• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইন্সটাগ্ৰামত অচিনাকী সুন্দৰীৰ প্ৰেমত স্বামী! লগ কৰিবলৈ গৈ চকুৰে দেখিলে ধুঁৱলি-কুঁৱলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:22 am
450
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজে পতা ফান্দত নিজেই বন্দী হ’ল এজন ব্যক্তি। পত্নীৰ সৈতে বিবাদ কৰি আঁতৰি থকা স্বামী অজানিতে পুনৰ পত্নীৰ প্ৰেমতে পৰিল। কিন্তু এই প্ৰেম হৈছিল ছচিয়েল মিডিয়াৰ জৰিয়তে। অচিনাকী যুৱতী বুলি ভাবি পত্নীৰ সৈতে কথা পাতিবলৈ গৈ অৱশেষত আৰক্ষীৰ জালত পৰিবলগা হ’ল প্ৰভুদত্ত ত্ৰিপাঠী নামৰ এজন যুৱক। সমগ্ৰ ঘটনাটো এটা নাটকীয় মোৰ লৈ বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি চনী ত্ৰিপাঠী নামৰ যুৱতীগৰাকীৰ নিজৰ স্বামীৰ সৈতে বিবাদ চলি আছিল। স্বামীয়ে ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত যোৱা চাৰি বছৰ ধৰি তেওঁ নৱাজগঞ্জ থানাৰ অন্তৰ্গত জগপুৰা গাঁৱত থকা নিজৰ পিতৃৰ ঘৰত আছিল। খঙতে স্বামীৰ ওপৰত চকু ৰাখিবলৈ চনীয়ে ইন্সটাগ্ৰামত এটা ভুৱা একাউণ্ট খুলিছিল। স্বামী প্ৰভুদত্তই সেই একাউণ্টৰ পৰা অহা ফ’ল’ ৰিকুৱেষ্ট গ্ৰহণ কৰাৰ পিছতেই দুয়োৰে মাজত বন্ধুত্ব আৰম্ভ হয়। লাহে লাহে এই বন্ধুত্ব গভীৰ হয় আৰু প্ৰভুদত্তই সেই অচিনাকী যুৱতীগৰাকীক বিয়া কৰাৰ প্ৰস্তাৱ দিয়ে।

Apply Now

পৰিকল্পনা অনুসৰি যোৱা ২ মে’ৰ বিয়লি নাগবাসাকী মন্দিৰৰ ওচৰত দুয়োৱে লগ কৰাৰ স্থান ঠিক কৰে। প্ৰভুদত্তই নিজৰ এজন বন্ধুক লৈ মন্দিৰ চৌহদত উপস্থিত হয়। আনহাতে চনীয়ে আগৰে পৰাই তাত ৰৈ আছিল। তেওঁ ওৰণিৰে মুখ ঢাকি আৰু চকুত ক’লা চশমা পিন্ধি নিজৰ পৰিচয় লুকুৱাই ৰাখিছিল। কিছু দূৰত চনীৰ পৰিয়ালৰ আন সদস্যসকলো উপস্থিত আছিল। কথা পাতি থকাৰ মাজতে চনীয়ে যেতিয়া নিজৰ ওৰণিখন খুলি আচল পৰিচয় দিয়ে, তেতিয়াহে প্ৰভুদত্তৰ চকু কপালত উঠে। তেওঁ গম পায় যে ইমান দিনে প্ৰেম কৰি থকা যুৱতীগৰাকী আন কোনো নহয়, তেওঁৰ নিজৰ পত্নীহে।

নিজৰ পত্নীক চিনাক্ত কৰাৰ পিছত প্ৰভুদত্তই তেওঁক চৰম হাৰাশাস্তি কৰিবলৈ ধৰে। কেৱল সেয়াই নহয়, তেওঁ চনীক হত্যাৰ ভাবুকিও প্ৰদান কৰে। পৰিস্থিতি অধিক বেয়া হোৱা দেখি চনীৰ পৰিয়ালৰ লোকসকলে বাধা দিয়ে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰভুদত্তক আটক কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১১৫ (২), ৩৫১ (২) আৰু ৩৫২ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd