• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

নগাওঁ লোকসভা সমষ্টিত হিন্দু বাঙালীক টিকট দিবলৈ দাবী

'হিন্দু বাংলাদেশী'ৰে জাতি ৰক্ষা কৰিব খোজা ৰাজেন গোহাঁয়ে নিজৰ সমষ্টি ৰক্ষা কৰিব পাৰিবনে হিন্দু বাঙালীৰ হাতৰ পৰা?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 7, 2019 6:23 pm
Bengali Organisations

হিন্দু বাঙালীক টিকট প্ৰদানৰ দাবী জনাই গুৱাহাটী প্ৰেছ ক্লাবত যৌথ সংবাদমেল কেইবাটাও হিন্দু বাঙালী সংগঠনৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনৰ পৰা হিন্দু বাংলাদেশীৰ কাষত ঠিয় দি অহা ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা ৪বাৰকৈ নগাওঁ সংসদীয় সমষ্টিটোৰ পৰা সাংসদ হোৱা ৰাজেন গোহাঁইৰ সমষ্টিটোত এজন বাঙালীক আগন্তুক লোকসভা নিৰ্বাচনত টিকট দিবলৈ বিজেপিক দাবী জনালে কেইবাটাও হিন্দু বাঙালী সংগঠনে।

অসমীয়া ‘জাতি ৰক্ষা’ৰ বাবে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া দৰকাৰ বুলি সংবাদ মাধ্যমত মুকলিকৈ মন্তব্য কৰি অহা সাংসদজনৰ সমষ্টি হিন্দু বাঙালীয়ে দাবী কৰাটোৱে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।

Apply Now

নগাওঁ সমষ্টিটো সাংসদজনৰ ৰাজনৈতিক কেৰিয়াৰৰ মূল ভেটি আৰু তাৰ পৰাই তেওঁ ৪বাৰকৈ সাংসদ নিৰ্বাচিত হৈছে। সমষ্টিটো হিন্দু বাঙালী প্ৰাৰ্থীৰ বাবে এৰি দিব লগীয়া হ’লে গোহাঁইৰ ৰাজনৈতিক কেৰিয়াৰৰ যৱনিকা পৰিব যে সেয়া প্ৰায় নিশ্চিত।

মন কৰিব লগীয়া যে সাধাৰণতে অসমত হিন্দু বাঙালীসকল বিজেপিৰ স্থায়ী ভোটবেংক হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু এইবাৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে হিন্দু বাঙালীৰ সংগঠনবোৰে চাপ বৃদ্ধি কৰিছে দলটোৰ ওপৰত।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন যৌথ সংবাদমেল দি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যন, বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতি, স্বামী বিবেকানন্দ যুৱ সমিতি আৰু চহিদ কনকলতা মহিল উন্নয়ন সমিতিয়ে  ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা সমষ্টিত হিন্দু বাঙালীক প্ৰাৰ্থিত্ব দিব লাগে বুলি বিজেপিৰ নেতৃত্বক দাবী জনায়।

“আমি ব্ৰহ্মপুত্ৰ উপত্যকাত বিভিন্ন দলৰ ভোটবেংক হিচাপে ব্যৱহৃত হৈ আহিছো। কিন্তু আমি এতিয়া ৰাজনৈতিকভাৱে নিঃশেষ হোৱাৰ উপক্ৰম হৈছো। সেয়ে এইবাৰৰ লোকসভা নিৰ্বাচনত হিন্দু বাঙালীৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এজন হিন্দু বাঙালীক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰিছো”, সংবাদমেলত বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক সুৰেশ সৰকাৰৰ ভাষ্য।

সংগঠনকেইটাই বিগত দিনবোৰত বিজেপিৰ হৈ কাম কৰি অহা বুলি স্পষ্টকৈ কয় আৰু তাৰ বিনিময়ত দলটোক এই দাবী জনায়। আনকি সংগঠনকেইটাই ইতিমধ্যেই দলৰ ৰাষ্টীয় সভাপতি অমিত শ্বাহ, সাধাৰণ সম্পাদক ৰাম মাধৱৰ উপৰি ৰাজ্যিক বিজেপিৰ ওচৰতো দাবী উত্থাপন কৰিছে বুলিও জানিবলৈ দিয়ে।

সংবাদমেলত সংগঠনকেইটাই তেওঁলোকৰ পচন্দৰ লোকসভা সমষ্টি হিচাপে নগাঁৱক বাছি দি কয়, “সমষ্টিটোত ৩৫ শতাংশ হিন্দু বাঙালী ভোটাৰ আছে। গতিকে নগাঁৱত এইবাৰ বিজেপিয়ে হিন্দু বাঙালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে”। সংগঠনকেইটাই হিন্দু বাঙালী নেতা হিচাপে স্বপন কুমাৰ মণ্ডলক বিজেপিয়ে প্ৰাৰ্থিত্ব দিব পাৰে বুলি প্ৰাৰ্থীৰ নামো প্ৰস্তাৱ কৰে।

সুৰেশ সৰকাৰে লগতে কয় যে সুদীৰ্ঘ দিন ধৰি অসম ব্ৰহ্মপুত্ৰ উপত্যকাত থকা বাংলাভাষীসকলে অসমীয়া মাধ্যমত পঢ়াৰ লগতে থলুৱা কলা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া বুলি গৌৰৱান্বিত যদিও তেওঁলোক বিদেশীৰ নামত, ডি ভোটাৰ, এন আৰ চিৰ নামত নামত হাৰাশাস্তিৰ সন্মুখীন হৈ থাকিব লগীয়া হৈছে।

যোৱা ২০ বছৰ ধৰি ৰাজেন গোহাঁই সমষ্টিটোৰ সাংসদ হৈ আছে যদিও হিন্দু বাঙালীৰ সমস্যাসমূহ সমাধানত গুৰুত্ব নিদিয়ে বুলি অভিযোগ আনে সংগঠনকেইটাই।

উল্লেখযোগ্য যে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলেহে অসমীয়া জাতি বাচিব বুলি মন্তব্য কৰি অহা সাংসদজনৰ নিজৰ সমষ্টি হিন্দু বাঙালীয়ে দাবী কৰাৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। বৰ্তমানৰ বিজেপি সাংসদজন আগন্তুক লোকসভা নিৰ্বাচনত সমষ্টিটোত টিকটৰ অন্যতম দাবীদাৰ বুলি চৰ্চা হৈছে।

আজিৰ সংবাদমেলখনত স্বামী বিবেকানন্দ যুৱ সমিতিৰ সভাপতি অৰূপ কুমাৰ ঘোষ, বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতিৰ সম্পাদক বাপ্পা দত্ত, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ সাধাৰণ সম্পাদক অজয় সৰকাৰ আৰু চহিদ কনকলতা মহিলা উন্নয়ন সমিতিৰ সভানেত্ৰী গৌৰী বৰ্ধন আৰু সাধাৰণ সম্পাদিকা অঞ্জলী বৰুৱাও উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd