• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাৰ আলম লৈ অসমত বিয়াগোম কেলেংকাৰি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 26, 2020 7:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছে সমগ্ৰ অসমতে ভয়াৱহতাৰ সৃষ্টি কৰি থকাৰ সময়তে ইয়াৰ নাম লৈ ৰাজ্যখনত এটা বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ সন্দেহ ঘণীভূত হৈছে। এটা চৰকাৰী নিৰ্দেশনাৰ আলমতেই এই দুৰ্নীতি সংঘটিত হোৱাৰ পথ প্ৰশস্ত হৈছে।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত, আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা বা অন্য ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা লোকৰ কোৱাৰেন্টাইনৰ সময়ত যোগান ধৰা সামগ্ৰীৰ বাবদ হৈছে এই কেলেংকাৰি। নিমখৰ পৰা পিয়াজলৈ চলিছে দুৰ্নীতি!

Apply Now

যোৱা ২১ মে’ত স্বাস্থ্য তথা পৰিয়াল কল্যান বিভাগে এখন জাননি জাৰি কৰি ১৪ দিনৰ কোৱাৰেন্টাইনত থকা প্ৰতিটো পৰিয়ালক ২০০০ টকাৰ অত্যৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ কথা ঘোষণা কৰিছিল। একেটা নিৰ্দেশনাৰ লগতে প্ৰকাশ কৰিছিল যোগান ধৰিবলগীয়া সামগ্ৰীৰ তালিকা তথা নিৰ্ধাৰিত দাম।

এই নিৰ্দেশনাত প্ৰকাশ পোৱা অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে নিৰ্ধাৰণ কৰা দাম আৰু খুচুৰা বজাৰত প্ৰচলিত সামগ্ৰীৰ চৰকাৰী নিৰিখৰ মাজত দেখা যায় আকাশ-পাতাল প্ৰভেদ।

২১ মে’ৰ নিৰ্দেশনাটোত প্ৰকাশ পোৱা মতে দাইল দুই কেজিৰ নামত চৰকাৰে খৰচ দেখুৱাইছে ৩০০ টকা। অৰ্থাৎ প্ৰতি কেজি দাইলত খৰচ দেখুৱাইছে ১৫০ টকা।

কিন্তু একেখিনি সময়ত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিৰ্ধাৰণ কৰা নিৰিখ অনুসৰি প্ৰতিকেজি দাইলৰ খুচুৰা দাম আছিল ৭৫ টকাৰ পৰা ১০৫ টকা পৰ্যন্ত। দুই কেজিত সৰ্বাধিক দাম হ’ব পাৰে ২১০ টকা।

কোৱাৰেন্টাইনত থকা সকলৰ বাবে এক কেজি নিমখৰ দাম দেখুওৱা হৈছে ৩০ টকা। কিন্তু আমি পোৱা তথ্য অনুসৰি যোগান ধৰিছে ১৫-২০ টকা দামৰ নিমখ।

পিয়াজৰ দামৰ ক্ষেত্ৰতো দেখা গৈছে পাৰ্থক্য। কোৱাৰেন্টাইনত থকা সকলক চৰকাৰে যোগান ধৰিছে ২ কেজি পিয়াজ আৰু তাৰ বাবে চৰকাৰে তালিকাখনত দাম দেখুৱাইছে ১২০ টকা। অৰ্থাৎ প্ৰতি কেজিত দাম হৈছে ৬০ টকা।

কিন্তু অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিৰ্ধাৰণ কৰা অনুসৰি মে’ মাহত পিয়াজৰ খুচুৰা দাম আছিল প্ৰতি কেজিত ১৮-২২ টকা।

আমি লাভ কৰিছিলো অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিৰ্ধাৰণ কৰা ২১ মে’ৰ কৰিমগঞ্জ জিলাৰ সামগ্ৰীৰ দামৰ তালিকাখন।

সেই তালিকা অনুসৰি কৰিমগঞ্জ জিলাত মচুৰ দাইলৰ দাম সৰ্বাধিক ১০৫ টকা, পিয়াজৰ দাম ২২ টকা আৰু নিমখৰ দাম সৰ্বাধিক ২০ টকা আছিল।

একেদৰে ২৭ মে’ত প্ৰকাশ পোৱা ধুবুৰী জিলাৰ সামগ্ৰীৰ চৰকাৰী দামৰ তালিকাখনতো যথেষ্ট প্ৰভেদ দেখা গ’ল। ধুবুৰীত মচুৰ দাইল সৰ্বাধিক প্ৰতি কেজিত ৯৩ টকা, পিয়াজৰ দাম ১৮ টকা আৰু নিমখৰ দাম সৰ্বাধিক ২৬ টকা আছিল।

অতি শেহতীয়াভাৱে, যোৱা ১৭ জুলাইৰ কামৰূপ মহানগৰ জিলাৰ সামগ্ৰীৰ দামৰ তালিকাখনতো দেখা গ’ল স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে নিৰ্ধাৰণ কৰা দামৰ সৈতে যথেষ্ট বৈসাদৃশ্য।

কামৰূপ মহানগৰ জিলাত মচুৰ দাইল প্ৰতিকেজিত সৰ্বাধিক ১০০ টকা, পিয়াজ সৰ্বাধিক ৩০ টকা আৰু নিমখ ২২ টকা এতিয়াও চলি আছে।

এইয়া আমি খুচুৰা দামৰ কথাহে কৈছো। চৰকাৰে যিহেতু বৃহৎ পৰিমাণৰ সামগ্ৰী যোগান ধৰিছে গতিকে সেয়া নিশ্চয়কৈ পাইকাৰী বজাৰৰ পৰাই ক্ৰয় কৰা হৈছে আৰু তাৰ দাম নিশ্চয়কৈ আৰু বহু কম হ’ব।

ইয়াৰ বিপৰীতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে কোৱাৰেন্টাইনত থকাসকলক যোগান ধৰা সামগ্ৰীৰ বাবদ দেখুৱাইছে অধিক হাৰত দাম। যি কথাই কোৱাৰেন্টাইনত থকাসকলক সামগ্ৰী যোগানৰ নামত অসমত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ কথা স্পষ্ট কৰে।

কেৱল এই তিনিবিধ সামগ্ৰীৰ দামতেই দেখা গৈছে একোটা পৰিয়ালক সামগ্ৰী যোগানৰ নামত অতি কমেও ১৫০ টকা দাম বেছিকৈ দেখুওৱা হৈছে।

যোৱা ২৪ জুলাইত চৰকাৰে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে ১ লাখ ২০ হাজাৰ পৰিয়ালক কোৱাৰেন্টাইনত সামগ্ৰীৰ যোগান ধৰিছে।

প্ৰতিটো পৰিয়ালৰ নামত ১৫০ টকাকৈ বেছি হ’লেও ১ লাখ ২০ হাজাৰ পৰিয়ালৰ ক্ষেত্ৰত হিচাপ কৰিলে দেখা যায়-  ১৫০ টকা x ১,২০,০০০ পৰিয়াল = ১,৮০,০০,০০০ টকাৰ দুৰ্নীতি।

এই সন্দৰ্ভত আমি স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ প্ৰধান সচিৱ সমীৰ কুমাৰ সিনহাৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছিলো। কিন্তু তেওঁ আমাৰ ফোন উঠোৱা নাই।

অৱশ্যে, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৰ সৈতে টেলিফোনযোগে আমাৰ যোগাযাগ হৈছে। উপায়ুক্ত পেগুৱে কয়, “সামগ্ৰী সমূহৰ দাম বঢ়া-কাম হৈ থাকে। গতিকে এটা দাম নিৰ্ধাৰণ কৰা হৈছে যাতে সামগ্ৰীসমূহ ক্ৰয় কৰি কোৱাৰেন্টাইনত থকা লোকসকলক যোগান ধৰাৰ ক্ষেত্ৰত অসুবিধা আহি নপৰে। যদিও কিছুমান সামগ্ৰীৰ দাম বেছি দেখা গৈছে, কিন্তু যিহেতু পৰিয়ালসমূহক চেনিটাইজাৰ, টুথপেষ্ট আদিকে ধৰি অন্যান্য কেতবোৰ সামগ্ৰী যোগান ধৰা হৈছে তাত সেই টকা মিলি যায়।”

উপায়ুক্তগৰাকীয়ে লগতে সামগ্ৰীসমূহ যোগান ধৰাৰ ক্ষেত্ৰত পেকিং, পৰিবহণ আদিৰ বাবদো খৰচ হয় বুলি উল্লেখ কৰে।

কিন্তু মন কৰিবলগীয়া যে, তালিকাখনত অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ বাবত ৩০০ টকা ধাৰ্য কৰা আছেই। লগতে প্ৰচলিত দাম আৰু যোগান ধৰিবলগীয়া সামগ্ৰীৰ দামৰ তালিকাখনৰ যিমানখিনি পাৰ্থক্য আছে সিমানখিনি টকা পৰিবহণ আৰু পেকিং খৰচ বুলি কোনো কাৰণত ধৰিব নোৱাৰি।

অৱশ্য উপায়ুক্তগৰাকীয়ে শেষত কয়, “মই বিষয়টোৰ বুজ লম। এয়া আপুনি ভাল বিষয় এটাত নজৰ দিছে”।

অসমত এতিয়া মাৰাত্মক ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসত ৰাইজ ত্ৰস্তমান, তাৰ সমান্তৰালকৈ অব্যাহত আছে বানপানীৰ বিভিষিকা। তেনে সময়তে ইয়াৰ আলম লৈ কোৱাৰেন্টাইনত থকাসকলক সামগ্ৰী যোগানৰ নামত যি খেলিমেলি আমাৰ চকুত পৰিছে সেয়া নিশ্চয়কৈ চিন্তনীয়।

এতিয়া প্ৰশ্ন হয়, ৰাজ্যত চলি থকা এটা বিভিষিকাময় পৰিবেশৰ সময়ত এনেধৰণৰ বিয়াগোম কেলেংকাৰি সংঘটিত কৰাৰ বাবে চৰকাৰেই বাট মোকলোৱা নাই নে? এই ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থিতি কি হ’ব?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd