শেহতীয়াকৈ অসমৰ একাংশ লেখক,বুদ্ধিজীৱিয়ে ৰাজ্য খনত চলি থকা ডিটেনশ্যন কেম্প সমূহ বন্ধ কৰি দিবৰ বাবে তোলা দাবীৰ তীব্র বিৰোধিতা কৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে।
পৰিষদে এনে দাবীক দেশদ্ৰোহী তথা জাতিদ্ৰোহিতাৰ নামান্তৰ বুলি অভিহিত কৰাৰ লগতে সংশ্লিষ্ট লেখক বুদ্ধিজীৱী সকলোকে বিদেশীৰ পক্ষৰ পৰা আঁতৰি আহি স্বদেশ ,স্ব-জাতিৰ পক্ষত অৱস্থান গ্ৰহণ কৰিবলৈ সকীয়াই দিয়ে।
দেওবাৰে নলবাৰী দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক সংবাদমেলত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলেন বৈশ্যই কয় যে, বাংলাদেশ, পাকিস্তান, চীন আৰু মুছলমানৰ দালাল স্বৰূপ যিসকল বামপন্থী বুদ্ধিজীৱীয়ে ডিটেনশ্যন কেম্পত আৱদ্ধ হৈ থকাৰ অধিকাৰৰ নামত চকুপানী টুকিছে, তেওঁলোকে কিন্তু বাংলাদেশী বা পূৰ্ববংগীয় মূলৰ মুছলমানৰ দ্বাৰা অসমত সংগঠিত হৈ থকা অমানৱীয় ঘটনা সমূহৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাঁওত অৱতীৰ্ণ হৈ আছে।
পূৰ্ববংগীয় মুছলমানৰ হাতত যে অসমৰ খিলঞ্জীয়া হিন্দু জনগণৰ ন্যূনতম মানৱ অধিকাৰ সমূহো লুণ্ঠিত হৈ আহিছে সেই বিষয়ে হীৰেণ গোঁহাই বা নিৰুপমা বৰগোহাঞিৰ নিচিনা লেখক বুদ্ধিজীৱী সকল সদায় নীৰৱ বুলি মন্তব্য কৰি বৈশ্যই কয় যে এইসকল জাতিদ্ৰোহী বুদ্ধিজীৱীয়ে আনকি অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত চলা অসম আন্দোলনৰ বিৰোধিতা কৰি ইতিমধ্যে নিজৰ স্বৰূপ স্পষ্ট কৰি থৈছে।
সংবাদমেল খনত পৰিষদৰ নেতাগৰাকীয়ে কয় যে, ডিটেনশ্যন কেম্প এক প্ৰশাসনিক ব্যৱস্থা। যি সকল অবৈধ বিদেশীক প্ৰশাসনে চিনাক্ত আৰু আটক কৰিবলৈ সক্ষম হয়, তেওঁলোকক ঘূৰাই পঠোৱাৰ কাম সম্পূৰ্ণ হৈ নুঠালৈকে ডিটেনশ্যন কেম্পত আৱদ্ধ কৰি ৰখা হয়। এই আৱদ্ধ কালৰ কোনো সীমা ৰখা সম্ভৱ নহয়। কিন্তু সেই বুলিয়ে মানৱতাৰ নামত তেওঁলোকক মুকলি কৰি দিলে সেয়া হ’ব দেশ আৰু সমাজৰ বাবে ভয়াবহ বিপদস্বৰূপ।
তেওঁ লগতে কয় যে, এই ক্ষেত্ৰত ব্যৱস্থাগত ভুলৰ বাবে কোনোবা স্বদেশীও কেতিয়াবা সাময়িকভাৱে ডিটেনশ্যন কেম্পত আৱদ্ধ হ’ব পাৰে। সেই সকল ব্যক্তিক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হওঁক আৰু ডিটেনশ্যন কেম্পত আৱদ্ধ প্ৰকৃত অবৈধ বিদেশী সকলৰ দ্বাৰাই শ্ৰম কৰাই কেম্পৰ খৰচ উলিওৱা হওঁক।
একেখন সংবাদমেলতে তেওঁ ডিটেনশ্যন কেম্পত কোনো হিন্দুক আবদ্ধ কৰা উচিত নহয় বুলিও মন্তব্য কৰে।
সংবাদমেলখনত কেন্দ্ৰীয় সভাপতি বলেই বৈশ্যৰ লগতে কেন্দ্রীয় বিত্তীয় সম্পাদক বিকাশ বৰদলৈ, উপ- সভাপতি দিবাকৰ দাস, নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ মজুমদাৰ , সম্পাদক ৰাকেশ দে আদিকে ধৰি কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে।