• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউন: পার্বত্য জিলাৰ প্রশাসনৰ ভূমিকাক লৈ ক্ষোভ সচেতন ৰাইজৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 17, 2020 11:13 am
IMG_20200516_213605

লকডাউনৰ মাজতে শনিবাৰে হাফলং লালফিল্ডত বিধি উলংঘা কৰি বহিছে বজাৰ। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯ক লৈ ডিমা হাছাও জিলা প্রশাসনৰ সামগ্রিক ভূমিকাত ক্ষুব্ধ হাফলঙৰ সচেতন ৰাইজ। এখন অভিভাৱকহীন চহৰত পৰিণত হৈ পৰা হাফলং পৌৰসভা কৰ্তৃপক্ষৰ ভূমিকাও সন্তোষজনক নহয়।

পাহাৰীয়া জিলাত যোৱা ১৬ মার্চ তাৰিখে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ব শাসিত পৰিষদে সাপ্তাহিক হাট-বজাৰ বন্ধ ৰখাৰ বাবে নির্দেশ দিছিল।

Apply Now

সেই নিৰ্দেশ অনুসৰি জিলাৰ প্ৰতিখন বজাৰ-হাট বন্ধ হৈ যায়। এই ব্যৱস্থা হাফলঙতো আছিল। বন্ধ আছিল হাফলঙৰ শনিবাৰৰ সাপ্তাহিক বজাৰ।

কিন্তু শনিবাৰে হাফলং লালফিল্ডত চৰকাৰী নিৰ্দেশ আৰু ল’ক ডাউন আইন অমান্য কৰি বিভিন্ন প্ৰান্তৰ পৰা ব্যবসায়ী সকল শাক-পাচলিৰ দোকান মেলি দিয়াৰ উপৰি সাধাৰণ ৰাইজো গোট খায়।

ইয়াত ন্যুনতম সামাজিক ব্যৱধান পালন কৰাও পৰিলক্ষিত নহ’ল। কিন্তু কোনে বাধা দিব ? আৰক্ষী যেন নীৰব দর্শক। দেখিও নেদেখাৰ ভাও ধৰি হাতত লাঠি ডাল লৈ থিয় হৈ থকাৰ বাহিৰে আন একো কৰা নাই।

আনহাতে, বজাৰৰ দৃশ্যই যেন প্ৰমাণ কৰিলে যে ল’ক ডাউন প্ৰত্যাহাৰ কৰাৰ উপৰি ক’ৰনা মুক্ত হৈছে দেশ তথা অসম।

যিসময়ত ৰাজধানী মহানগৰী গুৱাহাটী বা ৰাজ্যৰ আন ঠাইত এজনৰ পাছত আনজনৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে সেই সময়ত হাফলং চহৰৰ এই দৃশ্য সঁচাকৈয়ে দুৰ্ভাগ্যজনক।

সচেতন ৰাইজৰ প্ৰশ্ন হ’ল হাফলঙতে যদি এই অবস্থা তেনেহ’লে জিলাখনৰ আন ঠাইত কি হ’ব ?

ইপিনে জিলাৰ বাহিৰত কর্মৰত যুৱক-যুৱতী বা আৱদ্ধ হৈ থকা বাসিন্দাসকল নিজ নিজ গৃহ জিলাত প্ৰৱেশ কৰিও বিপাঙত পৰিব লগা হৈছে।

শনিবাৰে অনুৰূপ একাধিক ঘটনা পোহৰলৈ আহে। গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত কর্মৰত নাৰ্ছ হাফলঙত উপস্থিত হৈ সমস্যাৰ সম্মুখীন হ’ব লগা হয়।

জিলাৰ প্ৰৱেশদ্বাৰ মান্দাৰদিচাত অকল নাম ঠিকনা লিপিৱদ্ধ কৰি এওঁলোকক এৰি দিয়া হয়। এতিয়া তেওঁলোকে কি কৰিব ? ক’ত যাব ? এওঁলোকৰ ঘৰ চহৰৰ পৰা কেইবা কিলোমিটাৰ নিলগৰ গাঁৱত।

বাছৰ পৰা নামি দুই-তিনি ঘন্টা বহি থাকিব লগা হ’ল। কোনো অ’টৰিক্সা এওঁলোকক লৈ যোৱাৰ বাবে সাজু নাছিল।

অৱশ্যে পাছত এগৰাকী সাংবাদিকে আগুৱাই আহি প্রশাসন তথা স্বাস্থ্য বিভাগৰ সৈতে কথা পাতে আৰু এখন গাড়ীৰ বন্দোবস্ত কৰি পঠিওৱাৰ ব্যৱস্থা কৰে।

স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে যে মেডিকেল ছাৰ্ভাইলেন্স টিম বহিৰ্জিলাৰ পৰা অহা ব্যক্তি সকলৰ ঘৰত উপস্থিত হৈ হ’ম কোৱাৰেন্টাইন কৰিব।

এই ঘটনাৰ পৰা এটা বিষয় স্পষ্ট হৈ পৰে যে জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু কোভিড-১৯ প্ৰতিৰোধৰ কাৰণে কাম কৰা চৰকাৰী টিমৰ মাজত সমন্বয়ৰ অভাৱ ঘটিছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd