• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমত ILP প্ৰযোজ্য কৰাৰ সমৰ্থক মই নহয় : প্ৰফুল্ল কুমাৰ মহন্ত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 15, 2020 4:38 pm

2 min read

Prafulla Mahanta

সংবাদমেল সম্বোধন কৰি থকা সময়ত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফটো : নৰ্থ-ইষ্ট নাও

4.2k
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অন্যান্য বিভিন্ন জাতীয় দল-সংগঠনে অসমত আন্তৰ্জাতিক পাৰ পত্ৰ চমুকৈ আই এল পি দাবী কৰি অহাৰ সময়তে ইয়াৰ এক প্ৰকাৰ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

আজি গুৱাহাটীৰ গণেশগুৰিস্থিত হোটেল অম্বৰীশত এক সংবাদমেল সম্বোধন কৰি মহন্ত আই এল পিৰ সমৰ্থক নহয় বুলি উল্লেখ কৰাৰ লগতে তেওঁ কিয় আই এল পি হোৱাটো নিবিচাৰে তাকো বৰ্ণনা কৰে।

‘মই অসমত আই এল পিৰ সমৰ্থক নহয়। কিন্তু আই এল পি দিলে সেইটো প্ৰযোজ্য কৰাৰ সুবিধাটো আছে নে নাই চাব লাগিব। মেঘালয়ৰ পৰা অসমত সোমোৱাৰ লগে লগে মেচিনেৰীভাৱে অসম চৰকাৰে আই এল পিটো দিব পাৰিব নে নোৱাৰে।‘ মহন্তৰ দিনত কিয় আই এল পি প্ৰয়োগ কৰা নহ’ল বুলি সাংবাদিকে সোধাত তেওঁ এইদৰে কয়।

ইপিনে, ‘ILP হ’লে কি উপকাৰ হ’ব সেয়া চাব লাগিব অপকাৰ কি হয় সেয়াও চাব লাগিব‘ বুলি মন্তব্য কৰি মহন্তই ইয়াৰ অপকাৰিতা বৰ্ণনা কৰি কয়, ‘অসমত আই এল পি প্ৰয়োগ হ’লে তেলৰ কোম্পানী বা অন্য বহিৰাগত কোম্পানীত কাম কৰিবলৈ শ্ৰমিক অহাটো বন্ধ হৈ যাব। এতিয়া অন্ধ্ৰ আৰু কৰ্ণাটকত দুয়োখন ৰাজ্যত অসমৰ মানুহ প্ৰায় ৫ লাখ আছে, যদি সেই দুখন ৰাজ্যত আই এল পি হৈ যায় তেতিয়া অসমৰ নিবনুৱা সমস্যা কেনেকৈ নাইকিয়া হ’ব’?

ইয়াৰ উপৰি উক্ত সংবাদমেলতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ এক প্ৰসংগ উত্থাপন কৰি মহন্তই কয়, ‘বাংলাদেশৰ বৈদেশিক মন্ত্ৰীয়ে হিন্দু মানুহৰ পূজাৰ সংখ্যা কিমান বাঢ়িছে তাৰ হিচাপ দিছে। আনকি কোন মন্ত্ৰী কোন পূজালৈ গৈছে সেই হিচাপো দিছে। গতিকে গুৱাহাটীত বহি হিন্দুসকল অত্যাচাৰ হোৱা বুলি কৈ থাকিলে নহ’ব। উচ্চতম ন্যায়ালয়ে কি কৰে সেইটো আমি চাম বা জনসাধাৰণে চাব লাগিব।‘

মহন্তৰ মতে ‘এই আইনৰ সুৰুঙা লৈ যিসকল লোক আহিব সেইসকল ভাৰতৰ অন্য ৰাজ্যলৈ নাযায়, অসমলৈ আহিব।‘

ইপিনে, পূৰ্বতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম বুলি উল্লেখ কৰা মহন্ত কিয় ‘কা’ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নহ’ল বুলি এজন সাংবাদিকে সোধাত তেওঁ কয়, ‘অইন সংগঠন যদি উচ্চতম ন্যায়ালয়ৰ কাষ নাচাপিল হেঁতেন তেতিয়া আমি কাষ চাপিলোহেঁতেন। কংগ্ৰেছৰ নিজৰ উকীল আছে, আমাৰটো নাই। ১ লাখ টকা এপিয়াৰেঞ্চ লাগিব, আমি ক’ত পাম।‘

পূৰ্বতে এনেধৰণৰ কথা ভবা নাছিল নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত মহন্তই কয়, ‘আন দল-সংগঠন উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে গতিকে আমি চপা নাই। পাৰ্টী কিয় হ’ব লাগে? কাৰণটো কি, যুক্তি কি? অসমক ভাল পোৱা যিসকলে আবেদন জনাইছে সেইসকলক আমি সমৰ্থন জনাম।‘

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd