জীৱন-জীৱিকাৰ তাড়নাই যেন যিকোনো পৰিস্থিতিৰে সৈতে যুঁজিবলৈ বাধ্য কৰায় মানুহক। এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে বজালী জিলাৰ পাঠশালাত।
আজি অসমত অনুষ্ঠিত হৈ যায় দ্বিতীয়টো প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ। প্ৰায় চাৰে সাত হাজাৰ পদৰ বাবে প্ৰায় ১১ লাখ পৰীক্ষাৰ্থীয়ে উক্ত পৰীক্ষাত বহে।
ইয়াৰ মাজতে পোহৰলৈ আহিছে পাঠশালাৰ এটা ঘটনা। শোকগ্ৰস্ত পৰিৱেশৰ মাজতে পৰীক্ষাত বহিল দুই ভাতৃ-ভগ্নী। দেওবাৰে পুৱাই মাতৃৰ বিয়োগ ঘটে ভাতৃ-ভগ্নীহালৰ।
কিন্তু মাতৃৰ মৃতদেহ ঘৰতে থৈ নিযুক্তি পৰীক্ষা দিবলৈ যায় দুই দুই ভাতৃ-ভগ্নী বিশ্বজিৎ দাস আৰু বৰ্ণালী দাস।
জানিব পৰা মতে, মৃত মহিলাগৰাকী ৬০ বছৰীয়া বীৰজা দাস।
পুত্ৰ-কন্যাই প্ৰকাশ কৰিছে যে তেওঁলোকৰ মাতৃয়ে সদায় তেওঁলোকক চৰকাৰী কৰ্মচাৰী হিচাপে চাব বিচাৰিছিল। সেয়ে মাতৃৰ পিছত প্ৰথমে পৰীক্ষা দি তাৰ পিছত তেওঁৰ শেষ ৰীতি-নীতি সম্পন্ন কৰাৰ সিদ্ধান্ত লয় ভাতৃ-ভগ্নীয়ে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি বৃক্কৰ অসুখত ভুগি আছিল মহিলাগৰাকী।