NORTHEAST NOW (Assamese)

বিশ্বনাথত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা,নগদ ধন

November 8, 2021 4:40 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি বিশ্বনাথৰ বাঘমাৰিৰ চাহ বাগিচাৰ ৫ নং লাইনৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৩,১১,১৮০ টকাৰ নগদ ধন।

বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু ডি এছ পি জয়ন্ত বৰুৱাৰ নেতৃত্বত জিনজিয়া আৰক্ষী থানাৰ দলে ৩০ নং অৰ্ধ সামৰিক বাহিনীৰ সহযোগত চলে এই অভিযান।

গোপন সূত্ৰৰ পম খেদি আৰক্ষী দলটোৱে এই অভিযানত ভাগ লৈছিল। অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই জনোৱা অনুসৰি পূৰ্বৰে পৰা ৰাখী তাঁতী নামৰ ব্যক্তিজনে এই অবৈধ ব্যৱসায় চলাই আহিছে।

বৰ্তমান ৰাখী তাঁতী নামৰ ব্যক্তিজন পলাতক অৱস্থাত আছে বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।

অভিযানকাৰী আৰক্ষীৰ দলটোয়ে অবৈধ গাঞ্জা মজুত থকা ৰাখী তাঁতীৰ পত্নী মালতী তাঁতীক সোধা-পোছাৰ বাবে আটক কৰে

উদ্ধাৰ হোৱা গাঞ্জাৰ পৰিমাণ প্ৰায় ৬-৭ কিলোগ্ৰামৰ হ’ব বুলি আৰক্ষী বিষয়াজনে লগতে উল্লেখ কৰে।

Related News