• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িলে? বিচাৰ হ’ব লাগিব!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 15, 2024 7:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজহুৱা আচৰণ আৰু কথা-বতৰা সংবিধানৰ গণ্ডিৰ ভিতৰত থাকিব লাগে।সেইবোৰ সামাজিক আৰু শালীন হ’ব লাগে।কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সেইবোৰ একো নামানে।আমি অতি দুখেৰে লক্ষ্য কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ দৰে পদবীত থকা মানুহজনৰ কথাৰ কোনো লাগবান্ধ নাই। তেওঁ যেতিয়াই যি মন যায় তাকে কয়।

 

মাজতে তেওঁ নিজকে বলীয়া কুকুৰৰ লগতো ৰিজালে।কেনে কথা এইবোৰ? তেওঁৰ কথা এতিয়া চাৰিওফালে ৰাইজৰ ৰসিকতাৰ বিষয় হৈ পৰিছে।সামাজিক মাধ্যমত আৰু অন্য ধৰণেও মানুহে মুখ্যমন্ত্ৰীজনৰ বিষয়ে ঠাট্টা মস্কৰা কৰি যি পায় তাকে ক’বলৈ আৰম্ভ কৰিছে। তেওঁৰ সামাজিক আচৰণ আৰু কথা-বতৰা ৰাজহুৱা উপলুঙাৰ বিষয় হোৱাটো কিমান বেয়া কথা হৈছে? অসমৰ ইতিহাসত ইয়াৰ আগতে কোনো মুখ্যমন্ত্ৰীয়ে এনে ব্যৱহাৰ কৰা নাছিল। গোপীনাথ বৰদলৈৰ পৰা গোলাপ বৰবৰালৈ সেই সন্মানীয় মুখ্যমন্ত্ৰী সকলৰ কথা নকলোলেইবা, হিতেশ্বৰ শইকীয়াই ১৯৮৩ চনত অনুষ্ঠিত হোৱা ৰক্তাক্ত নিৰ্বাচনৰ যোগেদি শাসনলৈ অহা বাবে মানুহে তেওঁক প্ৰথমৰ ফালে বৰ্জন কৰিছিল। বেয়া পাইছিল।কিন্তু শইকীয়াই কেতিয়াও ক’তো কোনো অসংবিধানিক আৰু নিজৰ পদ-মৰ্যাদাহানিকৰ কথা কোৱা নাছিল।

 

তৰুণ গগৈ ডাঙৰীয়া অলপ ভলভলীয়া স্বভাৱৰ মানুহ আছিল। তেওঁ নিঃসংকোচে সকলো কথা কৈছিল। কিন্তু কেতিয়াও সামাজিক সম্ভ্ৰম আৰু সৌজন্যৰ বাহিৰলৈ যোৱা নাছিল। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কথাই মাছ বজাৰৰ ভাষাও চেৰাই গৈছে। সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে কোৱা দুটা কথা চাৰিওফালে আলোচনাৰ বিষয় হৈ পৰিছে। তাৰে এটা হৈছে Flood Jehad আৰু আনটো হৈছে তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ জ্যামিতিক হাৰত বৃদ্ধি পোৱা সা-সম্পত্তি আৰু ব্যৱসায় সম্পৰ্কে তেওঁ কৰা মন্তব্য।

যোৱা পাঁচ আগষ্টত আবেলি হোৱা এজাক ডাঙৰ বৰষুণে গুৱাহাটীৰ কি অৱস্থা কৰিছিল সেইটো সকলোৰে মনত আছে।ৰাইজে যেতিয়া গুৱাহাটীৰ বানত জীয়াতু ভুগি আছিল তেতিয়া কিন্তু বহুবল্কী মুখ্যমন্ত্ৰীজন নিশ্চুপ হৈ আছিল।ঘটনাৰ সম্পূৰ্ণ ২৪ ঘন্টা পাৰ হোৱাৰ পাছতহে তেওঁ মুখ মেলিছিল।তেতিয়া তেওঁ গুৱাহাটীৰ বানপানীৰ বাবে জগৰীয়া কৰিছিল মেঘালয়ৰ ন মাইলত থকা মহবুবুল হকৰ ERD Foundationৰ University of Science and Technologyক। তেওঁৰ মতে পাহাৰ খান্দি বিশ্ববিদ্যালয় পাতি USTMএ ইচ্ছাকৃতভাৱে গুৱাহাটীত Flood Jehad কৰিছে। তাৰপিছত USTM ৰ বিৰুদ্ধে তেওঁ নানা কটু কথা ক’বলৈ আৰম্ভ কৰিলে। বিশ্ববিদ্যালয়খনৰ গেটখনক মক্কাৰ লগত ৰিজালে, আৰু কত কি? তেওঁৰ সমৰ্থক সকলেও তাত উজান দিলে। মানে তেওঁৰ মতে গুৱাহাটীৰ বানৰ বাবেও প্ৰাকে প্ৰকাৰে এজন মুছলমানহে জগৰীয়া।এইখিনিতে এটা স্পষ্টীকৰণ দি থোৱা ভাল। USTM-ৰ নিৰ্মাণ কাৰ্যই যে স্থানীয়ভাৱে অঞ্চলটোৰ পৰিবেশ নষ্ট কৰিছে তাত কোনো সন্দেহ নাই।বিশ্ববিদ্যালয়খনৰ শৈক্ষিক মান সম্পৰ্কেও প্ৰশ্ন উত্থাপন হ’ব পাৰে।কিন্তু যোৱা সময়ছোৱাত আমি কি দেখিছোঁ? আমাৰ প্ৰায়বোৰ মুধাফুটা অধ্যাপকেই অৱসৰৰ পিছত তাত জানো এবাৰ নহয় এবাৰ ঘাটা নামাৰে!

 

বিশ্ববিদ্যালয় হিচাপে USTM কেনে বা ব্যক্তিগত মালিকানাধীন তেনে আন বিশ্ববিদ্যালয় বোৰ কেনে? সেইটো বেলেগ এক অধ্যায়।কিন্তু গুৱাহাটীত বানপানী সৃষ্টিৰ কাৰণ ERD Foundationৰ USTM বুলি কোৱাটো গছত গৰু উঠা হোলোঙাৰে কান বিন্ধোৱাৰ দৰে এটা অদ্ভুৎ কথা। অথচ মুখ্যমন্ত্ৰীয়ে নিজৰ অকৰ্মণ্যতা ঢাকিবৰ কাৰণে তেনে অদ্ভুৎ কথা কৈছে। তাৰপিছত আহিল মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ কথা।আগতেও তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাখন বহুতেই জানিছিল যদিও নামী বেনামীৰ প্ৰশ্নত কথাবোৰ ৰাজহুৱা কৰিবলৈ সাহস কৰা নাছিল।এতিয়া তেওঁ মুখ খোলাৰ পিছত আনেও মুখ খুলিছে। কথাবোৰ ৰাজহুৱা হৈছে। তাৰ কিমান সঁচা কিমান মিছা সঠিককৈ ক’ব নোৱাৰিলেও এটা কথা স্পষ্ট যে হিমন্তবিশ্বৰ ৰাজনৈতিক জীৱন দীঘলীয়া হোৱাৰ সমানুপাতিকভাবে তেওঁৰ পৰিয়ালৰ সা- সম্পত্তিৰ তালিকাও দীঘলীয়া হৈ গৈ আছে। এতিয়া তেওঁ কৈছে যে তেওঁৰ পত্নীৰ নামত থকা সকলো সম্পত্তি হেনো অসমৰ ৰাইজৰ সম্পত্তি।

 

কিন্তু আমাৰ প্ৰশ্ন, তেওঁৰ পৰিয়ালৰ সম্পত্তি বঢ়াত তেওঁ ইমানদিনে ক্ষমতাত থকা পদবীৰ সম্পৰ্ক আছেনে নাই? তাৰ বিচাৰ হ’বনে নহ’ব? তেওঁৰ পৰিয়ালৰ সকলো সম্পত্তি বৈধনে অবৈধ? তাৰপিছত পৰিয়ালৰ সম্পত্তি ৰাইজক গটোৱাৰ কথা আহিল। বৰ ভাল কথা। এইখিনিতে আমি এটা কথা মনত পেলাব পাৰোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম নেতা মতিলাল নেহৰুৰ এলাহাবাদৰ প্ৰয়াগৰাজত থকা বিশাল আনন্দ ভৱন, পিছলৈ স্বৰাজ ভৱন নেহৰু-গান্ধী পৰিয়ালে দেশৰ হকে উছৰ্গা কৰিছিল।

 

যদি তেওঁৰ পত্নীৰ সকলো সম্পত্তি ৰাইজৰ সম্পত্তি, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পৰিয়ালেও তেওঁলোকৰ সমগ্ৰ সম্পত্তি অসম চৰকাৰক গতাই দিয়ক। তেতিয়া আমিও বিশ্বাস কৰিম যে মুখ্যমন্ত্ৰীৰ কথা আৰু কামৰ মাজত মিল আছে। অন্যথা আমি ভাবিম এইবোৰ গুৱাহাটীৰ প্ৰলয়ংকাৰী বানৰ পৰা ৰাইজৰ দৃষ্টি অন্য ফালে নিয়াৰ এক সুচতুৰ কৌশল।কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাৰ সুৰ সলনি হ’লেই।তেওঁৰ সম্পত্তি তেওঁ কিয় ৰাইজক দিব বুলি তেওঁ লুটিবাগৰ মাৰিলেই। গুৱাহাটীৰ বানপানীৰ বাবেও তেওঁ এইবাৰ জোৰাবাটলৈ আহিল।আমাৰ কথা- গুৱাহাটীৰ বানপানী সমস্যা সমাধানৰ দায়িত্ব চৰকাৰৰ। তাৰপৰা তেওঁলোকে মূৰপোলোকা মাৰিব নোৱাৰিব।আৰু হিমন্তবিশ্ব শৰ্মাৰ পৰিয়ালে কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িলে ? তাত মুখ্যমন্ত্ৰী হিচাপে হিমন্তবিশ্বৰ হাত আছেনে নাই? তাৰো বিচাৰ হ’ব লাগিব।ৰাইজ লাগি থাকক। এইবাৰ এওঁক এৰি নিদিব

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

September 5, 2025 8:30 am
আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

September 5, 2025 7:37 am
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান বাতিল কৰাৰ সিদ্ধান্ত অবৈধ; জনালে আমেৰিকাৰ আদালতে

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান বাতিল কৰাৰ সিদ্ধান্ত অবৈধ; জনালে আমেৰিকাৰ আদালতে

September 5, 2025 7:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

September 5, 2025 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd