চলিত মাহত হ’ব লগীয়া বিধানসভাৰ উপ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰত।
নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে আজি ৰাজ্যখনৰ চাৰিটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব।
নিৰ্বাচনী প্ৰচাৰ সভা কেইখনত মন্ত্ৰী হিমন্তৰ উপৰি মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙো উপস্থিত থাকিব বুলি খোদ মুখ্য মন্ত্ৰীগৰাকীয়ে এটা টুইটেৰে জানিবলৈ দিয়ে।
মুখ্য মন্ত্ৰী সিঙে টুইইটোত কয়, ‘অসমৰ কেবিনেট মন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাক ইম্ফললৈ স্বাগতম। আজি হিমন্ত দা আৰু মই মণিপুৰৰ চাৰিটা সমষ্টিত উপ নিৰ্বাচনৰ প্ৰচাৰ চলাম’।
উল্লেখ্য যে, অহা ৭ নৱেম্বৰত মণিপুৰৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনু্ঠিত হোৱাৰ কথা আছিল যদিও এটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ বাবে এতিয়া চাৰিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।
নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টি কেইটা হৈছে ইম্ফল পশ্চিম জিলাৰ ৱাংগৈ, কাংপকপি জিলাৰ চাইটু, থৌবাল জিলাৰ লাইলং আৰু ৱাংজিং-তেন্থা।
বিজেপিৰ প্ৰাৰ্থী গৰাকী জয়ী হোৱা সমষ্টিটো হৈছে চুৰাচন্দপুৰ জিলাৰ চিংঘাট।