পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যাৰ ভাৰসাম্য ৰক্ষাৰ আহ্বান জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩০ ডিচেম্বৰত কৰা এক মন্তব্যই সম্প্ৰতি চৰ্চা লাভ কৰিছে। অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু পৰিয়ালসমূহক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনায়।
বিশেষকৈ যিবোৰ অঞ্চলত হিন্দুসকল সংখ্যালঘু বা সংখ্যালঘু হোৱাৰ দিশত আগবাঢ়িছে, সেইবোৰ অঞ্চলৰ হিন্দু পৰিয়ালক এটাতকৈ অধিক সন্তান জন্ম দিয়াৰ বাবে তেওঁ অনুৰোধ কৰিছে।
ছচিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যমৰ আগত এই বিষয়টো বহলাই ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন সম্প্ৰদায়ৰ মাজত জন্মৰ হাৰৰ যি অসমতা দেখা গৈছে, সেয়া এক চিন্তাৰ বিষয়। তেওঁ উল্লেখ কৰে যে বহু ঠাইত মুছলমান সম্প্ৰদায়ৰ জন্মৰ হাৰ অধিক হোৱাৰ বিপৰীতে হিন্দুসকলৰ মাজত এই হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে, যাৰ ফলত দীৰ্ঘম্যাদী সামাজিক প্ৰভাৱ পৰিব পাৰে।
যিবোৰ অঞ্চলত হিন্দু জনসংখ্যা কমি আহিছে, সেই পৰিয়ালসমূহক লক্ষ্য কৰি তেওঁ কয় যে তেওঁলোকে অন্ততঃ দুটা বা সম্ভৱ হ’লে তিনিটা সন্তান জন্ম দিয়া উচিত, অন্যথা ভৱিষ্যতে পৰিয়াল চোৱাচিতা কৰিবলৈ কোনো নাথাকিব।
ইয়াৰ সমান্তৰালকৈ তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ চৰকাৰে সদায় মুছলমান পৰিয়ালসমূহকো অত্যাধিক সন্তান জন্ম নিদিবলৈ পৰামৰ্শ দি আহিছে। মুছলমানসকলক সাত-আঠটাকৈ সন্তান জন্ম নিদিবলৈ আহ্বান জনোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ এই বাৰ্তা কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি দিয়া হোৱা নাই, বৰঞ্চ ইয়াৰ উদ্দেশ্য হৈছে এক জনসংখ্যাৰ ভাৰসাম্য ৰক্ষা কৰা।





