• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

পণ্ডিত নেহৰুৰ বিচক্ষণ ৰাষ্ট্ৰনীতি আৰু বৰ্তমান চৰকাৰৰ বিপৰ্যস্ত সোপাঢিলা বৈদেশিক নীতি

দুদুলমণি শৰ্মা by দুদুলমণি শৰ্মা
March 9, 2026 1:26 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ডাঃ ঝিভাগো”। বিংশ শতিকাৰ এখন বিখ্যাত উপন্যাস। লেখক প্ৰখ্যাত ৰুছ সাহিত্যিক বৰিছ পাষ্টেৰনাক। ১৯৫৮ চনত এই কিতাপখনৰ বাবে পাষ্টেৰনাকক নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। কিন্তু পাষ্টেৰনাকক ছোভিয়েট ৰাছিয়াৰ চৰকাৰে বঁটা গ্ৰহণ কৰিবলৈ অনুমতি দিয়া নাছিল। ইতিমধ্যে সমগ্ৰ ৰাছিয়াত কিতাপখন নিষিদ্ধ  কৰা হৈছে। কিতাপখনৰ বিৰুদ্ধে আপত্তি আছিল তাত ৰাষ্ট্ৰৰ মতাদৰ্শতকৈ ব্যক্তি স্বাতন্ত্ৰ্যৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হৈছে। আনকি মস্কোৰ চৰকাৰী লেখক সংঘ “ইউনিয়ন অৱ ছোভিয়েট ৰাইটাৰ্ছ”এ পাষ্টেৰনাকক ৰাছিয়াৰপৰা বহিস্কাৰৰো দাবী জনালে। সেই সময়ত ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰ প্ৰধান আছিল নিকিটা খ্ৰুছেভ। উল্লেখযোগ্য যে ডাঃ ঝিভাগো কিতাপখন প্ৰথম প্ৰকাশ হৈছিল ইটালীত, ১৯৫৭ চনত। আৰু নলিনীধৰ ভট্টাচাৰ্যই কৰা ইয়াৰ অসমীয়া অনুবাদ প্ৰকাশ পাইছিল ২০০৭ চনত। প্ৰকাশক আছিল অসম প্ৰকাশন পৰিষদ। অতি সাৱলীল অনুবাদ।

ইতিমধ্যে বৰিছ পাষ্টেৰনাকৰ দেশান্তৰৰ বিৰুদ্ধে আৰু তেওঁক যাতে নোবেল বঁটা গ্ৰহণ কৰিবলৈ অনুমতি দিয়া হয় তাৰ বাবে হেঁচা দিবলৈ বিভিন্ন দেশৰ লেখক-সাহিত্যিকসকল একগোট হৈছিল। এইসকলৰ গুৰি ধৰিছিল প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আৰু দাৰ্শনিক অলডুছ হাক্সলি (১৮৯৪-১৯৬৩) আৰু “এনকাউন্টাৰ” নামৰ এখন বিখ্যাত আলোচনীৰ প্ৰতিষ্ঠাপক-সম্পাদক, কবি ষ্টিফেন স্পেণ্ডাৰ (১৯০১-১৯৯৫)। সেই সময়ত জৱাহৰলাল নেহৰু আছিল আমাৰ দেশৰ প্ৰধানমন্ত্ৰী।

Apply Now

ৰাজনীতিবিদ আৰু মুক্ত চিন্তাৰ প্ৰচাৰক হিচাপে বিশ্বজুৰি তেওঁৰ এটা সুনাম আছিল। হাক্সলি আৰু স্পেণ্ডাৰে নেহৰুক লগ ধৰি তিনিটা অনুৰোধ জনাইছিল। ইয়াৰে প্ৰথমটো আছিল পাষ্টেৰনাকৰ সমৰ্থনত গঢ়া আন্তৰাষ্ট্ৰীয় সমিতিখনৰ তেওঁ যাতে  সভাপতি হয়। আৰু বাকী দুটা আছিল পাষ্টেৰনাকক নোবেল বঁটা গ্ৰহণৰ অনুমতি দিবলৈ আৰু তেওঁৰ বিৰুদ্ধে থকা দেশান্তৰৰ প্ৰস্তাৱ উঠাই ল’বলৈ খ্ৰুছেভক সৈমান কৰোৱা। উল্লেখযোগ্য যে খ্ৰুছেভৰ সৈতে নেহৰুৰ সম্পৰ্ক আছিল অতি মধুৰ। নেহৰুৱে খ্ৰুছেভক পাষ্টেৰনাকৰ বিৰুদ্ধে থকা দেশান্তৰৰ প্ৰস্তাৱ উঠাই ল’বলৈ ৰাজী কৰাইছিল। কিন্তু নোবেল বঁটা গ্ৰহণৰ অনুমতি দিবলৈ খ্ৰুছেভ মান্তি নহ’ল। পিছত অৱশ্যে খ্ৰুছেভে পাষ্টেৰনাকৰ বিৰুদ্ধে লোৱা তেওঁৰ অৱস্থান ভুল বুলি স্বীকাৰ কৰিছিল। অৱশেষত মিখাইল গৰ্বাচেভৰ দিনতহে কিতাপখনৰ বিৰুদ্ধে থকা নিষিদ্ধকৰণৰ প্ৰস্তাৱ উঠাই লোৱা হৈছিল আৰু ১৯৮৯ চনত মৰণোত্তৰভাৱে পাষ্টেৰনাকক নোবেল বঁটা প্ৰদান কৰা হৈছিল।

এই ঘটনাটোৰ বিষয়ে মই জানিব পাৰিছিলোঁ অলপতে ইউটিউবত পোৱা এটা বক্তৃতানুষ্ঠানত। বক্তৃতাটো প্ৰদান কৰিছিল দেশৰ এগৰাকী প্ৰখ্যাত কবি-সাহিত্যিক অশোক বাজপায়ীয়ে। তেখেত ভূপালৰ ভাৰত ভৱনৰো প্ৰতিষ্ঠাপক আছিল। যোৱা বছৰ ১৭ জানুৱাৰীত নতুন দিল্লীৰ জৱাহৰ ভৱনত “নেহৰুৰ উত্তৰাধিকাৰৰ পুনৰদৰ্শন” শীৰ্ষক এটা আলোচনাত ভাগ লৈ তেখেতে এইখিনি কথা উল্লেখ কৰিছিল।

তেখেতে সেইদিনা আৰু এটা ঘটনাৰ কথা কৈছিল। ১৯৬০ চনৰ কথা। প্ৰখ্যাত মনীষী লিও টলষ্টয়ৰ ৫০সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপনৰ এটি অনুষ্ঠান দিল্লীত আয়োজন কৰা হৈছিল। সেইদিনা বাজপায়ী নিজে তাত উপস্থিত আছিল। তেওঁ তেতিয়া দিল্লীৰ চেইন্ট ষ্টিফেন্চ কলেজৰ ইংৰাজীৰ ছাত্ৰ, এম এ শ্ৰেণীৰ। অনুষ্ঠানটিত অংশ গ্ৰহণ কৰিছিল ষ্টিফেন স্পেণ্ডাৰ আৰু আন কেবাগৰাকী বিদগ্ধ পণ্ডিতে আৰু মুকলি কৰিছিল নেহৰুৱে। নেহৰু সেইদিনা সভাখনলৈ আহোঁতে দুই মিনিট পলম হৈছিল। তেওঁ বক্তৃতা দিবলৈ উঠিয়েই পলমকৈ অহাৰ বাবে ক্ষমা খুজি কৈছিল যে ঔৰংগাবাদৰ পৰা আহোঁতে তেওঁৰ অলপ দেৰি হ’ল আৰু তাৰ বাবে তেওঁ সঁচাকৈয়ে দুঃখিত। সকলোৱে ভাবিছিল তেওঁ চাগৈ এতিয়া ঔৰংগাবাদৰ ভ্ৰমণৰ বিষয়েহে ক’ব। কাৰণ ইতিমধ্যে নেহৰুৰ যথেষ্ট বয়স হৈছিল। জীৱনৰ প্ৰায় অন্তিম পৰ্বত তেওঁ উপনীত হৈছিল। নেহৰুৱে পলম হোৱাৰ বিষয়ে মাত্ৰ উল্লেখ কৰি টলষ্টয়ৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিছিল। আৰু শেষত তেওঁ কৈছিল, পৃথিৱীত দুই প্ৰকাৰৰ মহানতা আছে। প্ৰথম প্ৰকাৰৰ মহানতা হ’ল যেতিয়া আপুনি অনুভৱ কৰে এই পৃথিৱীৰ বিশালতাৰ তুলনাত আপুনি কিমান তুচ্ছ আৰু ক্ষুদ্ৰ! দ্বিতীয় প্ৰকাৰৰ মহানতা হ’ল জীৱনৰ অভিজ্ঞতা আৰু অংশ গ্ৰহণৰ জৰিয়তে যেতিয়া এজন ব্যক্তিয়ে নিজৰ ব্যক্তিত্বৰ বিকাশ আৰু উত্তৰণ ঘটায়। টলষ্টয়ৰ মহানতা আছিল দ্বিতীয় প্ৰকাৰৰ মহানতা। এইবুলি কৈ নেহৰুৱে নিজৰ ভাষণ সামৰিছিল। সভাখনত উপস্থিত সকলোৱে হাত চাপৰিৰে নেহৰুক সমৰ্থন জনাইছিল।

শেষত যেতিয়া স্পেণ্ডাৰে ভাষণ দিবলৈ উঠিছিল, তেওঁ এটাই কথা কৈছিল, এনকাউন্টাৰৰ সম্পাদক হিচাপে মই পৃথিৱীৰ বহু কেইগৰাকী ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক লগ পাইছোঁ। কিন্তু এই কথা মই ডাঠি ক’ব পাৰোঁ যে বৰ্তমান বিশ্বত এনেকুৱা এজনো নেতা নাই যিয়ে নেহৰুৱে আজি যিদৰে বক্তৃতা দিলে ঠিক তেনেদৰে ক’ব পাৰিব। বাজপায়ীয়ে লগতে এইটোও উল্লেখ কৰিছিল যে নেহৰুৱে কেনেদৰে পাষ্টেৰনাকৰ সৃষ্টিশীলতা আৰু জীৱনক বিপৰ্যয়ৰ গৰাহৰপৰা ৰক্ষা কৰিছিল সেই বিষয়ে পাষ্টেৰনাকৰ পুতেক আৰু ভাৰতৰ এগৰাকী প্ৰখ্যাত সাংস্কৃতিক কৰ্মী আৰু লেখিকা পুপুল জয়কাৰে স্থানান্তৰত উল্লেখ কৰিছে।

ভাষণটোত বাজপায়ীয়ে নেহৰুৰ উত্তৰাধিকাৰৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আৰু কেবাটাও গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে উল্লেখ কৰিছিল। এখন সদ্য স্বাধীনতা প্ৰাপ্ত দেশ। সমুখত প্ৰত্যাহ্বান বহুত। দেশত সাক্ষৰতাৰ হাৰ মাত্ৰ ৯ শতাংশ। ইতিমধ্যে দেশ দুভাগত বিভক্ত আৰু ৰক্তাক্ত। তাৰ উপৰি আছে পাকিস্তানৰ দৰে ভাৰতকো হিন্দু ৰাষ্ট্ৰ কৰাৰ হেঁচা। এনে এক অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বহুত্ববাদৰ লগতে দেশৰ অখণ্ডতা আৰু একতা বৰ্তাই ৰখা, বিজ্ঞান প্ৰযুক্তি আৰু ঔদ্যোগীকৰণৰ বিকাশৰ জৰিয়তে দেশক এখন আধুনিক ৰাষ্ট্ৰৰূপে গঢ়ি তোলাই আছিল নেহৰুৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। একে সময়তে বাজপায়ীয়ে তেওঁৰ ভাষণটোত নেহৰুৰ বিচাৰ ধাৰাত গান্ধীৰ প্ৰভাৱ, ইতিহাসৰ বিকৃতিকৰণ, আদিৰ বিষয়েও সুন্দৰভাৱে আলোচনা কৰিছিল। দেশত অজ্ঞান আৰু মিথ্যাচাৰৰ ইমান বহুল প্ৰচাৰ দেখি তেওঁ অত্যন্ত বিচলিত হৈছিল।

মই এইখিনি কথাৰ অৱতাৰণা কৰাৰ কাৰণ এটাই। যিখন দেশত জৱাহৰলাল নেহৰুৰ দৰে এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, পণ্ডিত, আৰু চিন্তাশীল ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰি ছশবছৰীয়া ঔপনিবেশিকতাৰ পৰা সদ্যমুক্ত এখন দৰিদ্ৰ আৰু অনগ্ৰসৰ দেশক কেৱল আগুৱাই নিয়াই নহয়, শীতল যুদ্ধৰ সময়ত গোষ্ঠীনিৰপেক্ষতাৰ পৃষ্ঠপোষকতা কৰি আন্তৰ্জাতিক প্ৰেক্ষাপটতো ভাৰতবৰ্ষক উজ্বলাই তুলিবলৈ সক্ষম হৈছিল, আজি সেইখন দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ দিনতে দেশৰ বৈদেশিক নীতিৰ কেনে কৰুণ পৰিণতি হৈছে সেই বিষয়ে আলোচনা কৰা।

কেইটামান উদাহৰণেৰে মই বিষয়টো আলোচনা কৰিব বিচাৰিছোঁ।

ইৰাণৰ সৈতে ভাৰতৰ সম্পৰ্ক দীৰ্ঘদিনীয়া, অতি সৌহাৰ্দ্যমূলক আৰু বন্ধুত্বপূৰ্ণ। পাকিস্তানৰ সৈতে সীমা বিবাদত ইৰাণ সদায় ভাৰতৰ পক্ষত আছিল। ২০২৩ চনত ভাৰতে আফগানিস্থান আৰু এচিয়াৰ আন গুৰুত্বপূৰ্ণ দেশসমূহৰ সৈতে শক্তিকে ধৰি বিভিন্ন বাণিজ্যিক খণ্ডৰ বিকাশৰ অৰ্থে ইৰাণৰ লগত চাহাবাৰ বন্দৰৰ উন্নীতকৰণৰ এক দহ বছৰীয়া চুক্তি স্বাক্ষৰ কৰিছিল আৰু সেই অনুসৰি মাত্ৰ যোৱা বছৰ আগষ্ট মাহত ১০০০ কোটিৰো অধিক টকা বিনিয়োগ কৰিছিল। আনকি যোৱা বছৰ ভাৰত-পাক সংঘাতৰ পিছত আমাৰ দেশে ইৰাণৰ মাজেদিয়েই ইউৰোপ আৰু অন্যান্য দেশলৈ বিমান চলাচল অব্যাহত ৰাখিছিল। সেইখন দেশৰ সৰ্বোচ্চ নেতা আলি খোমেইনীক যোৱা ২৮ ফেব্ৰুৱাৰীৰ দিনা ইজৰায়েল আৰু আমেৰিকাই সম্পূৰ্ণ অপ্ৰৰোচিতভাৱে বোমা বৰ্ষণ কৰি হত্যা কৰে। এই বৰ্বৰ ঘটনাৰ নিন্দা কৰাতো বাদেই, খোমেইনীৰ মৃত্যুত শোক প্ৰস্তাৱ ল’বলৈকো আমাৰ দেশে সময় ল’লে এসপ্তাহৰো অধিক কাল।

যোৱা ৪ মাৰ্চত ভাৰতৰ পৰা ১৮০ গৰাকী ইৰাণী নৌ সেনাৰ এখন জাহাজ ইৰাণলৈ বুলি ৰাওনা হৈছিল। আইৰিছ ডেনা নামৰ এই জাহাজখনক শ্ৰীলংকাৰ ওচৰত আমেৰিকাৰ চাবমেৰিনে আক্ৰমণ কৰে। শ্ৰীলংকাৰ নৌবাহিনীয়ে জাহাজখনৰ পৰা এতিয়ালৈকে ৮৭টা মৃতদেহ আৰু ৩২ গৰাকীক জীৱন্তে উদ্ধাৰ কৰে। দুৰ্ভাগ্যজনক কথা, আমাৰ দেশে আজিলৈকে এই ঘটনাৰ নিন্দা পৰ্যন্ত নকৰিলে। মধ্য প্ৰাচ্যৰ বিবদমান বিষয়সমূহত আমাৰ দেশে কেতিয়াও ইমান পক্ষপাতমূলক অৱস্থান লোৱা নাছিল। কিন্তু এইবাৰ  প্ৰথম দেখা গ’ল, ভাৰতে স্পষ্টভাৱে যুদ্ধবাজ ইজৰায়েলৰ পক্ষ লৈছে। সৌ সিদিনা প্ৰধানমন্ত্ৰী মোদী ইজৰায়েললৈ গৈ দৃঢ়তাৰে ঘোষণা কৰিলে, ইজৰায়েল হ’ল ফাদাৰলেণ্ড আৰু ভাৰত মাদাৰলেণ্ড। এই ঘোষণাৰ ঠিক পিছতেই ইজৰায়েল আৰু আমেৰিকাই যৌথভাৱে ইৰাণ আক্ৰমণ কৰে।

যোৱা ৬ মাৰ্চ তাৰিখে আমেৰিকাই সদম্ভে ঘোষণা কৰিলে আমি ভাৰতক ৰাছিয়াৰ পৰা তেল কিনিবলৈ ৩০ দিনৰ বাবে অনুমতি প্ৰদান কৰিছোঁ। জানিব পৰা মতে হৰমুজ প্ৰণালীৰে ইৰাণে একমাত্ৰ ৰাছিয়া আৰু চীনৰ বাহিৰে আন কোনো দেশৰেই খাৰুৱা তেল পৰিবাহী জাহাজ পাৰ হৈ যাবলৈ দিয়া নাই। এই পৰিস্থিতি অব্যাহত থাকিলে অতি সোনকালেই আমাৰ দেশত ইন্ধনৰ নাটনি হ’ব আৰু তাৰ বিষময় ফল সমগ্ৰ দেশবাসীয়ে ভুগিব লাগিব। যোৱা বছৰ মে’ মাহত আৰম্ভ হোৱা ভাৰত- পাক যুদ্ধৰ অৱসান ঘটোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা বুলি এতিয়ালৈকে কিমানবাৰ ক’লে তাৰ সীমা-সংখ্যা নাই। মোদীয়ে কিন্তু আজিলৈকে স্পষ্টভাষাত তাৰ প্ৰতিবাদ নকৰিলে।

ভাৰত আমেৰিকাৰ বাণিজ্য ক্ষেত্ৰত আমেৰিকাই কেনেদৰে একপক্ষীয়ভাৱে শুল্কৰ হাৰ নিৰ্ধাৰণ কৰি আহিছে সেয়াও সকলোৱে জনা কথা। আমাৰ ওচৰ-চুবুৰীয়া প্ৰায় প্ৰতিখন দেশৰ লগতে ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ সম্প্ৰতি অৱনতি ঘটা পৰিলক্ষিত হৈছে। চীনৰ সৈতে সীমা বিবাদৰ অৱসানৰ ক্ষেত্ৰতো আমাৰ দেশে এক সুদৃঢ় অৱস্থান লোৱা পৰিলক্ষিত নহ’ল। এয়াই হ’ল প্ৰধানমন্ত্ৰী মোদীৰ দিনৰ আমাৰ বৈদেশিক নীতিৰ স্বৰূপ! দুৰ্ভাগ্যজনক কথা এইটোৱেই যে ইমানৰ পিছতো এনে এটা ধাৰণা অতি সচেতন আৰু উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰি থকা হৈছে যে আমাৰ বৰ্তমানৰ সকলো সমস্যাৰ বাবে দায়ী হ’ল নেহৰু! কিমধিকম!

দুদুলমণি শৰ্মা

দুদুলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd