• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত ILP প্ৰযোজ্য কৰাৰ সমৰ্থক মই নহয় : প্ৰফুল্ল কুমাৰ মহন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 15, 2020 4:38 pm
Prafulla Mahanta

সংবাদমেল সম্বোধন কৰি থকা সময়ত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অন্যান্য বিভিন্ন জাতীয় দল-সংগঠনে অসমত আন্তৰ্জাতিক পাৰ পত্ৰ চমুকৈ আই এল পি দাবী কৰি অহাৰ সময়তে ইয়াৰ এক প্ৰকাৰ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

আজি গুৱাহাটীৰ গণেশগুৰিস্থিত হোটেল অম্বৰীশত এক সংবাদমেল সম্বোধন কৰি মহন্ত আই এল পিৰ সমৰ্থক নহয় বুলি উল্লেখ কৰাৰ লগতে তেওঁ কিয় আই এল পি হোৱাটো নিবিচাৰে তাকো বৰ্ণনা কৰে।

Apply Now

‘মই অসমত আই এল পিৰ সমৰ্থক নহয়। কিন্তু আই এল পি দিলে সেইটো প্ৰযোজ্য কৰাৰ সুবিধাটো আছে নে নাই চাব লাগিব। মেঘালয়ৰ পৰা অসমত সোমোৱাৰ লগে লগে মেচিনেৰীভাৱে অসম চৰকাৰে আই এল পিটো দিব পাৰিব নে নোৱাৰে।‘ মহন্তৰ দিনত কিয় আই এল পি প্ৰয়োগ কৰা নহ’ল বুলি সাংবাদিকে সোধাত তেওঁ এইদৰে কয়।

ইপিনে, ‘ILP হ’লে কি উপকাৰ হ’ব সেয়া চাব লাগিব অপকাৰ কি হয় সেয়াও চাব লাগিব‘ বুলি মন্তব্য কৰি মহন্তই ইয়াৰ অপকাৰিতা বৰ্ণনা কৰি কয়, ‘অসমত আই এল পি প্ৰয়োগ হ’লে তেলৰ কোম্পানী বা অন্য বহিৰাগত কোম্পানীত কাম কৰিবলৈ শ্ৰমিক অহাটো বন্ধ হৈ যাব। এতিয়া অন্ধ্ৰ আৰু কৰ্ণাটকত দুয়োখন ৰাজ্যত অসমৰ মানুহ প্ৰায় ৫ লাখ আছে, যদি সেই দুখন ৰাজ্যত আই এল পি হৈ যায় তেতিয়া অসমৰ নিবনুৱা সমস্যা কেনেকৈ নাইকিয়া হ’ব’?

ইয়াৰ উপৰি উক্ত সংবাদমেলতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ এক প্ৰসংগ উত্থাপন কৰি মহন্তই কয়, ‘বাংলাদেশৰ বৈদেশিক মন্ত্ৰীয়ে হিন্দু মানুহৰ পূজাৰ সংখ্যা কিমান বাঢ়িছে তাৰ হিচাপ দিছে। আনকি কোন মন্ত্ৰী কোন পূজালৈ গৈছে সেই হিচাপো দিছে। গতিকে গুৱাহাটীত বহি হিন্দুসকল অত্যাচাৰ হোৱা বুলি কৈ থাকিলে নহ’ব। উচ্চতম ন্যায়ালয়ে কি কৰে সেইটো আমি চাম বা জনসাধাৰণে চাব লাগিব।‘

মহন্তৰ মতে ‘এই আইনৰ সুৰুঙা লৈ যিসকল লোক আহিব সেইসকল ভাৰতৰ অন্য ৰাজ্যলৈ নাযায়, অসমলৈ আহিব।‘

ইপিনে, পূৰ্বতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম বুলি উল্লেখ কৰা মহন্ত কিয় ‘কা’ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নহ’ল বুলি এজন সাংবাদিকে সোধাত তেওঁ কয়, ‘অইন সংগঠন যদি উচ্চতম ন্যায়ালয়ৰ কাষ নাচাপিল হেঁতেন তেতিয়া আমি কাষ চাপিলোহেঁতেন। কংগ্ৰেছৰ নিজৰ উকীল আছে, আমাৰটো নাই। ১ লাখ টকা এপিয়াৰেঞ্চ লাগিব, আমি ক’ত পাম।‘

পূৰ্বতে এনেধৰণৰ কথা ভবা নাছিল নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত মহন্তই কয়, ‘আন দল-সংগঠন উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে গতিকে আমি চপা নাই। পাৰ্টী কিয় হ’ব লাগে? কাৰণটো কি, যুক্তি কি? অসমক ভাল পোৱা যিসকলে আবেদন জনাইছে সেইসকলক আমি সমৰ্থন জনাম।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd