NORTHEAST NOW (Assamese)

অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে সষ্টম দৰং প্ৰশাসন; কেইবাঠাইটো অভিযান

February 23, 2019 10:06 pm ·
প্ৰতিনিধিত্বমূলক চিত্ৰ

গোলাঘাট আৰু যোৰহাট জিলাত সংঘটিত চুলাই ট্ৰেজেদিয়ে অৱশেষত পলমকৈ হ’লেও গা লৰালে দৰং জিলা প্ৰসাশনৰ। ইমান দিনে দেশীয় সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে চকু মুদা কুলিৰ ভাও ধৰি অহা জিলা প্ৰশাসন এতিয়া দৰঙত অব্যাহত উক্ত অসাধু ব্যৱসায়ৰ বিৰুদ্ধে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

প্ৰাপ্ত তথ্য মতে যোৱা দুটা দিনতে জিলাখনৰ মঙলদৈ আৰু ধুলাৰ বিভিন্ন স্থানত চলোৱা অভিযানত প্ৰশাসনে ৬০০ লিটাৰতকৈ অধিক পৰিমাণৰ দেশীয় সুৰা ধ্বংস কৰাৰ লগতে এনে সুৰা প্ৰস্তুতৰ বাবে গোটাই ৰখা বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰে।

দৰঙৰ উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকাই জনোৱা মতে আজি মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত প্ৰফুল্ল নগৰ, বৰুৱাপাৰাকে ধৰি কেইবাঠাইটো আবকাৰী বিভাগ আৰু আৰক্ষীৰ দলে যুটিয়া অভিযান চলাই ৫০০ লিটাৰৰো অধিক এনে সুৰা ধ্বংস কৰে।

ইয়াৰ পুৰ্বে শুকুৰবাৰে মঙলদৈ থানাৰ অন্তৰ্গত ৰামহাৰি আৰু ধুলা আৰক্ষী থানা অন্তৰ্গত টাংনি বাগানকে ধৰি আনকেটবোৰ ঠাইত চলোৱা অভিযানত ১০০ লিটাৰতকৈ অধিক সুৰা ধ্বংস কৰিছিল।

অৱশ্যে এই সম্পৰ্কত এতিয়ালৈকে কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি উপ-পৰিদৰ্শক গৰাকীয়ে জানিবলৈ দিয়ে।

লক্ষণীয়ভাৱে সংবাদ মাধ্যমৰ দ্বাৰা আজি চলোৱা এক অভিযানত দৰং আৰক্ষী আৰু আবকাৰী বিভাগৰ চৰম ব্যৰ্থতা উদঙাই দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বটাবাৰি, কৌপাতি আনকি আক্ষীৰ থানাৰ পৰা মাত্ৰ কেই শ মিটাৰমান আঁতৰত থকা দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমিপতে মুকলিভাৱে এনে অবৈধ ব্যৱসায় চলি থকাৰ বাতৰি পোহৰলৈ আহিছে।

আনহাতে দৰং আৰক্ষীৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত অতি সোনকালেই অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Related News