মুখ্যমন্ত্ৰীৰ বাবে এক চৰকাৰী সুযোগহে, কাৰণ বৰ্তমান ভাৰতৰ প্ৰায় ১০ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী বা প্ৰতিনিধি দলে এনে সুযোগ লাভ কৰিছে।
অজিত কুমাৰ ভূঞাই চৰকাৰৰ এই ভূমিকাক সমালোচনা কৰি কয় যে ব্যক্তিগত মেধাৰে বিশ্ব মঞ্চত স্থান লাভ কৰা দৃষ্টি মেধিৰ দৰে এন্টাৰপ্ৰেনিউৰক লৈহে আচলতে ৰাজ্যবাসী গৌৰৱান্বিত হোৱা উচিত। মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত নিজকে সৰ্বশ্ৰেষ্ঠ আৰু প্ৰথম বুলি জাহিৰ কৰিবলৈ যিধৰণৰ ‘মিছা তথ্য’ আৰু ‘উদ্ভট দাবী’ উত্থাপন কৰে, সেয়া সভ্য সমাজৰ বাবে দুৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে। প্ৰচাৰৰ জোৰত সাধাৰণ মানুহক বিভ্ৰান্ত কৰিব খোজা এনে কাৰ্যক সমালোচনা কৰি সাংসদগৰাকীয়ে জনসাধাৰণক সজাগ হ’বলৈ আহ্বান জনাইছে।





