• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিশ্যন কাশ্মীৰ : জুনতেই আৰম্ভ হৈছিল প্ৰস্তুতি; কেনেদৰে ৰূপায়ন কৰা হ’ল গোপন পৰিকল্পনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2019 2:29 pm
Prime-Minister-Narendra-Modi-and-BJP-national-president-Amit-Shah-2-770x433 Amit Shah declares deadline for expelling 'every infiltrator' from India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী চৰৰকাৰে জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰিলে।

ঐতিহাসিক এই সিদ্ধান্তৰ পূৰ্বেই এক ‘চাছপেন্স’ সৃষ্টি হৈছিল কিয়নো উপত্যকাটোত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লা তথা মেহবুবা মুফটিক গৃহবন্দী কৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল।

Apply Now

সোমবাৰে গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত সকলো কথা মুকলিকৈ কৈছে।

প্ৰকৃততে, প্রধান মন্ত্রী নৰেন্দ্র মোদীৰ মিশ্যন কাশ্মীৰৰ আৰম্ভণি জুন মাহৰ তৃতীয় সপ্তাহৰ পৰাই আৰম্ভ হৈছিল।

মোদীয়ে ১৯৮৭ বৰ্ষৰ ছত্তীশগড়ৰ কেডাৰৰ আইএএছ বিষয়া বি বি আৰ সুব্ৰমনিয়ামক জম্মু-কাশ্মীৰৰ মুখ্য সচিৱ পদত নিযুক্তি দিছিল।

সুব্ৰমনিয়াম পূৰ্বে প্ৰধান মন্ত্ৰী কাৰ্যালয়ত যুটীয়া সচিব পদত থাকি প্ৰধান মন্ত্ৰীৰ সৈতে কাম কৰিছিল।

মোদীৰ মিশ্যন কাশ্মীৰৰ মূল টীমৰ অন্যতম আছিল সুব্ৰমনিয়াম।

Home-Minister-Amit-Shah
৫ আগষ্টত কাশ্মীৰ প্ৰসংগত বিধেয়ক উত্থাপনৰ পূৰ্বে অমিত শ্বাহ সতীৰ্থৰ সৈতে।

মিশ্যন কাশ্মীৰৰ সকলো কামৰ সৰ্বময় দায়িত্ব দিয়া হৈছিল গৃহ মন্ত্ৰী অমিত শ্বাহক।

অমিত শ্বাহে আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ সৈতে মিলি তেওঁৰ এই অভিযানৰ মূল টীমটোৰ সৈতে আইনী দিশবোৰৰ পৰ্যালোচনা কৰিছিল।

উক্ত টীমটোত আছিল আইন আৰু ন্যায় বিভাগৰ সচিব আলোক শ্ৰীবাস্তৱ, আইন বিভাগৰ অতিৰিক্ত সচিব (গৃহ মন্ত্ৰালয়) আৰ এছ বাৰ্মা, এটৰ্ণি জেনেৰেল কে কে বেনুগোপাল, কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গাবা আৰু কাশ্মীৰৰ পৰা নিৰ্বাচিত কৰা তেওঁৰ নিজৰ টীমটো।

অমিত শ্বাহে বাজেট অধিৱেশনৰ পূৰ্বেই আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত আৰু তেওঁৰ সহযোগী ভায়াজী যোশীক ধাৰা ৩৭০ প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক দুখন পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্যত ভাগ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ চিন্তাৰ বিষয়ে অৱগত কৰিছিল।

আইনী পৰামৰ্শ গ্ৰহণ কৰাৰ পাছত গৃহ মন্ত্ৰী শ্বাহে ধাৰা ৩৭০ প্ৰত্যাহাৰৰ পাছত উদ্ভৱ হ’ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতি সম্পৰ্কে চৰ্চা আৰম্ভ কৰে।

সূত্ৰ অনুসৰি, তেওঁ প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে এলানি বৈঠকত মিলিত হৈছিল।

অমিত শ্বাহে নিজেই এবাৰ কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ পাছত ডোভালক সুৰক্ষা দিশৰ পৰা সমীক্ষাৰ বাবে উপত্যকাটোলৈ প্ৰেৰণ কৰে।

তিনিদিন ধৰি ডোভাল তাত বাহৰ পাতি থাকিল। ইয়াৰ পাছতে ২৬ জুলাইত অমৰনাথ যাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়।

উপত্যকাটোত সকলো পৰ্যটকক বাহিৰলৈ ওলাই যাবলৈ পৰামৰ্শও ডোবালেই আগবঢ়াইছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় অৰ্দ্ধ সামৰিক বাহিনী ১০০ টা কোম্পানী নিয়োগ কৰি সুৰক্ষা বেষ্টনি গঢ়ি তোলাৰ বাবে মঞ্জুৰি দিয়া হৈছিল।

merlin_134725104_b5b87f80-0aef-428e-a143-a94cdb52d961-articleLarge
কাশ্মীৰত সষ্টম সুৰক্ষা বাহিনী।

আনহাতে, জম্মু-কাশ্মীৰৰ মুখ্য সচিব সুব্ৰমনিয়ামে গ্ৰাউণ্ড জিৰ’ৰ পৰা সমগ্ৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিছিল।

এই প্ৰতিবেদনৰ ভিত্তিতে আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনী আৰু প্ৰশাসনিক শীৰ্ষ বিষয়াই ছেটেলাইট ফোন ব্যৱহাৰ কৰা, স্পৰ্শকাতৰ চহৰ তথা গ্ৰাম্য এলেকাত তহলদাৰী সুৰক্ষা দলৰ নিয়োগ তথা নিয়ন্ত্ৰণ ৰেখাত সেনাৰ চকী বৃদ্ধি কৰাৰ দৰে পদক্ষেপ লোৱা হৈছিল।

৪ আগষ্টত মুখ্য সচিবে জম্মু-কাশ্মীৰৰ আৰক্ষী মহানিৰ্দেশক দিলবাগ সিঙক কেইটামান কঠিন পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিছিল।

উক্ত নিৰ্দেশত আছিল শীৰ্ষ নেতাৰ গ্ৰেপ্তাৰ, মোবাইল আৰু লেণ্ডলাইন সেৱা বাতিল, ১৪৪ ধাৰা জাৰি কৰা আৰু উপত্যকাতটোত সান্ধ্য আইনৰ সময়ছোৱাত সুৰক্ষা বাহিনীৰ তহল বৃদ্ধি কৰা আদি।

ইয়াৰ পূৰ্বে নতুন দিল্লীত অমিত শ্বাহে  নিজৰ আৰু এটা  শীৰ্ষ  টীমক কামত লগাইছিল য’ত ৰাজ্যসভাৰ সদস্য অনিল বলুনি আৰু ভূপেন্দ্ৰ যাদৱো আছিল।

উক্ত দলটোক বিজেপিৰ সংখ্যা গৰিষ্ঠতা নথকা ৰাজ্যসভাৰ সদস্যসকলৰ সমৰ্থন আদায়ৰ কাম দিয়া হৈছিল।

এই দলটোৱে তেলেগু দেশম পাৰ্টিৰ ৰাজ্যসভাৰ সদস্যসকলৰ মাজত বিভাজন কৰে আৰু সমাজবাদী পাৰ্টিৰ সাংসদ নীৰজ শেখৰ, সুৰেন্দ্ৰ নাগৰ, সঞ্জয় শেঠ আৰু কংগ্ৰেছ সাংসদ সঞ্জয় সিঙক ৰাজ্যসভাৰ পৰা পদত্যাগৰ ব্যৱস্থা কৰে।

ইয়াৰ পাছতে ৰাজ্যসভাত বিজেপিৰ শক্তি বৃদ্ধি পায়। তদুপৰি, ইয়াৰ মাজতে দলটোৱে বহুজন সমাজ পাৰ্টিৰ নেতা সতীশ মিশ্ৰৰ সমৰ্থনো আদায় কৰিবলৈ সক্ষম হয়।

অমিত শ্বাহে তাৰ মাজতে গৃহ মন্ত্ৰালয়ৰ সৈতে সম্পৰ্ক ৰখা একাংশ সাংবাদিকৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। সাংবাদিকসকলক এই গোপন পৰিকল্পনাৰ সন্দৰ্ভত ৫ আগষ্টত ৰাজ্যসভাত উত্থাপন নকৰালৈকে বাতৰিসমূহ সাৱধানে কৰিবলৈ আহ্বান জনায়।

সূত্রসমূহে জানিবলৈ দিয়া মতে ২ আগষ্টতে অমিত শ্বাহ নিশ্চিত হৈছিল যে তেওঁৰ দলে ৰাজ্যসভাত পৰ্যাপ্ত সমৰ্থন লাভ কৰিব। সেয়েহে, সোমবাৰে ৰাজ্যসভাত এই ‘ঐতিহাসিক’ বিধেয়ক উত্থাপন কৰা হয়।

সূত্ৰসমূহে লগতে জনায় যে মোদী আৰু শ্বাহে সোমবাৰে মন্ত্ৰী পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা মন্ত্ৰীসকলক মিশ্যন কাশ্মীৰৰ সৱিশেষ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেইদৰে সদন আৰম্ভ হোৱাৰ আগেয়ে এই সন্দৰ্ভত প্ৰস্তাৱ গৃহীত কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd