DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ৰ কয়লা খনিত আবদ্ধ অসমৰ শ্ৰমিকৰ খৱৰ ল’বলৈ আহৰি নাই ৰাজ্য প্ৰশাসনৰ

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত কয়লা খনিত আবদ্ধ হৈ পৰা খনি শ্ৰমিকক উদ্ধাৰৰ বাবে নামিব ভাৰতীয় বায়ু সেনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2018 3:48 pm
Meghalaya-coal-mining-rep-pictures-750x375

কয়লা খননৰ প্ৰতিনিধিত্বমূলক ফটো।

320
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত কয়লা খনিত বিগত দুটা সপ্তাহ ধৰি আবদ্ধ হৈ থকা পোন্ধৰজন খনি শ্ৰমিকক উদ্ধাৰ অভিযানত শেহতীয়াকৈ নামি পৰিব ভাৰতীয় বায়ুসেনা বাহিনীৰ এটি দল।

শুকুৰবাৰে ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে উচ্চ ক্ষমতাসম্পন্ন পাম্প তথা এনডিআৰএফৰ জোৱানক লৈ উৰিষ্যাৰ পৰা আহি উদ্ধাৰ অভিযানত নামি পৰিব। তদুপৰি, উৰিষ্যা অগ্নি নিৰ্বাপক সেৱাৰ এটা দলো বিমানেৰে আহি আছে।

অত্যাধুনিক মাৰ্টিন চি-১৩০জে ছুপাৰ হাৰকুলেছ বিমানখন গুৱাহাটীত অৱতৰম কৰি ইয়াৰ পৰাই শক্তিশালী পাম্পটো মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰলৈ লৈ যোৱা হ’ব। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ এটা বাতৰিত এইকথা প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে ১৫ জন খনি শ্ৰমিক মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ কেছান কয়লা খনিত যোৱা ১৩ ডিচেম্বৰৰ পৰাই আবদ্ধ হৈ আছে। এই শ্ৰমিকসকলৰ বেছিভাগেই অসম আৰু মেঘালয়ৰ। ইতিমধ্যে এছডিআৰএফ, এনডিআৰএফ আৰু স্থানীয় কৰ্তৃপক্ষই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে যথাসাধ্য চেষ্টা চলাইছে যদিও খনিত জলস্তৰ বেছি হোৱা বাবে এতিয়াও উদ্ধাৰত সফল হ’ব পৰা নাই।

এই উদ্ধাৰ অভিযানত মেঘালয় চৰকাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যদিও অসমৰ কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থকাৰ পাছতো অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এনে এক পৰিস্থিতিত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে ভাৰতীয় বায়ুসেনাই উদ্ধাৰৰ অভিযানত সহায় আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অগ্নিনিৰ্বাপক সেৱাৰ সঞ্চালক প্ৰধান বি কে শৰ্মাই জানিবলৈ দিয়ে যে মুখ্য অগ্নি নিৰ্বাপক সেৱা বিষয়া সুকান্ত শেঠীৰ নেতৃত্বত এটা ২০ জনীয়া সদস্যৰ দল বায়ু সেনা বাহিনীৰ এখন বিশেষ বিমানেৰে উচ্চ শক্তি সম্পন্ন পাম্পকে ধৰি সা-সজুঁলিৰে সৈতে শ্বিলঙলৈ ৰাওনা হৈছে। ‘’ আবদ্ধ হৈ পৰা খনি শ্ৰমিকসকলক উদ্ধাৰৰ ক্ষেত্ৰত তেওঁলোকে স্থানীয় কৰ্তৃপক্ষক সহায় কৰিব,’’-তেওঁ কয়।

দলটোৱে আন আন উচ্চ প্ৰযুক্তিৰ সা-সজুলি তথা যন্ত্ৰ-পাতিৰ উপৰিও কমেও ২০ টা উচ্চ ক্ষমতা সম্পন্ন পাম্প লৈ আনিছে। এই একোটা পাম্পে প্ৰতি মিনিটত ১,৬০০ লিটাৰ পানী উলিয়াই দিব পৰা শক্তি সম্পন্ন। দলটোৱে প্ৰথমতে পৰিস্থিতিটো অধ্যয়ন তথা বিশ্লেষণ কৰাৰ পাছত সন্ধান তথা উদ্ধাৰ অভিযান আৰম্ভ কৰিব।

Recent News

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd