অসম চুক্তি : প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তৰ পৰা কৈফিয়ৎ বিচাৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে

Hindu Yuva Chatra Parishad

সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ। গুৱাহাটী প্ৰেছ ক্লাবত। ২২ ফেব্ৰুৱাৰিত।

অসম চুক্তিৰ সময়ত অসমত বিদেশী নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চনৰ সলনি ১৯৭১ চনক মানি লোৱাৰ বাবে আজি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কৈফিয়ৎ বিচাৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে।

গুৱাহাটী প্ৰেছ ক্লাবত আজি হিন্দুত্ববাদী তথা ৰাষ্ট্ৰবাদী সংগঠনটোৱে আয়োজন কৰা এখন সংবাদমেলত মহন্তক সম্পূৰ্ণৰূপে জগৰীয়া কৰি কেইবাটাও প্ৰশ্ন উত্থাপন কৰে।

“কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰে হেঁচা দিলেও প্ৰফুল্ল মহন্তই কিয় মানি ল’লে ১৯৭১ চন?” সংগঠনটোৰ প্ৰশ্ন মহন্তক।

৮৫৫জন চহিদৰ কেঁচা তেজৰ মূল্য অথলে যাবলৈ কিয় দিয়া হ’ল, চহিদ পৰিয়ালক তাৰ উত্তৰ দিবলৈ মহন্তক দাবী কৰে সভাপতি বলেন বৈশ্যই।

তেওঁ লগতে কয়, “অসমৰ জনগণক উপেক্ষা কৰি প্ৰকৃত সত্যক অন্ধকাৰত ৰাখি তদানীন্তন আছু নেতৃত্বই ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসম চুক্তিত স্বাক্ষৰ কৰিছিল।”

অসম চুক্তিৰ জৰিয়তে ২০ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা অসমত জাপি দিয়া হ’ল বুলি বৈশ্যই দাবী কৰে।

“আছু নেতৃত্বই অগপ দল গঠন কৰি দুবাৰকৈ দিচপুৰৰ গাদী দখল কৰি পাপৰ প্ৰায়শ্চিত্ত কৰাৰ সুযোগ পাইছিল যদিও এই সুযোগৰ সদ ব্যৱহাৰ নকৰিলে”, সভাপতি বলেন বৈশ্যৰ গুৰুতৰ অভিযোগ আঞ্চলিক দলটোৰ নেতৃত্বৰ বিৰুদ্ধে।

আনহাতে, “৮৫৫জন চহিদৰ মৃত্যুৰ দায়িত্ব কংগ্ৰেছে এৰি চলিব নোৱাৰে বা আনলৈ ঠেলিব নোৱাৰে” বুলি কৈ কংগ্ৰেছকো আক্ৰমণ কৰে সংগঠনটোৱে। ৮৫৫জন চহিদৰ হত্যাকাৰী এই কংগ্ৰেছৰ সৈতেই আছু নেতৃত্বই হাত মিলাই নতুনকৈ পাপহে চপাই ল’লে বুলিও বৈশ্যই সাংবাদমেলত কয়।

সভাপতি বৈশ্যই অসমত ভাৰতৰ অন্য ৰাজ্যসমূহৰ সৈতে একে ৰাখি ১৯৫১ চনটোক বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ কৰি এন আৰ চিৰ কাম-কাজ আগ বঢ়োৱাৰ দাবী কৰে।

সংবাদমেলত বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইকো আক্ৰমণৰ লক্ষ্য কৰি বৈশ্যই কয়, “এসময়ৰ অসম আন্দোলনৰ বিৰোধিতা কৰা হীৰেন গোহাঁইৰ এতিয়া কেনেকৈ অসম চুক্তিৰ ভক্ত হৈ পৰিছে?”

অসম আন্দোলনৰ বিৰোধিতা কৰা হীৰেন গোহাঁই কেনেকৈ এতিয়া প্রিয়পাত্ৰ হৈ পৰিল অগপ আৰু আছুৰ? প্ৰশ্ন বলৈন বৈশ্যৰ।