• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মহিলা নিৰ্যাতনৰ গোচৰৰ শীঘ্ৰে বিচাৰ বিচাৰো’- মুখ্য ন্যায়াধীশৰ কাষত নৰেন্দ্ৰ মোদীৰ মন্তব্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 4:37 pm
323
VIEWS
Share on FacebookShare on Twitter

আৰজি কৰ কাণ্ডক লৈ দেশত হুলস্থুলৰ সৃষ্টি হোৱা ১৫ আগষ্টত লালকিল্লাৰ পৰা দিয়া ভাষণৰ পাছত পুনৰ মুখ মেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাৰ ওপৰত হোৱা হিংসাৰ ঘটনাটো অতি বেদনাদায়ক আৰু চিন্তাৰ বিষয়। নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে গোচৰ চলোৱাৰ প্ৰয়োজন।

দিল্লীত অনুষ্ঠিত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশ লৈ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক কাষত বহি মোদীয়ে দেশত নাৰীৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা অত্যাচাৰক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে এনেধৰণৰ অপৰাধ সমাজৰ বাবে অতি চিন্তনীয়। সেয়েহে প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে নাৰী সমাজৰ বিৰুদ্ধে যিকোনো অপৰাধৰ গোচৰ শীঘ্ৰে সমাধান কৰাটো প্ৰয়োজন।

উচ্চতম ন্যায়ালয়ে আয়োজন কৰা এই অনুষ্ঠানত মোদীয়ে কয় যে, যদি নাৰীৰ বিৰুদ্ধে অপৰাধৰ বিচাৰ ক্ষিপ্ৰতাৰে হয়, তেন্তে দেশৰ আধা জনসংখ্যা অৰ্থাৎ ছোৱালীয়ে নিৰাপত্তা অনুভৱ কৰিব। লগতে তেওঁ কয় যে দেশত মহিলাৰ সুৰক্ষাৰ বাবে অসংখ্য আইন আছে। ২০১৯ চনত গৃহীত হৈছিল ফাষ্ট ট্ৰেক ক’ৰ্ট আইন। যাৰ অধীনত প্ৰমাণ সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই ক্ষেত্ৰত জিলা নিৰীক্ষণ সমিতিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি এই সমিতিসমূহ শক্তিশালী কৰাৰ আশ্বাস দিব পাৰোঁ। মই বিচাৰো মহিলা নিৰ্যাতনৰ গোচৰটো যিয়েই নহওক সোনকালে বিচাৰ কৰা হওক। যাতে বাকী মহিলাসকলক অন্ততঃ আশ্বস্ত কৰিব পৰা যায়।

মোদীয়ে জোৰ দি কয় যে দেশত মহিলাৰ সুৰক্ষাৰ বাবে অতি কঠোৰ আইন আছে। কিন্তু আমি সেইবোৰ অধিক সক্ৰিয় বা কাৰ্যকৰী কৰা উচিত। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে এই কথা কোৱাৰ আগদিনা শুকুৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মোদীলৈ লিখা দ্বিতীয়খন পত্ৰ যোগে ধৰ্ষণ আৰু হত্যাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়নৰ দাবী জনায়। চিঠিখনত তেওঁ প্ৰধানমন্ত্ৰীলৈও লিখিছে দৃষ্টান্তমূলক শাস্তি বিচাৰি। পূৰ্বৰ চিঠিখনৰ কোনো সঁহাৰি নোপোৱাৰ অভিযোগো মমতাই প্ৰকাশ কৰে।

অৱশ্যে মমতাৰ চিঠিৰ উত্তৰ দিছে কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে। এইবাৰ মুখ্যমন্ত্ৰীৰ নাম নোলোৱাকৈয়ে প্ৰধানমন্ত্ৰীয়ে অভিযোগৰ উত্তৰ নিজৰ ভাষাত দিলে। পৰ্যবেক্ষকৰ মতে কোনো আইন থাকিলেও সময়মতে প্ৰয়োগ কৰি সক্ৰিয়ভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এনে গোচৰৰ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাটো গুৰুত্বপূৰ্ণ। যাতে বাৰ্তাটো অপৰাধী আৰু ভুক্তভোগী উভয়ৰে মাজলৈ যায়, চৰকাৰে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত কিমান কঠোৰ হ’ব পাৰে।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd