NORTHEAST NOW (Assamese)

গোল্ডেন গ্লোব বঁটা বিজয়ী হলিউডৰ তাৰকা অভিনেত্ৰী ৰাকেল ৱেলছৰ পৰলোকপ্ৰাপ্তি

February 16, 2023 3:36 pm · এন ই নাও নিউজ, গুৱাহাটী

হলিউডৰ তাৰকা অভিনেত্ৰী ৰাকেল ৱেলছৰ পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত আমেৰিকান মডেল অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৮২ বছৰ।হলিউডৰ অভিনেত্ৰীগৰাকীৰ বুধবাৰে মৃত্যু হয়। আমেৰিকান অভিনেত্ৰীগৰাকীক হলিউডৰ আধুনিক সময়ৰ নায়িকা-আধাৰিত একচন চলচ্চিত্ৰৰ বাবে কৃতিত্ব দিয়া হয়।

ৱেলছৰ মেনেজাৰে এটা বিবৃতিত কয় যে অভিনেত্ৰীগৰাকী যোৱা কেইদিনমান ধৰি অসুস্থ হৈ আছিল।

ৰাকেলৰ জন্ম ১৯৪০ চনত তেজাদাত হৈছিল আৰু কেলিফৰ্ণিয়াত তেওঁ ডাঙৰ দীঘল হৈছিল। তাত তেওঁ কিশোৰী সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈছিল।

১৯৬০ৰ দশকত ৰাকেল এগৰাকী আন্তৰ্জাতিকভাৱে আবেদনময়ী মহিলাৰ প্ৰতীক হৈ পৰিছিল। তেওঁ ১৯৬৬ চনৰ ওৱান মিলিয়ন বিচি চলচ্চিত্ৰত বিকিনি পিন্ধা গুহাৰ নাৰীৰ চৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহিছিল।

ৱেলছে ১৯৭৪ চনত “থ্ৰী মাস্কেটিয়াৰ্ছ”ত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে গোল্ডেন গ্লোব বঁটা লাভ কৰিছিল। ১৯৮৭ চনত তেওঁক পুনৰ ‘ৰাইট টু ডাই’ত তেওঁৰ চৰিত্ৰৰ বাবে মনোনীত কৰা হৈছিল।

বাতৰি অনুসৰি, ৱেলছে ৭০ খনতকৈও অধিক চলচ্চিত্ৰ আৰু টিভি অনুষ্ঠানত অভিনয় কৰিছে। দৰাচলতে  কল্পবিজ্ঞান ওপৰত আধাৰিত ‘ফেণ্টাষ্টিক ভয়েজ’ চলচ্চিত্ৰখনৰ মুক্তিৰ পিছত তেওঁৰ কেৰিয়াৰৰ উৰ্দ্ধমুখী যাত্ৰা আৰম্ভ হৈছিল।

Related News