হোজাই আৰক্ষীয়ে সোমবাৰে পুৱতি নিশা মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ অধীনৰ পৰা উদ্ধাৰ কৰি আনে। হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে মঙলবাৰে সন্ধিয়া এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ছোৱালীজনীক পাঁচদিন পূৰ্বে বৃহস্পতিবাৰে ফইজুল হক নামৰ এজন মুছলমান যুৱকে তেওঁ নিজকে হিন্দু যুৱক বুলি পৰিচয় দি হোজাইৰ যোগীজানৰ পৰা অপহৰণ কৰি নিছিল।
আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁলোকে মুঠতে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত আছে ফইজুল হক (অভিযুক্ত), তাইজুল হক (অভিযুক্তৰ খুড়ায়েক) আৰু অভিযুক্তৰ পিতৃ-মাতৃৰ লগতে অভিযুক্তক আশ্ৰয় দিয়া মহম্মদ ইমতিয়াজ আলী, মহম্মদ মফিজুদ্দিন (ইমতিয়াজ আলীৰ পুত্ৰ) আৰু মহম্মদ আহমেদ(জাৰিগাওঁৰ বাসিন্দা) নামৰ আন তিনিজনক লোক।
আৰক্ষী অধীক্ষক জৈনে কয় যে গ্ৰেপ্তাৰ কৰা সাতগৰাকী লোকক জেইললৈ প্ৰেৰণ কৰা হ’ব আৰু নাবালিকাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
তেওঁ লগতে জনায় যে ৪৮ ঘন্টা জোৰা অভিযানটো পৰিচালনা তথা নিৰীক্ষণ কৰিছিল সদৰ কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, সদৰ কাৰ্যালয়ৰ উপ আৰক্ষী অধীক্ষক,ডবকাৰ চক্ৰ পৰিদৰ্শক আৰু হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই।
‘’আমি এই গোটেই অভিযানটোত আমাক সহযোগিতা আগবঢ়ওৱাৰ বাবে মৰিগাঁওৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক শিবাশিস বৰা আৰু মায়ং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ধন্যবাদ জনাইছো,’’-আৰক্ষী অধীক্ষক গৰাকীয়ে কয়।
আৰক্ষী অধীক্ষক জৈনে লগতে কয়, ‘’বহুতো সংগঠনে আতংক ময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল, আমাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল আৰু ছোৱালীজনীক উদ্ধাৰ কৰা তথা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে ৪৮ঘন্টাৰ সময় বান্ধি দিছিল।‘’
‘’কিন্তু আমি ভগবান নহয় যে সকলোবোৰ ছেকেণ্ডৰ ভিতৰতে হৈ যাব, আমিও মানুহহে, আমি নিয়ম তথা তথ্যৰ ভিত্তিত আমাৰ কৰ্তব্য কৰো,’’-জৈনে লগতে কয়।