• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী প্ৰচাৰৰ সলনি সমষ্টিবাসীৰ সৈতে প্ৰতিবাদত খোদ দিচপুৰৰ বিজেপি বিধায়ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 30, 2019 5:21 pm
Amid loksabha hullabaloo, Assam BJP MLA joins people's protest against construction of 'Srishti Nagar' in Guwahati

শনিবাৰে চূণচালিৰ প্ৰতিবাদথলীত অতুল বৰা। ছবি- কল্পজ্যোতি শইকীয়া।

470
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ ধামখুমীয়া আৰু অসমত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে সমষ্টিবাসীৰ সৈতে শনিবাৰে প্ৰতিবাদত বহিছে দিচপুৰৰ বিজেপি বিধায়ক অতুল বৰা।

এটা কোম্পানিয়ে “পাহাৰ কাটি” নিৰ্মাণ কৰি থকা সৃষ্টি নগৰ বন্ধ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক “তিনিখনকৈ চিঠি” দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সমষ্টিৰ অন্তৰ্গত চূণচালিৰ ৰাইজৰ সৈতে প্ৰতিবাদত বহিছে বিধায়কজন।

চূণচালিৰ পাহাৰ এলেকাতে আয়োজিত প্ৰতিবাদী অৱস্থান ধৰ্মঘটটোত বিধায়কজনৰ লগত অঞ্চলটোৰ কেইবাশও লোকে অংশগ্ৰহণ কৰে। বিধায়কজনৰ লগতে চূণশালিবাসীয়েও কেইবাবছৰ ধৰি কোম্পানিটোৰ কাম বন্ধ কৰাৰ দাবী জনাই আহিছে।

“তাৎক্ষণিকভাৱে চূণচালি পাহাৰত সৃষ্টিনগৰ নিৰ্মাণৰ নামত অবৈধ খনন কাৰ্য্য তথা বন ধ্বংসযজ্ঞ বন্ধ কৰিবলৈ দুয়োটা বিভাগকে আহ্বান জনাইছো,” ৰাজ্য চৰকাৰৰ ৰাজহ আৰু বন ও পৰিৱেশ উন্নয়ন বিভাগক বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ আহ্বান বৰাৰ।

বৰাৰ অভিযোগ অনুসৰি যোৱা বছৰৰ শেষৰ ফালে কামৰূপ জিলা প্ৰশাসনে সৃষ্টি নগৰ নিৰ্মাণকাৰী কলকাতাৰ সংস্থা ‘সৃষ্টি নগৰ ইনফ্ৰাস্ত্ৰাকচাৰ ডেভেলপমেন্ট কৰ্পৰে’চন লিমিটেড’ক কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু কাম এতিয়াও বন্ধ হোৱা নাই।

অঞ্চলটোৰ প্ৰাকৃতিক শোভা ধ্বংস কৰি সৃষ্টি নগৰ পতাৰ পৰিৱৰ্তে শিশু উদ্যান আৰু খোজ কঢ়াৰ স্থানৰূপে গঢ়ি তুলিবলৈ বিধায়কগৰাকীয়ে দাবী জনাইছে।

“বৰ লুইতৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰি থকা পাহাৰীয়া অঞ্চলটোত সৃষ্টি নগৰৰ সলনি শিশু উদ্যান আৰু গুৱাহাটীৰ জনসাধাৰণৰ বাবে ৱাকিং জ’ন নিৰ্মাণ কৰিব লাগে,” মুখ্য মন্ত্ৰীক আহ্বান বৰাৰ।

Recent News

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd