• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তি : প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তৰ পৰা কৈফিয়ৎ বিচাৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 22, 2019 4:16 pm
Hindu Yuva Chatra Parishad

সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ। গুৱাহাটী প্ৰেছ ক্লাবত। ২২ ফেব্ৰুৱাৰিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ সময়ত অসমত বিদেশী নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চনৰ সলনি ১৯৭১ চনক মানি লোৱাৰ বাবে আজি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কৈফিয়ৎ বিচাৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে।

গুৱাহাটী প্ৰেছ ক্লাবত আজি হিন্দুত্ববাদী তথা ৰাষ্ট্ৰবাদী সংগঠনটোৱে আয়োজন কৰা এখন সংবাদমেলত মহন্তক সম্পূৰ্ণৰূপে জগৰীয়া কৰি কেইবাটাও প্ৰশ্ন উত্থাপন কৰে।

Apply Now

“কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰে হেঁচা দিলেও প্ৰফুল্ল মহন্তই কিয় মানি ল’লে ১৯৭১ চন?” সংগঠনটোৰ প্ৰশ্ন মহন্তক।

৮৫৫জন চহিদৰ কেঁচা তেজৰ মূল্য অথলে যাবলৈ কিয় দিয়া হ’ল, চহিদ পৰিয়ালক তাৰ উত্তৰ দিবলৈ মহন্তক দাবী কৰে সভাপতি বলেন বৈশ্যই।

তেওঁ লগতে কয়, “অসমৰ জনগণক উপেক্ষা কৰি প্ৰকৃত সত্যক অন্ধকাৰত ৰাখি তদানীন্তন আছু নেতৃত্বই ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসম চুক্তিত স্বাক্ষৰ কৰিছিল।”

অসম চুক্তিৰ জৰিয়তে ২০ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা অসমত জাপি দিয়া হ’ল বুলি বৈশ্যই দাবী কৰে।

“আছু নেতৃত্বই অগপ দল গঠন কৰি দুবাৰকৈ দিচপুৰৰ গাদী দখল কৰি পাপৰ প্ৰায়শ্চিত্ত কৰাৰ সুযোগ পাইছিল যদিও এই সুযোগৰ সদ ব্যৱহাৰ নকৰিলে”, সভাপতি বলেন বৈশ্যৰ গুৰুতৰ অভিযোগ আঞ্চলিক দলটোৰ নেতৃত্বৰ বিৰুদ্ধে।

আনহাতে, “৮৫৫জন চহিদৰ মৃত্যুৰ দায়িত্ব কংগ্ৰেছে এৰি চলিব নোৱাৰে বা আনলৈ ঠেলিব নোৱাৰে” বুলি কৈ কংগ্ৰেছকো আক্ৰমণ কৰে সংগঠনটোৱে। ৮৫৫জন চহিদৰ হত্যাকাৰী এই কংগ্ৰেছৰ সৈতেই আছু নেতৃত্বই হাত মিলাই নতুনকৈ পাপহে চপাই ল’লে বুলিও বৈশ্যই সাংবাদমেলত কয়।

সভাপতি বৈশ্যই অসমত ভাৰতৰ অন্য ৰাজ্যসমূহৰ সৈতে একে ৰাখি ১৯৫১ চনটোক বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ কৰি এন আৰ চিৰ কাম-কাজ আগ বঢ়োৱাৰ দাবী কৰে।

সংবাদমেলত বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইকো আক্ৰমণৰ লক্ষ্য কৰি বৈশ্যই কয়, “এসময়ৰ অসম আন্দোলনৰ বিৰোধিতা কৰা হীৰেন গোহাঁইৰ এতিয়া কেনেকৈ অসম চুক্তিৰ ভক্ত হৈ পৰিছে?”

অসম আন্দোলনৰ বিৰোধিতা কৰা হীৰেন গোহাঁই কেনেকৈ এতিয়া প্রিয়পাত্ৰ হৈ পৰিল অগপ আৰু আছুৰ? প্ৰশ্ন বলৈন বৈশ্যৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd