NORTHEAST NOW (Assamese)

১৫-২০মে’ৰ ভিতৰত পুৱা ৯ বজাত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

March 30, 2019 6:00 pm · এন ই নাও নিউজ
Updated: March 30, 2019 6:01 pm

অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাই  আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মাজনিশা ঘোষণা কৰাৰ সিদ্ধান্ত বাতিল কৰা বুলি ঘোষণা কৰে। ইয়াৰ বিপৰীতে পুৱা ৯ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে শনিবাৰে এই কথা ঘোষণা কৰি কয় যে পৰীক্ষামূলকভাৱে মাজনিশা মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও অসুবিধাৰ উমান এই সিদ্ধান্ত বাতিল কৰে। আনহাতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাই ছাত্ৰ-ছাত্ৰীসকলে দিনৰ ১ বজাৰ ভিতৰত নিজৰ মাৰ্কশ্বীট সংগ্ৰহ কৰিব পাৰিব বুলিও ছেবাৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে ছেবাৰ অধ্যক্ষগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ১৫ মে’ৰ পৰা ২০ মে’ৰ ভিতৰত ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

Related News