DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Adani Power Deal: বিত্তীয় সংকটত ভুগিছে আদানি গ্ৰুপ! বাতিল ৭০১৭ কোটি টকাৰ অধিগ্ৰহণ চুক্তি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 16, 2023 4:33 pm
129
VIEWS
Share on FacebookShare on Twitter

আদানি গ্ৰুপৰ বাবে ২০২৩ বৰ্ষ একেবাৰে ভালদৰে যোৱা নাই। জানুৱাৰীৰ শেষত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত এইবাৰ ডি বি পাৱাৰ( DB Power) অধিগ্ৰহণত খালে মুখথেকেচা। জানিব পৰা গৈছে যে আদানি গ্ৰুপে আদানি পাৱাৰ আৰু ডি বি পাৱাৰ চুক্তিৰ পৰা আঁতৰি আহিছে। আদানি গ্ৰুপৰ ফালৰ পৰাই অৱশ্যে তথ্য পোৱা গৈছে যে ডি বি পাৱাৰ অধিগ্ৰহণত আদানী গ্ৰুপৰ অন্তিম তাৰিখৰ ম্যাদ উকলি গৈছে। এই চুক্তি সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ আছিল ১৫ জানুৱাৰী।

২০২২-ৰ আগষ্টত আদানি পাৱাৰে ডি বি পাৱাৰ অধিগ্ৰহণৰ কথা ঘোষণা কৰে। কিন্তু শেষত ম্যাদৰ ভিতৰত চুক্তিটো সম্পূৰ্ণ নহ’ল আদানি পাৱাৰৰ। উল্লেখ্য যে এই চুক্তি পূৰ্বে কেইবাবাৰো পিছুৱাই দিয়া হৈছিল। অৱশেষত গ্ৰুপটোৱে অধিগ্ৰহণৰ আশা এৰি দিবলৈ বাধ্য হ’ল।

আদানি পাৱাৰ আৰু ডি বি পাৱাৰৰ মাজত অধিগ্ৰহণ চুক্তিৰ মূল্য আছিল ৭০১৭ কোটি টকা। আৰম্ভণিতে চুক্তিটো সম্পাদন কৰাৰ সময়সীমা আছিল ২০২২ৰ ৩১ অক্টোবৰলৈকে। পিছত ইয়াক নৱেম্বৰলৈকে সম্প্ৰসাৰিত কৰা হৈছিল। সেই কাৰ্যকাল পুনৰ ৩১ ডিচেম্বৰত বৃদ্ধি কৰা হৈছিল আৰু অৱশেষত ইয়াক ১৫ জানুৱাৰীলৈ বৃদ্ধি কৰা হয়। কিন্তু শেষত অধিগ্ৰহণ চুক্তি বাতিল কৰা হয়।

ডি বি পাৱাৰ মধ্য প্ৰদেশৰ দৈনিক ভাস্কৰ গ্ৰুপৰ এটা সহায়ক সংস্থা। বৰ্তমান, বিদ্যুৎ কোম্পানীটোৱে ছত্তীশগড়ৰ জাঞ্জগিৰৰ চম্পা জিলাত 2×600 মেগাৱাট বিদ্যুৎ প্ৰকল্প এটা চলাই আছে। আদানি গ্ৰুপৰ পৰিকল্পনা আছিল ডি বি পাৱাৰ অধিগ্ৰহণৰ জৰিয়তে ছত্তীশগড়ত ইয়াৰ ব্যৱসায় সম্প্ৰসাৰিত কৰা।

আদানি গ্ৰুপে এনে এটা সময়ত অধিগ্ৰহণ বাতিল কৰাৰ সিদ্ধান্ত লৈছে যেতিয়া হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে আদানি সাম্ৰাজ্যক অস্থিৰ কৰি তুলিছে। এই বছৰৰ ২৪ জানুৱাৰীৰ পৰা আদানি গ্ৰুপে কোম্পানীটোৰ শ্বেয়াৰত ১০ লাখ কোটি টকা হেৰুৱাইছে। আদানি এণ্টাৰপ্ৰাইজে শেহতীয়াকৈ অলপ সকাহ পাবলৈ সক্ষম হৈছে যদিও বাকী ষ্টকবোৰে বাল সঁহাৰি প্ৰদৰ্শন কৰা নাই।

আদানি পাৱাৰৰ শেহতীয়া তিনিমাহৰ ফলাফলো আশাব্যঞ্জক নহয়। ২০২২ ডিচেম্বৰৰ কোৱাৰ্টাৰত আদানি পাৱাৰৰ ফলাফল যথেষ্ট হতাশাজনক। কোম্পানীটোৰ মুঠ লাভ ৯৬শতাংশ হ্ৰাস হৈ ৮.৭৭ কোটি টকা হৈছে। কোৱা হৈছে যে কোম্পানীটোৰ বৃহৎ ব্যয়ৰ বাবে মুঠ লাভ হ্ৰাস পাইছে। এবছৰ পূৰ্বে ডিচেম্বৰ কোৱাৰ্টাৰত আদানি পাৱাৰৰ মুঠ লাভ আছিল ২১৮.৪৯ কোটি টকা।

Recent News

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Salman Khan

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd