ভাৰতীয় ক্ৰিকেট অধিনায়ক বিৰাট কোহলীৰ ৯ মহীয়া কন্যা সন্তানক ইণ্টাৰনেটত ধৰ্ষণৰ ভাবুকি দিয়া হায়দৰাবাদৰ এজন লোকক মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে আটক কৰিছে।
মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ২৩ বছৰীয়া ৰামনাগেশ শ্ৰীনিবাস আকুবাথিনী নামৰ লোকজনক ইতিমধ্যে হায়দৰাবাদৰ পৰা মুম্বাইলৈ অনা হৈছে। অভিযুক্ত শ্ৰীনিবাস এজন IIT স্নাতক।
ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছত বিৰাট কোহলীৰ কন্যা সন্তানটিৰ বিৰুদ্ধে ঘৃণনীয় মন্তব্য ছচিয়েল মিডিয়াত প্ৰকাশ পাইছিল।
পাকিস্তানৰ বিৰুদ্ধে মেচখনৰ পাছতে ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ ছামিক ধৰ্মৰ ভিত্তিত ইণ্টাৰনেটত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল একাংশ ধৰ্মোন্মাদ লোকে। তাৰ পিছতেই দলৰ অধিনায়ক কোহলীয়ে ছামিক ধৰ্মৰ দোহাই দি আক্ৰমণ কৰা সকলক সমালোচনা কৰিছিল।
এক সংবাদ মেলত কোহলীয়ে মন্তব্য কৰিছিল যে কাৰোবাক তেওঁলোকৰ ধৰ্মৰ ওপৰত আক্ৰমণ কৰাটো মানুহ হিচাপে কৰিব পৰা আটাইতকৈ শোচনীয় কাম। ধৰ্ম মানুহৰ ব্যক্তিগত বস্তু।
কোহলীৰ এই মন্তব্যৰ পাছতে ধৰ্মোন্মাদ এচামে কোহলীৰ পৰিয়াললৈ ভাবুকি প্ৰেৰণ কৰিছিল। কোহলীৰ ন মহীয়া কন্যা সন্তানটিক বলাৎকাৰৰ ভাবুকি দিয়া হৈছিল সামাজিক মাধ্যমত।
টুইটাৰকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ধৰ্ষণৰ ভাবুকিৰ স্ক্ৰীণশ্বট প্ৰচাৰ হোৱাৰ পিছত একাউণ্টটো ভাৰতীয় ব্যৱহাৰকাৰীৰ নহয় বুলি পতিয়ন নিয়াব বিচৰা হৈছিল। কিন্তু বুমলাইভ নামৰ এটা চাইটে প্ৰতিবেদন দিছিল যে এই ভাবুকি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে দিছিল যি আগতে @ramanheist নামেৰে টুইটাৰ ব্যৱহাৰ কৰিছিল। কিন্তু শেহতীয়াকৈ পাকিস্তানী নাগৰিকৰ বুলি প্ৰমাণিত কৰিবলৈ হেণ্ডেলৰ নাম সলনি কৰি @criccrazyygirl কৰিছিল।
হেণ্ডেলৰ দ্বাৰা অতীতৰ টুইটবোৰ বিশ্লেষণ কৰি বুমলাইভে প্ৰতিবেদন দিছিল যে একাউণ্টটো এজন তেলেগু ভাষী ভাৰতীয় সোঁপন্থী ব্যৱহাৰকাৰীয়ে চলাইছিল, পাকিস্তানী নাগৰিকৰ দ্বাৰা নহয়।
ইয়াৰ পূৰ্বে দিল্লী মহিলা আয়োগে শিশুটোৰ বিৰুদ্ধে ধৰ্ষণৰ ভাবুকিৰ সন্দৰ্ভত দিল্লী আৰক্ষীক জাননী জাৰি কৰিছিল। দিল্লী আৰক্ষীৰ আৰক্ষী উপায়ুক্ত আৰু চাইবাৰ অপৰাধ শাখালৈ সম্বোধন কৰা এখন জাননীত আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে কয় যে সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দিল্লী মহিলা আয়োগে বিষয়টো স্বতঃপ্ৰণোদিতভাৱে বিবেচনা কৰিছে।