NORTHEAST NOW (Assamese)

সৰবৰাহকাৰীৰ পৰা ডেৰ লাখত কিনা মহিলাক ওভতাই পঠিয়ালে হাৰিয়ানাৰ ব্যক্তিয়ে

May 12, 2019 10:04 pm · ছফিকুল আহমেদ
সৰবৰাহকাৰী জিয়াৰুল ইছলাম। ফটো : নৰ্থ-ইষ্ট নাও

নাৰী সৰবৰাহকাৰীয়ে হাৰিয়ানাৰ চিৰুৱা জিলাত ডেৰ লাখ টকাত বিক্ৰী কৰা গোৱালপাৰা জিলাৰ বিবাহিত মহিলা এগৰাকী আজি কিছুদিন পূৰ্বে নিজ ঘৰলৈ উভতি আহে। জানিব পৰা মতে মহিলাগৰাকীৰ দুখ-দুৰ্দশা বুজি মহিলাগৰাকীক ক্ৰয় কৰা ব্যক্তি জনেই নিজ ঘৰলৈ ওভতাই পঠিয়ায়।

ইফালে মহিলাগৰাকীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ আঁৰত থকা জিয়াৰুল ইছলাম নামৰ সৰবৰাহকাৰীজনক যোৱা বৃহস্পতিবাৰে গুৱাহাটীৰ হাতীগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সৰবৰাহকাৰীজনৰ ঘৰ পশ্চিম গোৱালপাৰাৰ শাকতোলা গাঁৱত।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি পশ্চিম গোৱালপাৰাৰ ৰামহৰিচৰৰ বাসিন্দা বিবাহিত মহিলাগৰাকীৰ সৈতে সৰবৰাহকাৰীজনৰ প্ৰথমে মোবাইল ফোনত চিনাকী হৈছিল। আৰু এইদৰে দুয়োৰে মাজত সম্পৰ্ক গভীৰ হয় আৰু পাছত জিয়াৰুলে মহিলাগৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে।

সৰবৰাহকাৰী জিয়াৰুল আছিল বিবাহিত, এই কথাৰ কোনো সত্য সত্যতা বিচাৰ নকৰি মহিলাগৰাকীয়েও ব্যক্তিজনৰ লগত বিয়া হ’বলৈ মান্তি হয়। পাছত জিয়াৰুলে গোৱালপাৰা জিলা আদালতত ৰেজিষ্টাৰ কৰোৱাৰ উদ্দেশ্যে মহিলাগৰাকীক জিলাখনৰে আগিয়া নামৰ ঠাই এখনলৈ লৈ আহে। আৰু তাত এখন চাহৰ দোকানত জিয়াৰুলে মহিলাগৰাকীক চাহৰ সৈতে নিচাযুক্ত দ্ৰব্য সেৱন কৰাই অচেতন কৰে।

‘ইয়াৰ পাছতে মই তাইক বঙাইগাঁও ষ্টেশ্যনলৈ লৈ আহো। আৰু তাৰ পৰা এখন ট্ৰেইনেৰে হাৰিয়ানালৈ আহি এজন ব্যক্তিৰ ওচৰত মই তাইক ডেৰ লাখ টকাত বিক্ৰী কৰি দিছিলো’। আৰক্ষীৰ আগত এই ভাষ্য প্ৰদান কৰে সৰবৰাহকাৰী জিয়াৰুলে।

ইফালে মহিলাগৰাকীক ক্ৰয় কৰা ব্যক্তিজনে অসুস্থ অৱস্থাত থকা বাবে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। কিন্তু মহিলাগৰাকীৰ চেতনা ঘূৰি অহাৰ লগে লগে চিকিৎসালয়ত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ। মহিলাগৰাকীয়ে ঘৰলৈ উভতি আহিবৰ বাবে লোকজনৰ ওচৰত কাকতি-মিনতি কৰে।

অৱশেষত লোকজনে মহিলাগৰাকীৰ অৱস্থা দেখি পৰিয়ালৰ সৈতে যোগাযোগ কৰি ঘৰলৈ ওভতাই নিয়াৰ বাবে পৰিয়ালৰ লোকক অনুৰোধ জনায়।

উল্লেখ্য যে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ইতিমধ্যে নিৰুদ্দেশ হোৱা বুলি পঞ্চৰত্ন আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। আৰু ইয়াৰ পাছতে আৰক্ষীৰ তৎপৰতাত মহিলাগৰাকীক হাৰিয়ানাৰ পৰা নিজ ঘৰলৈ ওভতাই আনিবলৈ সক্ষম হয়।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পাছৰে পৰা পলাতক অৱস্থাত থকা নাৰী সৰবৰাহকাৰী জিয়াৰুল ইছলামক আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে আটকাধীন জিয়াৰুলক গোৱালপাৰা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে নাৰীবৰাহকাৰীৰ কৱলত পৰা মহিলাগৰাকী যোৱা পাঁচবছৰৰ পৰা বেলেগকৈ থাকিবলৈ লৈছিল।

Related News