আলফা(স্বাধীন) সন্দৰ্ভত বিশেষ বাৰ্তা লৈ তিনিদিনীয়া ভ্ৰমণ সূচীৰে আজি দুপৰীয়া নতুন দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷
নতুন দিল্লীত মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
মুখ্যতঃ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে আলোচনা প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ সন্দৰ্ভ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰক্ষামন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে মুখ্যমন্ত্ৰী ড° শৰ্মাই আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে৷
নগা শান্তি আলোচনাৰ সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হ’ব বুলি বিশেষ সূত্ৰ অনুসৰি জানিব পৰা গৈছে৷
এই আলোচনালানিত অংশ লৈ দহ নৱেম্বৰত গুৱাহাটীলৈ উভতি আহিব মুখ্যমন্ত্ৰী শৰ্মা৷
বাৰ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ ৰাওনা হ’ব মুম্বাইলৈ৷ মুম্বাইত দেশৰ সকলো বিজেপি বিধায়কক লৈ আয়োজন কৰা হৈছে তিনিদিনীয়া এক প্ৰশিক্ষণ শিৱিৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন বিজেপি বিধায়কসকলো মুম্বাইলৈ এই শিবিৰত অংশগ্ৰহণৰ বাবে ৰাওনা হ’ব।