অসমৰ বিশিষ্ট মানৱাধিকাৰ কৰ্মী তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ (DUGGAR DA SAMMAN) প্ৰদান কৰা হৈছে। জম্মুৰ হোটেল তাজ ভিভান্তাত গ্লোবেল হিউমেন ৰাইটছ ট্ৰাষ্টৰ উদ্যোগত আৰু ডুগৰা ৰাজপৰিয়াল তথা সচেতন নাগৰিকৰ সহযোগত এই বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হয়।
জম্মু-কাশ্মীৰৰ ড’গৰা শাসনকালৰ ৰজা, সাম্ৰাজ্য আৰু সংস্কৃতিৰ নামত উৎসৰ্গিত এই বঁটা বিগত কেইবা দশক ধৰি সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰদান কৰা হয়। ডঃ শইকীয়াই অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ড্ৰাগছৰ বিৰুদ্ধে চলাৱা সংগ্ৰামৰ লগতে গুণগত শিক্ষাৰ প্ৰচাৰ, প্ৰেৰণাত্মক ভাষণ আৰু সেউজ বিপ্লৱৰ দ্বাৰা কৃষি খণ্ডত গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপৰ বাবে এই সন্মান লাভ কৰিছে।
অনুষ্ঠানত জম্মু-কাশ্মীৰৰ বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ আলী মহম্মদ খাতানা আৰু ওমানৰ প্ৰাক্তন সাংসদ তথা অভিযন্তা আহমেদ অ’ল হাদাবিয়ে ডঃ শইকীয়াক এটি স্মাৰক, শ্বাল আৰু মেডেলেৰে এই সন্মান প্ৰদান কৰে। উল্লেখ্য যে, এইবাৰ এই বঁটাৰে ডঃ শইকীয়াৰ লগতে জম্মু-কাশ্মীৰৰ তিনিগৰাকী পদ্মশ্ৰী প্ৰাপক ব্যক্তিকো সন্মানিত কৰা হয়।
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে ১৮০ টাৰো অধিক বঁটা লাভ কৰা ডঃ দিব্যজ্যোতি শইকীয়াই এই বঁটা লাভ কৰাৰ জৰিয়তে পুনৰবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।





