পাঁচ দশকৰ পাছত ইন্দিৰা গান্ধীয়ে নিৰ্মাণ কৰা অমৰ জোৱান জ্যোতি শিখা ‘নুমুৱালে’ মোদীয়ে

পাঁচ দশকৰ পাছত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে লোৱা সিদ্ধান্তত নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিৰ অনিৰ্বাণ শিখা নুমুৱাই যোৱাৰ পথত। শুকুৰবাৰে সেই অগ্নিশিখা ‘নেশ্যনেল ৱাৰ মেম’ৰিয়েল’লৈ লৈ যোৱা হৈছে।

১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত শ্বহীদ বৰণ কৰা ভাৰতীয় সেনাৰ স্মৃতিত তদানীত্বন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী চৰকাৰে এই অমৰ জ্যোতি জোৱান নিৰ্মাণ কৰিছিল।

১৯৭২চনৰ ২৭ জানুৱাৰীত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই স্মৃতিসৌধটো উদ্বোধন কৰিছিল। শিলাস্তম্ভত ওলোটা কৰি ৰখা ৭.৬২ স্বয়ংক্ৰিয় ৰাইফল আৰু তাৰ ওপৰত একোটা সেনাৰ শিৰস্ত্ৰাণৰ স্মাৰক আছে ইয়াত। ইয়াৰ সন্মুখতে আছে নিৰৱিচ্ছিন্নভাৱে জ্বলি থকা অগ্নিশিখা।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত ফুল, পোহৰ, টয়লেটৰ বাবে কিমান খৰচ কৰা হৈছিল?

কিন্তু ঠিকনা সলনি কৰি এইবাৰ সেয়া প্ৰায় আধা কিলোমিটাৰ দূৰত থকা ‘নেশ্যনেল ৱাৰ মেম’ৰিয়েল’লৈ যাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া গেটৰ চৌহদতে নেশ্যনেল ৱাৰ মেম’ৰিয়েলৰ উদ্বোধন কৰিছিল। অভিযোগ উঠিছিল যে পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ আলমত দেশপ্ৰেমৰ জোৱাৰ আনিবলৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে এই পদক্ষেপ লৈছে।

ঠিক তেনেদৰে এইবাৰো উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শ্বহীদ জোৱানৰ স্মৃতি বিজড়িত অগ্নিশিখা স্থানান্তৰ কৰা হৈছে বুলি চৰ্চা চলিছে।

লগতে পঢ়ক: Covid-19 Update: দেশত কোভিডত আজি আক্ৰান্তৰ সংখ্যা প্ৰায় চাৰে তিনি লাখ; বৃদ্ধি পালে মৃ্ত্যুৰ সংখ্যা

স্বাধীনতাৰ পৰৱৰ্তী সময়ত যিসকল সেনা জোৱানে দেশ ৰক্ষাৰ বাবে জীৱন আহুতি দিছে তেওঁলোকৰ স্মৃতিত ৪০ একৰ ভূমিত স্থাপন কৰা হৈছে এই যুদ্ধ স্মাৰক। শ্বহীদ সেনা জোৱানৰ স্মৃতিত ইয়াতো জ্বলি আছে অগ্নিশিখা। এইবাৰ ইয়াতেই বিলীন হ’ব অমৰ জোৱান জ্যোতি।