অসমৰ সমীপতে আৱিষ্কৃত হৈছে ঘৰচিৰিকাতকৈয়ো সৰু ডাইন’চৰ!

ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

ডাইন’চৰ বুলি ক’লেই এটা বৃহৎ ভয়ানক প্ৰাণীৰ ছবি আপোনাৰ মনলৈ আহে, নহয় নে? হলিউদৰ কল্পবিজ্ঞানভিত্তিক চিনেমা, আপোনাৰ নিকটৱৰ্তী বিজ্ঞান সংগ্ৰহালয়ত চোকা দাঁত থকা বৃহদাকাৰ ডাইন’চৰবোৰ দেখি দেখি আমাৰ মনত এই ছবিখনৰ সৃষ্টি হৈছে।

অৱশ্যে জীৱবিজ্ঞান বা তেনে ধৰণৰ বিষয় সম্পৰ্কীয় কিতাপ-পত্ৰ অধ্যয়ন কৰা লোকসকলে নিশ্চয় জানে যে ডাইন’চৰ নামৰ এই সৰীসৃপ গোটটোত বিভিন্ন প্ৰজাতিৰ প্ৰাণী অন্তৰ্ভুক্ত।

এই গোটৰ অন্তৰ্গত কিছুমান প্ৰাণী দৰাচলতে সৰীসৃপ নহয়। কিছুমান ডাইন’চৰ আমি চিনেমাত দেখাৰ দৰে হিংস্ৰ বৃহদাকাৰ প্ৰাণী। আন কিছুমান আকৌ তাতকৈ ক্ষুদ্র (বোধহয় হাতীৰ সমান), কিছুমান গৰুৰ সমান আকাৰৰ, আন কিছুমান চৰাইৰ সমান সৰু। কিছুমান স্থলচৰ, কিছুমান জলচৰ, কিছুমানে আকৌ উৰিব পাৰিছিল। কিছুমান মাংসভোজী, আন কিছুমান তৃণভোজী।

মুঠতে ডাইন’চৰ নামক প্ৰাণীবিধৰ বিভিন্নতা আৰু বিচিত্ৰতা বিজ্ঞানীসকলৰ বাবে অন্তহীন গৱেষণাৰ বিষয়। এই গৱেষণাই নিতৌ নতুন নতুন আমোদজনক তথ্যৰ সম্ভেদ দি আহিছে।

মানুহ এই পৃথিৱীলৈ অহাৰ বহু আগতেই ডাইন’চৰ বিলুপ্ত হৈ গ’ল। সেয়ে মানুহৰ জন্মৰ আগৰ পৃথিৱী নামৰ এই গ্ৰহটোত কেনেধৰণৰ জীৱই কিদৰে বাস কৰিছিল সেয়া জানিবলৈ মানুহৰ উৎকন্ঠাৰ অন্ত নাই। অলপতে এদল বিজ্ঞানীয়ে ম্যানমাৰত এটা জীৱাশ্ম আৱিষ্কাৰ কৰি সদৰি কৰিছে এক নতুন প্ৰকাৰৰ ডাইন’চৰৰ কথা। ইয়াৰ আকাৰ হামিংবাৰ্ড (চৰাই)ৰ সমান, অর্থাৎ ই আমাৰ সকলোৰে চিনাকি ঘৰচিৰিকাতকৈয়ো সৰু।

বোধহয় ইয়েই এতিয়ালৈকে আৱিষ্কৃত হোৱা আটাইতকৈ ক্ষুদ্ৰ প্ৰজাতিৰ ডাইন’চৰ। বিজ্ঞানীসকলে ইয়াক নাম দিছে Oculudentavis Khaungraae। ইয়াৰ লাওখোলাটো ৭.১ মিলিমিটাৰ দীঘল, চকুদুটা ডাঙৰ, জেঠীৰ চকুৰ নিচিনা। এই ডাইন’চৰবিধৰ ২৯/৩০টা দাঁত থকাটোৱে সূচায় যে ইহঁতে দিনৰ পোহৰত সৰু সৰু পোক-পতংগ চিকাৰ কৰি খাইছিল।

নতুনকৈ আৱিষ্কৃত এই ডাইন’চৰ সম্পৰ্কত Lars Schmitz নামৰ জীৱবিজ্ঞানীজনাই কৈছে- “….this provides us a window into the world of dinosaurs at the lowest end of the body-size spectrum. Its unique anatomical features point to one of the smallest and most ancient birds ever found.” গতিকে এই নতুন ডাইন’চৰৰ জীৱাশ্ম আৱিষ্কাৰ নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ ।

এনেকুৱা গৱেষণাই আমাক ডাইন’চৰ যুগৰ জীৱজগত আৰু পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰৰ বিৱৰ্তন সম্পৰ্কে জ্ঞানৰ দুৱাৰ খুলি দিব।