NORTHEAST NOW (Assamese)

আল’ত ভয়ংকৰ কাণ্ড: খাদ্যত বিহ দি বনকৰা যুৱতীয়ে লুটিলে ধন-সোণ

August 2, 2019 7:06 am · মানস প্রতীম গগৈ
প্ৰতিনিধিত্বমূলক ফটো

অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ সদৰ আল’ত বনকৰা যুৱতীয়ে এটি ন-জনীয়া পৰিয়ালক খাদ্যত বিষাক্ত দ্ৰব্য মিহলাই ধন-সোণ লুট কৰাৰ এক সংবাদে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা বুধবাৰৰ পুৱা এই ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, এটা বছৰৰ পূৰ্বে আল’ৰ ন-জনীয়া পৰিয়ালটোৱে পায়েল নামৰ এগৰাকী পঁচিশ বছৰীয়া যুৱতীক বন কৰা লোক হিচাপে ৰাখিছিল।

যোৱা বুধবাৰে পুৱা বন কৰা যুৱতীগৰাকীয়ে খাদ্যত বিষাক্ত দ্ৰব্য মিহলাই পৰিয়ালটোৰ লোকক খাবলৈ দিয়াত উক্ত খাদ্য খাই পৰিয়ালটোৰ সকলো অচেতন হৈ পৰে।

এই সুযোগতে বনকৰা পায়েলে পৰিয়ালটোৰ ধন-সোণ লুট কৰি উধাও হয়।

গুৰুতৰভাৱে অসুস্থ পৰিয়ালটো সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

পৰিয়ালটোৰ এজন সদস্যৰ নাম বাজুম বাগৰা বুলি জানিব পৰা গৈছে।

ঘটনাৰ সন্দৰ্ভত আল’ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত বনকৰা যুৱতীগৰাকীৰ সন্ধান উলিয়াব পৰা নাই ।

Related News