NORTHEAST NOW (Assamese)

বোকাখাতত ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধকৰ নামত হোমিঅ’পেথিক চিকিৎসকৰ ব্যৱসায়

March 20, 2020 6:18 pm · উত্তম শইকীয়া

বোকাখাতত সাধাৰণ মানুহক ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰদানৰ নামত আভুৱা ভৰি ধন ঘটি অহা অমৃত নাথ নামৰ এজন হোমিঅ’পেথিক চিকিৎসকৰ চেম্বাৰত বৃহস্পতিবাৰে বোকাখাত মহকুমা প্ৰশাসনে অতৰ্কিত তালাচী চলায়।

জানিব পৰা মতে এইগৰাকী স্বয়ম্ভূ হোমিঅ’ চিকিৎসকে নগৰখনৰ ডিফলু পথত থকা চেম্বাৰত দীৰ্ঘ দিনৰ পৰা বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰি অহাৰ লগতে শেহতীয়াকৈ ক’ৰ’না ভাইৰাচৰ প্ৰতিষেধক প্ৰদান কৰিছিল।

প্ৰশাসনৰ তালাচী কালত চিকিৎসকজনে ক’ৰ’না ভাইৰাচৰ প্ৰতিষেধক হিচাবে মানুহক আৰ্চেনিক এলবাম ৩০ প্ৰদান কৰি অহাৰ কথা স্বীকাৰ কৰে।

উল্লেখযোগ্য যে অমৃত নাথে কলকাতাৰ ইনষ্টিটিউট অৱ অল্টাৰনেটিভ মেডিচিনৰ পৰা ইলেক্ট্ৰ’ হোমিঅ’পেথিকৰ চাৰ্টিফিকেট পাঠ্যক্ৰম সম্পন্ন কৰিছিল যদিও হোমিঅ’পেথি কেন্দ্ৰীয় কাউঞ্চিলৰ অধীনত হোমিঅ’পেথিক চিকিৎসকৰ বাবে কৰিব লগা পঞ্জীয়ন নকৰাকৈয়ে সুদীৰ্ঘ দিন মানুহক চিকিৎসা প্ৰদান কৰি আহিছিল।

ইয়াৰ উপৰি অমৃত নাথে প্ৰেচক্ৰিপচন নিদিয়াকৈয়ে দীৰ্ঘদিন ধৰি ৰোগীক ঔষধ প্ৰদান কৰি আহিছিল। বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চলোৱা তদন্তৰ পাছত এই সকলো কথা পোহৰলৈ আহে, ফলত প্ৰশাসনে তেওঁক পঞ্জীয়ন নোহোৱা পৰ্যন্ত ৰোগীক চিকিৎসা প্ৰদান নকৰিবলৈ নিৰ্দেশ দিছে।

Related News