DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ লগত নাই ভুৱন পেগু

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 6, 2019 9:09 pm
bhubon pegu mla

ভুৱন পেগু। ছবি সৌজন্য- ফে’চবুক।

1.9k
VIEWS
Share on FacebookShare on Twitter

সন্মিলিত গণশক্তিৰ নেতা ভুৱন পেগু নাই মিত্ৰ বিজেপিৰ লগত। নাগৰিকত্ব বিধেয়ক উত্থাপনৰ দৰে “বেয়া কাম” কৰাৰ বাবে গেৰুৱা-সংগ এৰিছে জোনাইৰ বিধায়কজনে।

“চৰকাৰৰ ভাল কামত সমৰ্থন দিম, কিন্তু বেয়া কামত চৰকাৰৰ লগত নাই,” ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অসমৰ জনজাতি সংগঠন সমন্বয়ৰক্ষী সমিতিৰ এখন জনসভাত বুধবাৰে এই মন্তব্য কৰিছে পেগুৱে।

বিদেশীক নাগৰিকত্ব দি সংস্থাপন দিলে “অসমত জুই জ্বলিব” বুলিও সোণোৱাল চৰকাৰক সকীয়াই পেগুৱে লগতে কয় যে চৰকাৰৰ এনে পদক্ষেপে অসমৰ ভূমিপুত্ৰ জনজাতিসকলকে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিব।

“অসমত হিন্দুৱে হওক বা মুছলমানেই হওক, বিদেশী সংস্থাপিত হ’লে সকলোতকৈ বেছি ক্ষতি হ’ব জনজাতিসকলৰ,” পেগুৰ মন্তব্য।

অসমৰ প্ৰকৃত বাসিন্দাসকলৰ কথা চৰকাৰখনে এবাৰো ভাবি নাচালে বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় অসমত কেৱল জনজাতীয় মানুহৰ হাতত থকা মাটিখিনি সুৰক্ষিত হৈ আছে। কিন্তু বিধেয়কখন আইনত পৰিণত হ’লে সেই মাটিও ভূমিপুত্ৰসকলৰ হাতৰ পৰা গুচি যাব বুলি তেওঁ মন্তব্য কৰে।

বিধেয়কখনৰ বিৰুদ্ধে অসমৰ ৰাইজৰ ধাৰাবাহিক আন্দোলনক উপেক্ষা কৰি অটল থকা বিজেপিৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰে মিত্ৰ বিধায়কজনে।

“সকলোৰে কেৱল সংখ্যাক লৈ ৰাজনীতি। কংগ্ৰেছে বাংলাদেশীমূলৰ মুছলমানক ৰক্ষণাৱেক্ষন দি ভোটবেংকৰ ৰাজনীতি কৰিছিল। এতিয়া বিজেপি চৰকাৰে কংগ্ৰেছৰ লগত ফেৰ মাৰিবলৈ বাংলাদেশী মূলৰ হিন্দুসকলক নাগৰিকত্ব দিয়াৰ প্ৰতিযোগিতাত নামিছে,” ভুৱন পেগুৰ মন্তব্য।

Recent News

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Drugs Seized

গুজৰাটত হাজাৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ মুম্বাই আৰক্ষীৰ: এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd