• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউন: পার্বত্য জিলাৰ প্রশাসনৰ ভূমিকাক লৈ ক্ষোভ সচেতন ৰাইজৰ

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , May 17, 2020 11:13 am

2 min read

IMG_20200516_213605

লকডাউনৰ মাজতে শনিবাৰে হাফলং লালফিল্ডত বিধি উলংঘা কৰি বহিছে বজাৰ। ফটো: নৰ্থইষ্ট নাও

424
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ক লৈ ডিমা হাছাও জিলা প্রশাসনৰ সামগ্রিক ভূমিকাত ক্ষুব্ধ হাফলঙৰ সচেতন ৰাইজ। এখন অভিভাৱকহীন চহৰত পৰিণত হৈ পৰা হাফলং পৌৰসভা কৰ্তৃপক্ষৰ ভূমিকাও সন্তোষজনক নহয়।

পাহাৰীয়া জিলাত যোৱা ১৬ মার্চ তাৰিখে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ব শাসিত পৰিষদে সাপ্তাহিক হাট-বজাৰ বন্ধ ৰখাৰ বাবে নির্দেশ দিছিল।

সেই নিৰ্দেশ অনুসৰি জিলাৰ প্ৰতিখন বজাৰ-হাট বন্ধ হৈ যায়। এই ব্যৱস্থা হাফলঙতো আছিল। বন্ধ আছিল হাফলঙৰ শনিবাৰৰ সাপ্তাহিক বজাৰ।

কিন্তু শনিবাৰে হাফলং লালফিল্ডত চৰকাৰী নিৰ্দেশ আৰু ল’ক ডাউন আইন অমান্য কৰি বিভিন্ন প্ৰান্তৰ পৰা ব্যবসায়ী সকল শাক-পাচলিৰ দোকান মেলি দিয়াৰ উপৰি সাধাৰণ ৰাইজো গোট খায়।

ইয়াত ন্যুনতম সামাজিক ব্যৱধান পালন কৰাও পৰিলক্ষিত নহ’ল। কিন্তু কোনে বাধা দিব ? আৰক্ষী যেন নীৰব দর্শক। দেখিও নেদেখাৰ ভাও ধৰি হাতত লাঠি ডাল লৈ থিয় হৈ থকাৰ বাহিৰে আন একো কৰা নাই।

আনহাতে, বজাৰৰ দৃশ্যই যেন প্ৰমাণ কৰিলে যে ল’ক ডাউন প্ৰত্যাহাৰ কৰাৰ উপৰি ক’ৰনা মুক্ত হৈছে দেশ তথা অসম।

যিসময়ত ৰাজধানী মহানগৰী গুৱাহাটী বা ৰাজ্যৰ আন ঠাইত এজনৰ পাছত আনজনৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে সেই সময়ত হাফলং চহৰৰ এই দৃশ্য সঁচাকৈয়ে দুৰ্ভাগ্যজনক।

সচেতন ৰাইজৰ প্ৰশ্ন হ’ল হাফলঙতে যদি এই অবস্থা তেনেহ’লে জিলাখনৰ আন ঠাইত কি হ’ব ?

ইপিনে জিলাৰ বাহিৰত কর্মৰত যুৱক-যুৱতী বা আৱদ্ধ হৈ থকা বাসিন্দাসকল নিজ নিজ গৃহ জিলাত প্ৰৱেশ কৰিও বিপাঙত পৰিব লগা হৈছে।

শনিবাৰে অনুৰূপ একাধিক ঘটনা পোহৰলৈ আহে। গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত কর্মৰত নাৰ্ছ হাফলঙত উপস্থিত হৈ সমস্যাৰ সম্মুখীন হ’ব লগা হয়।

জিলাৰ প্ৰৱেশদ্বাৰ মান্দাৰদিচাত অকল নাম ঠিকনা লিপিৱদ্ধ কৰি এওঁলোকক এৰি দিয়া হয়। এতিয়া তেওঁলোকে কি কৰিব ? ক’ত যাব ? এওঁলোকৰ ঘৰ চহৰৰ পৰা কেইবা কিলোমিটাৰ নিলগৰ গাঁৱত।

বাছৰ পৰা নামি দুই-তিনি ঘন্টা বহি থাকিব লগা হ’ল। কোনো অ’টৰিক্সা এওঁলোকক লৈ যোৱাৰ বাবে সাজু নাছিল।

অৱশ্যে পাছত এগৰাকী সাংবাদিকে আগুৱাই আহি প্রশাসন তথা স্বাস্থ্য বিভাগৰ সৈতে কথা পাতে আৰু এখন গাড়ীৰ বন্দোবস্ত কৰি পঠিওৱাৰ ব্যৱস্থা কৰে।

স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে যে মেডিকেল ছাৰ্ভাইলেন্স টিম বহিৰ্জিলাৰ পৰা অহা ব্যক্তি সকলৰ ঘৰত উপস্থিত হৈ হ’ম কোৱাৰেন্টাইন কৰিব।

এই ঘটনাৰ পৰা এটা বিষয় স্পষ্ট হৈ পৰে যে জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু কোভিড-১৯ প্ৰতিৰোধৰ কাৰণে কাম কৰা চৰকাৰী টিমৰ মাজত সমন্বয়ৰ অভাৱ ঘটিছে।

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd