• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিলেখ হাৰৰ ভোটদান, কৃতজ্ঞতা জ্ঞাপন জিলা নিৰ্বাচন বিষয়াৰ : তিনি তৰপীয়া নিৰাপত্তা বেষ্টনিত ষ্ট্ৰংৰূম

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
April 7, 2021 7:39 pm
stlbzkmppy-1582433861
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী নিৰ্বাচন জিলাৰ তিনিওটা সমষ্টিৰ ভোটাৰৰ অভূতপুৰ্ব সঁহাৰিৰ মাজেৰে  শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল নিৰ্বাচনৰ ভোটগ্ৰহণ৷ অভিলেখ সৃষ্টিকাৰী ভোটদানৰ হাৰেৰে মংলবাৰে বিয়লি ৬ বজাত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত সমগ্ৰ নিশা ভোটগ্ৰহণৰ কামত নিয়োজিত বিষয়াসকলৰ পৰা ভোলানাথ কলেজত স্থাপন কৰা কাউন্টাৰত শৃখলাবদ্ধভাৱে ইভিএম আদি ভোটগ্ৰহণৰ সামগ্ৰীবোৰ সংগ্ৰহ কৰা হয়৷

বুধবাৰে পুৱা নিৰ্বাচন আয়োগে নিযুক্তি দিয়া নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক, ধুবুৰী নিৰ্বাচন জিলাৰ তিনিওটা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া আৰু উপস্থিত থকা প্ৰাৰ্থীসকলৰ এজেন্টৰ উপস্থিতিত  ভোলানাথ কলেজত স্থাপন কৰা ষ্ট্ৰংৰূম ছীল কৰি দিয়া হয়৷

Apply Now

উল্লেখ্য যে ভোটদানৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰাৰ বাবে ধুবুৰী নিৰ্বাচন জিলা প্ৰশাসনে চলোৱা নিৰন্তৰ প্ৰয়াসৰ বাবে এইবাৰ তিনিওটা সমষ্টিতে ভোটদানৰ হাৰে ৯০ শতাংশৰ সীমা অতিক্ৰম কৰে৷

ধুবুৰী সমষ্টিত ৯০.১৩ শতাংশ, গৌৰীপুৰত ৯০.৫০ শতাংশ আৰু গোলকগঞ্জত ৯০.৬৮ শতাংশ ভোটাৰে ভোটদান কৰে৷ সামগ্ৰিকভাৱে নিৰ্বাচন জিলাখনৰ ভোটদানৰ হাৰ হৈছে ৯০.৪৪ শতাংশ৷

ভোটাৰৰ ব্যাপক অংশগ্ৰহণেৰে আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱা বাবে জিলাখনৰ ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই৷

তেওঁ ভোটগণনা অন্ত নপৰা পৰ্যন্ত বলবৎ হৈ থাকিবলগীয়া আচৰণবিধি মানি চলিবলৈ প্ৰাৰ্থী, তেওঁলোকৰ সমৰ্থক আৰু ৰাইজক আহ্বান জনায়৷

উল্লেখ্য যে জিলা নিৰ্বাচন বিষয়াগৰাকীৰ তত্বাৱধানত নিৰ্বাচনত ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে ‘প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ’ চমুকৈ ‘ছৱিপ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ ভোটগ্ৰহণৰ হাৰে এই কাৰ্যসূচীৰ সফলতা প্ৰমাণ কৰিলে বুলি মন্তব্য কৰে জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে৷

ইপিনে ধুবুৰীৰ ভোলানাথ কলেজত স্থাপন কৰা ষ্ট্ৰংৰূমৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই৷

অহা ২ মে’ত ভোটগণনা আৰম্ভ হোৱাৰ সময়লৈকে তিনি তৰপীয়া নিৰাপত্তা বেষ্টনিৰে আগুৰি থাকিব ষ্ট্ৰংৰূমটো৷

ভিতৰৰ তৰপত এক প্লাটন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানে অহৰ্নিশে পহৰা দিব ষ্ট্ৰংৰূমক৷ মাজৰ তৰপত থাকিব এক প্লাটন ৰাজ্যিক সশস্ত্ৰ আৰক্ষী৷ বাহিৰৰ তৰপত নিৰাপত্তাৰ দায়িত্বত থাকিব অসম আৰক্ষীৰ আন এটা বৃহৎ দল৷ উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ এজন বিষয়াই সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ নিৰন্তৰ পৰ্যবেক্ষণ কৰি থাকিব৷ ষ্ট্ৰংৰূমটো চিচি কেমেৰাৰ নিৰীক্ষণত থাকিব৷

আনহাতে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে কন্দুৱা গেছ, স্ম’ক ছেল আৰু সংঘাট নিয়ন্ত্ৰণ সজুলি লৈ সাজু থকিব গেছ স্কোৱাৰ্ড৷ ষ্ট্ৰংৰূমৰ সমীপলৈ দায়িত্বৰ খাতিৰত যোৱা বিষয়াসকলৰ অহা-যোৱাৰ সময় আদি লগবুকত লিপিবদ্ধ কৰি যাব নিৰাপত্তাৰক্ষীয়ে৷

আনহাতে বিলাসীপাৰা নিৰ্বাচন জিলাৰ দুটা সমষ্টিৰ বাবে বিলাসীপাৰা মহকুমাধিপতিৰ কৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰূমৰ নিৰাপত্তাৰ বাবেও অনুৰূপ পদক্ষেপ লোৱা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জনায়৷

Tags: Assam Election
মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm
অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd