মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি মৰিগাঁৱত বিশাল যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয়। যোগদান সভাত জিলাখনৰ কেবা শতাধিক লোকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগ দিয়ে।
যোগদান কাৰ্যসূচীৰ পিছত অনুষ্ঠিত ৰাজহুৱা সভাত গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰি কয় যে কংগ্ৰেছ দল সদায় আছিল, আছে আৰু থাকিব৷ প্ৰতিটো মাহত বিভিন্ন জনগোষ্ঠী, ভাষা-ভাষীৰ লোক কংগ্ৰেছ দলত যোগদান কৰিছে৷ যেনেদৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক কংগ্ৰেছ দললৈ আহি আছে তালৈ চাই আমি ইয়াকে ক’ব পাৰো যে আগন্তুক দিনত কংগ্ৰেছ দলৰ চৰকাৰ হ’বলৈ গৈ আছে৷ অসমৰ ৰাইজে দহ বছৰৰ শাসন ব্যৱস্থাক মূল্যাংকন কৰিছে৷ যোৱা দহটা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি দিব পাৰিলে বুলি মানুহে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে।
ৰাইজক উদ্দেশ্যি গগৈয়ে কয়, ”মই আজি ইয়াত থকা জনসাধাৰণক সুধিব বিচাৰো যে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ ল’ৰা-ছোৱালীৰ বাবে ভাল স্কুল দিব পাৰিলে নেকি? ভাল হাস্পতাল দিব পাৰিলে নেকি? খোৱাপানী দিব পাৰিলে নেকি? নিৰাপত্তা দিলে নেকি? সংস্থাপন দিলে নেকি? অসমক সোণৰ অসম কৰিব পাৰিলে নেকি? জনজাতিকৰণ কৰিব পাৰিলে নেকি? জাতিক সুৰক্ষা দিব পাৰিলে নেকি? মাটিৰ পট্টা দিব পাৰিলে নেকি? এয়া হৈছে তেওঁলোকৰ বিফলতা৷’’
লগতে গৌৰৱ গগৈয়ে চৰকাৰ কাৰ বাবে গঠন হয় বুলি প্ৰশ্ন কৰি কয় যে চৰকাৰ গঠন হয় ৰাইজৰ উন্নয়নৰ বাবে৷ ভাল শিক্ষা, দীক্ষা, চিকিৎসা, ভাল আন্তঃগাঁথনি, ভাল পৰিৱেশ, ল’ৰা-ছেৱালীৰ চাকৰি, নিৰাপত্তা, সকলোৰে সন্মান আৰু ৰাজনৈতিক সৱলীকৰণৰ বাবে চৰকাৰ কাম কৰে৷ কিন্তু এইখন চৰকাৰে কি কি কাম কৰিছে? বসুন্ধৰাৰ নামত ১৩ লাখ মানুহৰ পৰা আবেদন ল’লে৷ কিন্তু মাটিৰ পট্টাৰ নামত কি হ’ল সকলোৱে দেখিছে। ১৩ লাখ আবেদনকাৰীৰ ভিতৰত ৫ লাখে আজিলৈ মাটি পোৱা নাই৷ বিপৰীতে মাটিৰ প্ৰিমিয়াম বাঢ়িছে৷ খাজনা বাঢ়িছে৷ যিসকলৰ ওচৰত একচনীয়া পট্টা আছে সেইসকলক চৰকাৰে উচ্ছেদ কৰিছে৷ যিসকলে অৰণ্যত আছিল, যিসকলে বন আইন মতে ভূমি পট্টা পাব লাগে তেওঁলোকক চৰকাৰে ভূমি পট্টা দিয়া নাই৷ তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ ৫ খন উন্নত ৰাজ্যলৈ নিম বুলি কৈছিল৷ কিন্তু আজি অসমখন তালিকাৰ একেবাৰে শেষত থাকিল৷ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে৷ আজি মদ আৰু ড্ৰাগছৰ বাবে অপৰাধ বাঢ়ি গৈছে৷ মহিলা-বয়োজ্যেষ্ঠসকলে নিজকে সুৰক্ষিত বুলি নাভাবে৷ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক নিৰ্দেশ দিছে যে কোনোবাই গোচৰ লৈ থানালৈ আহিলে গোচৰ ৰুজু কৰিব নালাগে৷ আগতে প্ৰতিমাহত এজাহাৰ দাখিল হৈছিল৷ গোচৰ ৰুজু হৈছিল৷ আজি গোচৰ ৰুজু নহয়৷ এইখন চৰকাৰে বিচাৰে আৰক্ষী নিমাত হৈ থাকক৷ আৰক্ষী নিমাত হৈ থাকিলে চুপাৰি, কয়লা, বালি মাফিয়াৰ ছিণ্ডিকেট চলি থাকিব পাৰে৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ হাত বান্ধি থৈছে৷ আজি দুখীয়া মানুহে শিক্ষা, চিকিৎসা, দৰৱ নাপায়৷ কিন্তু পুতেকৰ নামত ১৭টা কোম্পানী খুলিছে৷ পত্নীৰ নামত বিভিন্ন ঠাইত মাটি কিনিছে৷ পত্নীৰ নামত প্ৰায় ২০টা কোম্পানী আছে৷ সেই কোম্পানীক চৰকাৰী ধন দিয়া হৈছে৷ কেতিয়াবা বিজ্ঞাপন, কেতিয়াবা ঠিকাৰ নামত টকা দিছে৷ আমি প্ৰশ্ন কৰিব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি আপোনাৰ পত্নী আৰু পুত্ৰৰ নামত থকা কোম্পানীক বিজ্ঞাপন আৰু ঠিকাৰ নামত কিমান টকা দিছে সেয়া ৰাজহুৱা কৰা৷ পত্নী-পুত্ৰক লৈ দিয়া টকা কাৰ৷ সেয়া হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ টকা নহয়৷ আপোনালোকে যে টেক্স দিয়ে, টোলটেক্স দিয়ে, জিএছটি দিয়ে, পৰিশ্ৰমৰ টকা সেইবোৰ৷ আপোনালোকৰ সেই ধন কনচাৰ্ট, ঠিকা, বিজ্ঞাপনৰ নামত নিজৰ পত্নী, পুত্ৰক দিছে৷
গগৈয়ে কয়, ”আমি বহু মুখ্যমন্ত্ৰী দেখিছো৷ মোৰ পিতৃ ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল৷ কিন্তু মোৰ পিতৃয়ে এটা টকাও পৰিয়ালৰ নামত লোৱা নাছিল৷ মোৰ পিতৃয়ে ১৫ বছৰীয়া কাৰ্যকালত কেতিয়াও মোৰ নামত ঠিকা লোৱা নাছিল৷ অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা৷ জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে ন্যায় দিব নোৱাৰে৷’’
গগৈয়ে আৰু কয় যে, আমি যেতিয়াই ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচী লৈ গৈছো তেতিয়াই মানুহে কৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই৷ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ল’ৰা-ছোৱালীক স্থায়ী চাকৰি, ভাল স্কুল, চিকিৎসা দিব পৰা নাই৷ ৰাইজৰ এনে ক্ষোভৰ কথা মুখ্যমন্ত্ৰীৰ কাণত পৰিছে৷ লাহে লাহে হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক ভয় কৰিবলৈ আৰম্ভ কৰিছে বুলিও গগৈয়ে কয়।
আজিৰ এই বিশাল ৰাজহুৱা সভাখনত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ, জ্যেষ্ঠ কংগ্ৰেছ নেতা জয় প্ৰকাশ দাস, বিদিশা নেওগ, ইমদাদ হুছেইন, ৰমেশ বৰদলৈকে আদি কৰি কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে৷ উল্লেখ্য যে, সভা আৰম্ভ হোৱাৰ পূৰ্বে পাঁচ শতাধিক বাইকেৰে সমদল উলিয়াই জাগীৰোডৰ পৰা মৰিগাঁৱলৈ সভাপতি গৌৰৱ গগৈক আদৰণি আনে কংগ্ৰেছ নেতা-কৰ্মীসকলে৷
যোগদান আৰু ৰাজহুৱা সভাৰ মাজতে ৰাজ্যৰ প্ৰতিখন জিলাৰ দৰে মৰিগাঁৱতো জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে এমজি-এনৰেগা আঁচনিৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ নামৰ প্ৰত্যাহাৰ কৰাৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে।





