ডিজিটেল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

navbharat-times

প্ৰযুক্তিৰ হাত ধৰি দেশৰ নিৰ্বাচন আয়োগেও ভোটাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা ডিজিটাল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

সেই মৰ্মে আজিৰে পৰা আপুনি ঘৰতে বহি নিজৰ ভোটাৰ কাৰ্ড খন মোবাইল ফোন অথবা কম্পিউটাৰৰ পৰা ডাউনলোড কৰি ল’ব পাৰিব।

ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰা E-EPIC ব্যৱস্থাত ২৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী পৰ্যন্ত প্ৰথম পৰ্যায়ত আৰু ১ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ত ডিজিটেল ভোটাৰ কাৰ্ড ডাউনলোড কৰিব পৰা যাব।

কিন্তু কি এই E-EPIC? ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে E-EPIC হৈছে ভোটাৰ কাৰ্ডৰ অনলাইন সংস্কৰণ।

পিভিচি ভোটাৰ কাৰ্ড যিদৰে সকলো ক্ষেত্ৰতে প্ৰযোজ্য, ঠিক তেনেদৰে E-EPIC ভোটাৰ কাৰ্ড সমানে প্ৰযোজ্য হ’ব। E-EPIC ভোটাৰ কাৰ্ডেৰে লোক এজনে ভোটদান কৰাৰ উপৰি কৰ’ৱাত প্ৰয়োজন হ’লে সেই ডিজিটাল কাৰ্ডেই দিব পৰা যাব।

নিৰ্বাচন আয়োগে কৰা এই ব্যৱস্থাৰ ফলত এতিয়া কাৰোৱাৰ ভোটাৰ কাৰ্ড হেৰালেও এতিয়া আৰু চিন্তা কৰিবলগীয়া অথবা কাৰ্যালয়লৈ গৈ নতুন এখন ভোটাৰ কাৰ্ডৰ বাবে সময় নষ্ট কৰিবলগীয়া নহ’ব।

E-EPIC ৰ ক্ষেত্ৰত দুটা QR কোড থাকিব।এটা কোডত থাকিব ভোটাৰৰ নাম আৰু অন্যান্য তথ্য।

আনটো কোডত থাকিব বুথ নম্বৰ,পাৰ্ট নম্বৰ,ভোটাৰৰ ক্ৰমিক নম্বৰ আদি তথ্য। নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা

সকলে আৰু ফৰ্ম-৬ ৰ জৰিয়তে নাম অন্তৰ্ভুক্ত হোৱাসকলে প্ৰথম পৰ্যায়ত আৰু পুৰণি ভোটাৰসকলে দ্বিতীয় পৰ্যায়ত  E-EPIC ভোটাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব।

কেনেকৈ ডাউনলোড কৰিব ব। E-EPIC ভোটাৰ কাৰ্ড:

E-EPIC ভোটাৰ কাৰ্ড ডাউনলোড কৰিবলৈ এই কেইটা লিংক ব্যৱহাৰ কৰিব পাৰে—Voter Portal: https://voterportal.eci.gov.in/

NVP: https://nvsp.in/

Voter Helpline Mobile App

Android https://play.google.com/store/apps/details?id=com.eci.citizen

iOS https://apps.apple.com/in/app/voter-helpline/id1456535004

E-EPIC ভোটাৰ কাৰ্ড ডাউনলোড কৰিবলৈ এই কেইটা পদক্ষেপ গ্ৰহণ কৰক—

১) Log in/register to https://voterportal.eci.gov.in/

২) download E-EPIC অপচনত ক্লিক কৰক।

৩) EPIC number বা  Form Reference Number অন্তৰ্ভুক্ত কৰক।

৪) পঞ্জীয়নকৃত মোবাইল নম্বৰত অহা OTP  অন্তৰ্ভুক্ত কৰক।

৫) Download e-EPIC শিতানত ক্লিক কৰক।

যিসকলৰ মোবাইল নম্বৰ পঞ্জীয়ন হৈ নাই তেওঁলোকে কি কৰিব?

১. যদি আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন হৈ নাই তেন্তে  e-KYC ত ক্লিক কৰক।

২. KYC সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ মোবাইল নম্বৰ আপডেট কৰক।

  1. e-EPIC ডাউনলোড কৰক।

আজি কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে প্ৰথমে ৫ গৰাকী নতুন ভোটাৰক  E-EPIC ভোটাৰ কাৰ্ড প্ৰদান কৰাৰ পিছতে এই ব্যৱস্থা আৰম্ভ হ’ব। E-EPIC ভোটাৰ কাৰ্ড ব্যৱস্থা আৰম্ভ হ’লে পূৰ্বৰ পিভিচি ভোটাৰ কাৰ্ড সমূহ সমানেই ব্যৱহাৰৰ যোগ্য হৈ থাকিব।