• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমা নিৰ্ধাৰণ নহ’ল বনাঞ্চলৰ : নগাঁৱৰ ১৪ খন বনাঞ্চলৰ প্ৰায় ১৭ হেজাৰ হেক্টৰ ভূমিতেই বেদখল

মিণ্টু দাস by মিণ্টু দাস
December 10, 2018 7:03 am
Bura_Chapori_Wildlife_Sanctuary_in_Assam

বুঢ়া চাপৰি বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবিভক্ত নগাঁও জিলাৰ ইখনৰ পাছত সিখনকৈ বনাঞ্চলৰ ওপৰত চলা প্ৰতিৰোধবিহীন ধ্বংস যজ্ঞৰ বাবেই জিলাখনৰ প্ৰাকৃতিক ভাৰসাম্যতাৰ ওপৰত চৰম প্ৰত্যাহ্বান আহি পৰিছে। কেইবা দশক ধৰি চলি থকা বন ধ্বংস যজ্ঞৰ বাবেই এতিয়া অবিভক্ত জিলাখনৰ মুঠ মাটি কালিৰ ১৮ শতাংশ ভূমিতো নাই বনাঞ্চল।

একাংশ দুৰ্নীতিগ্ৰস্ত বন বিষয়া, ৰাজনৈতিক নেতাৰ পৰোক্ষ পৃষ্ঠপোষকতাত একাংশ চোৰাং কাঠ ব্যৱসায়ী, বেদখলকাৰীয়ে চলাই থকা অবাধ দৌৰাত্ম্যৰ বাবেই অবিভক্ত নগাঁও জিলাৰ ইখনৰ পিছত সিখনকৈ বনাঞ্চল নিঃচিহ্ন হোৱাৰ উপক্ৰম হৈছে।

Apply Now

বন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, জিলাখনৰ তিনিটা বন সংমণ্ডলৰ অধীনস্থ মুঠ ১২খন সংৰক্ষিত বনাঞ্চল আৰু দুখন অভয়াৰণ্যৰ প্ৰায় ১৭হেজাৰ হেক্টৰ মাটি ইতিমধ্যেই বেদখলকাৰীৰ কৱলত পৰিছে। এশ শতাংশই বেদখলকাৰীৰ কৱলত পৰিছে নগাঁও বন সংমণ্ডল (টেৰিটৰীয়েল)ৰ অধীনস্থ জুকুতা সংৰক্ষিত বনাঞ্চল আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ কোচমৰা সংৰক্ষিত বনাঞ্চল।

আনহাতে, বেদখলকাৰীৰ কৱলত পৰি নিঃচিহ্ন হোৱাৰ দিশলৈ গতি কৰা সংৰক্ষিত বনাঞ্চল কেইখন হৈছে কাকী সংৰক্ষিত বনাঞ্চল, যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চল, বৰপানী সংৰক্ষিত বনাঞ্চল, লুটুমাৰী সংৰক্ষিত বনাঞ্চল, পিলখানা সংৰক্ষিত বনাঞ্চল আৰু মাধৱপাৰা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল।

বন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনস্হ লামডিং সংৰক্ষিত বনাঞ্চলৰ মুঠ মাটি কালি ২৫,২৪৫ হেক্টৰ যদিও ইয়াৰে ১,০৬৪ হেক্টৰ মাটি বেদখলকাৰীৰ কৱলত পৰিছে। আনহাতে, ১১,১৩৩ হেক্টৰ মাটি কালিৰ কাকী সংৰক্ষিত বনাঞ্চলৰ ৯,৭০০ হেক্টৰ, ৭,৮৫৯ হেক্টৰ মাটি কালিৰ ডবকা সংৰক্ষিত বনাঞ্চলৰ ৩০ হেক্টৰ মাটি, ১,৪৫৬ হেক্টৰ মাটি কালিৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ ১,২৭৮ হেক্টৰ মাটি ইতিমধ্যেই বেদখলকাৰীৰ কৱলত পৰিছে।

ঠিক সেইদৰে, নগাঁও বন সংমণ্ডলৰ(টেৰিটৰীয়েল)অধীনস্থ ৩,১৭৩ হেক্টৰ মাটি কালিৰ বৰপানী সংৰক্ষিত বনাঞ্চলৰ ২,২১২ হেক্টৰ মাটি, ২,২২৬ হেক্টৰ মাটি কালিৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ ১,২৫০ হেক্টৰ মাটি, ১৩৯হেক্টৰ মাটি কালিৰ জুকুতা সংৰক্ষিত বনাঞ্চলৰ এশ শতাংশ ভূমি, ১৬৬ হেক্টৰ মাটি কালিৰ পিলখানা সংৰক্ষিত বনাঞ্চলৰ ৪৪ হেক্টৰ মাটি,৬,০৪৭ হেক্টৰ মাটি কালিৰ খোলাহাট সংৰক্ষিত বনাঞ্চলৰ ৩.৫০ হেক্টৰ মাটি, ৫,২৯৪ হেক্টৰ মাটি কালিৰ সোণাইকুছী সংৰক্ষিত বনাঞ্চলৰ ৮.৫০ হেক্টৰ মাটি আৰু ৬৪ হেক্টৰ মাটি কালিৰ মাধৱপাৰা (প্ৰস্তাৱিত) সংৰক্ষিত বনাঞ্চলৰ ৩২ হেক্টৰ মাটি বেদখলকাৰীৰ কৱলত পৰিছে।

ইপিনে, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্হ লাওখোৱা অভয়াৰণ্যৰ মুঠ মাটি কালি ৭০.০১বৰ্গ কিলোমিটাৰ যদিও অভয়াৰণ্যখনৰ ১৩৫ হেক্টৰ মাটি বেদখলকাৰীৰ কৱলত পৰিছে। ঠিক একেদৰে, বূঢ়াচাপৰি অভয়াৰণ্যৰ মুঠ মাটি কালি ৪৪.০৬ বৰ্গ কিলোমিটাৰ যদিও ইয়াৰ  ৪২৩ হেক্টৰ মাটি বেদখলত পৰাত অভয়াৰণ্যখন সংকুচিত হৈ পৰিছে। নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ কোচমৰা সংৰক্ষিত বনাঞ্চলৰ মূঠ মাটি কালি ২১.৫৫বৰ্গ কিলোমিটাৰ যদিও সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় এশ শতাংশ ভূমিয়েই বেদখলকাৰীৰ কৱলত পৰাত তাহানিৰ সেউজ অৰণ্যাবৃত বনাঞ্চলখন সম্প্ৰতি জনাঞ্চলত পৰিণত হয়।

বন বিভাগৰ তথ্য মতেই অবিভক্ত নগাঁও জিলাৰ ১২ খন সংৰক্ষিত বনাঞ্চল আৰু দুখন অভয়াৰণ্যৰ ১৬.৫১৯ হেক্টৰ মাটি বেদখলকাৰীৰ কৱলত পৰিছে বুলি প্ৰকাশ পাইছে যদিও বেচৰকাৰী সংস্থাৰ তথ্য অনুসৰি এই বনাঞ্চল আৰু অভয়াৰণ্যৰ বেদখলকৃত মাটিৰ পৰিমাণ প্ৰায় ২০ হেজাৰ হেক্টৰ হ’বগৈ। এই বন সংমণ্ডল কেইটাই বনাঞ্চল-অভয়াৰণ্যত হোৱা বেদখল উচ্ছেদৰ ক্ষেত্ৰত সদায় অনীহা প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে।

ইপিনে, অবিভক্ত নগাঁও জিলাৰ বনাঞ্চলসমূহৰ সীমা নিৰ্ধাৰণ, সীমাত পকী পীলাৰ দিয়া, ড্ৰেইন খন্দা, কাটাতাঁৰৰ বেৰা দিয়া আদি কোনো কামেই আজি পৰ্যন্ত হোৱা নাই। কেইবাখনো বনাঞ্চলত হোৱা বেদখলৰ পিছত বেদখলকাৰীয়ে বনাঞ্চলৰ গছ-গছনি কাটি বনাঞ্চল ধ্বংস অভিযানত নামি পৰা পৰিলক্ষিত হৈছে। লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে বিগত বৰ্ষত অভিযান আৰম্ভ কৰিছিল যদিও অতি ৰহস্যজনকভাৱে সেই অভিযানো বন্ধ হৈ পৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd