NORTHEAST NOW (Assamese)

আজি গুৱাহাটীত মা-কামাখ্যাৰ আশীর্বাদ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

December 27, 2020 2:48 pm · এন ই নাও নিউজ
দেওবাৰে কামাখ্যা মন্দিৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ফটো: টুইটাৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে গুৱাহাচীৰ কামাখ্যা মন্দিৰত পূজা আগবঢ়ায়।

শ্বাহে আমিনগাঁৱৰ লোক নিৰ্মাম বিভাগৰ পৰিদৰ্শন বঙলাৰ পৰা প্ৰায় ১০ বজাত নীলাচল পাহাৰৰ ওপৰত অৱস্থিত কামাখ্যা মন্দিৰত উপস্থিত হয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বাহক সংগ দিয়ে।

গৃহমন্ত্ৰীগৰাকীয়ে মন্দিৰৰ গৰ্ভগৃহত তিনিজন পুৰোহিতৰ সৈতে প্ৰৱেশ কৰে। মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিত্তমন্ত্ৰী শৰ্মাই গেটৰ সন্মুখত অপেক্ষা কৰি ৰয়।

অমিত শ্বাহে মন্দিৰ পৰিক্ৰমাও সম্পন্ন কৰে।

উল্লেখ্য যে গৃহমন্ত্ৰী শ্বাহে  তিনিদিনীয়া উত্তৰ-পূব ভ্ৰমণৰ কাৰ্যসূচী লৈ শনিবাৰে পুৱা গুৱাহাটীত উপস্থিত হৈছিল।

গৃহমন্ত্ৰীগৰাকীয়ে শনিবাৰে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে।

দেওবাৰে বিয়লিৰ ভাগত অমিত শ্বাহে চূড়াচান্দপুৰত এখন মেডিকেল কলেজকে ধৰি মণিপুৰত সাতটাকৈ ডাঙৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

তেওঁ লগতে থউবল বান্ধ উদ্বোধন কৰাৰ লগতে বিষ্ণুপুৰ-টুপুল-থউবল-কাছম খুলেন পথটোও ৰাইজৰ বাবে মুকলি কৰিব।

Related News