হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত শিৱসাগৰত মানসিক স্বাস্থ্য সজাগতা শিবিৰ

স্বেচ্ছাসেৱী সংগঠন হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত শিৱসাগৰ জিলাৰ নাজিৰা এম চি ক্লাবত শুকুৰবাৰে মানসিক ৰোগ সজাগতা ও চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ উপৰি যোৰহাট, ডিব্ৰুগড়, চৰাইদেও জিলাৰ ডেৰ শতাধিকৰো অধিক ৰোগীয়ে উক্ত শিবিৰত বিনামূলীয়াকৈ চিকিৎসা লাভ কৰাৰ লগতে ৰোগীসকলৰ মাজত ঔষধ বিতৰণ কৰা হয়।

শিবিৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ও মুখ্য অধীক্ষক তথা সংগঠনটোৰ উপদেষ্টা ডাঃ হিৰণ্য কুমাৰ গোস্বামী। ভাষণ প্ৰসঙ্গত তেখেতে কয় যে বৰ্তমান সময়ত প্ৰায় ৮০ শতাংশ লোকেই মানসিক হতাশাত ভুগি আছে যিটো মানসিক ৰোগৰ লক্ষণ। মানসিক ৰোগ প্ৰতিৰোধ সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ কৰা এতিয়াৰ সময়ত খুবেই প্ৰয়োজন বুলি উল্লেখ কৰি সংগঠনটোৱে লোৱা প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।

শিবিৰটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ দলপতি দেৱব্ৰত শইকীয়া। ৰাজেন শৰ্মাই আঁত ধৰা আৰু সংগঠনটোৰ সঞ্চালক নাছেৰ খানে উদেশ্য ব্যাখ্যা কৰা চিকিৎসা শিবিৰটোৰ শলাগৰ শৰাই আগবঢ়াই অধিবক্তা তথা সংগঠনটোৰ উপদেষ্টা মহেন্দ্ৰ ভূঞাই।

অনুষ্ঠানটোত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিস্থানৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডাঃ বিজয় প্ৰসাদ বৰুৱা, চকীমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকর্মী মহেন্দ্ৰ নাথ গোস্বামী আৰু নাজিৰাৰ একালৰ বোলছবি অভিনেতা চৈয়দ মুকিতুৰ ৰহমানক সম্বৰ্ধনা জনোৱা হয়।