আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৭ৰ গ্ৰুপ ঘোষণা কৰা হৈছে। ভাৰত, পাকিস্তান আৰু অষ্ট্ৰেলিয়া একেটা গ্ৰুপতে আছে। অহা বছৰ দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট মেগা ইভেণ্টৰ বাবে ভাৰতক গ্ৰুপ এত স্থান দিয়া হৈছে। এই গ্ৰুপত আছে পাকিস্তান, অষ্ট্ৰেলিয়া, আফগানিস্তান, সহ-আয়োজক জিম্বাবুৱে আৰু এটা কোৱালিফায়াৰ দল।
আনহাতে, গ্ৰুপ বিত সহ-আয়োজক দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু আন এটা কোৱালিফায়াৰ দল অন্তৰ্ভুক্ত কৰা হৈছে। বৃহস্পতিবাৰে (২০২৬ চনৰ ১ অক্টোবৰ) আইচিচিয়ে কেপ টাউনত বিশ্বকাপৰ সময়সূচী ঘোষণাৰ বাবে অনুষ্ঠান আয়োজন কৰে। এই বিশ্বকাপত মুঠ ১৪টা দলে অংশগ্ৰহণ কৰিব আৰু ১২টা স্থানত ৫৭খন খেল অনুষ্ঠিত হ’ব।
গ্ৰুপ এ-ত ভাৰত, পাকিস্তান আৰু অষ্ট্ৰেলিয়া
২০২৭ চনৰ বিশ্বকাপৰ গ্ৰুপ এ নিঃসন্দেহে আলোচনাৰ কেন্দ্ৰবিন্দু। এই গ্ৰুপত ক্ৰিকেটৰ তিনি বৃহৎ শক্তি ভাৰত, পাকিস্তান আৰু অষ্ট্ৰেলিয়া অন্তৰ্ভুক্ত। তেওঁলোকৰ সৈতে যোগ দিব আফগানিস্তান, জিম্বাবুৱে আৰু এটা কোৱালিফায়াৰ দলে।
গ্ৰুপ এ:
- ভাৰত
- পাকিস্তান
- অষ্ট্ৰেলিয়া
- আফগানিস্তান
- জিম্বাবুৱে
- কোৱালিফায়াৰ এ
গ্ৰুপ বি:
- দক্ষিণ আফ্ৰিকা
- ইংলেণ্ড
- নিউজিলেণ্ড
- শ্ৰীলংকা
- বাংলাদেশ
- কোৱালিফায়াৰ বি
পুনৰ ভাৰত-পাকিস্তানৰ মুখামুখি
ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপত থকাৰ বাবে ইতিমধ্যে ২০২৭ চনৰ বিশ্বকাপত দুয়োটা প্ৰধান প্ৰতিদ্বন্দ্বী দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ প্ৰতি ক্ৰিকেট অনুৰাগীৰ আগ্ৰহ প্ৰকাশ পাইছে। গ্ৰুপ পৰ্যায়ত মুখামুখি হোৱাৰ উপৰিও পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িলে দুয়োটা দলে পুনৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে।
নতুন ফৰ্মেট অনুসৰি দুয়োটা গ্ৰুপৰ মুঠ ১২টা দলৰ ভিতৰত শীৰ্ষ সাতটা দলে ছুপাৰ চেভেন পৰ্যায়লৈ আগবাঢ়িব। ইয়াৰ পিছত ছুপাৰ চেভেনৰ শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ফলত যদি ভাৰত আৰু পাকিস্তান দুয়োটাই পৰৱৰ্তী পৰ্যায়ত উপনীত হয় তেন্তে হয়তো আকৌ এবাৰ ইটোৱে সিটোৰ মুখামুখি হোৱাৰ সুযোগ পাব।
ভাৰত-অষ্ট্ৰেলিয়া মেচত ২০২৩ চনৰ ফাইনেলৰ পুনৰাবৃত্তি
২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলৰ দল দুটা ভাৰত আৰু অষ্ট্ৰেলিয়াও আছে গ্ৰুপ এ-ত। ২০২৩ চনত আহমেদাবাদত ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই বিশ্বকাপ জয় কৰিছিল। ফলত ২০২৭ চনৰ গ্ৰুপ পৰ্যায়ত পুনৰ মুখামুখি হ’ব দুয়োটা দল। ইয়াৰ পূৰ্বে ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলতো ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হৈছিল। সেই প্ৰতিযোগিতাখনৰ সহ-আয়োজক আছিল দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু কেনিয়া। ২০২৭ চনত ২৪ বছৰৰ পাছত আফ্ৰিকাৰ মাটিলৈ ঘূৰি আহিছে বিশ্বকাপ।
২০২৭ চনৰ বিশ্বকাপ কেনেদৰে অনুষ্ঠিত হ’ব?
২০২৭ চনৰ বিশ্বকাপৰ নতুন ফৰ্মেট প্ৰৱৰ্তন কৰিছে আইচিচিয়ে। প্ৰথমতে ১৪টা দলৰ ভিতৰত সৰ্বনিম্ন ৰেংকিঙৰ তিনিটা দলে ছুপাৰ ছিৰিজ খেলিব। তিনিটা দলৰ ৰাউণ্ড ৰবিন পৰ্যায়ৰ পৰা এটা দলে ১২টা দলৰ মূল গ্ৰুপ পৰ্যায়ত স্থান লাভ কৰিব। তাৰ পিছত ১২টা দলক দুটা গ্ৰুপত ভাগ কৰি মুঠ ৩০খন খেল অনুষ্ঠিত হ’ব। দুয়োটা গ্ৰুপৰ প্ৰতিটোৰ পৰা শীৰ্ষ তিনিটা দল আৰু দুয়োটা গ্ৰুপৰ পৰৱৰ্তী শ্ৰেষ্ঠ দলে ছুপাৰ চেভেনলৈ আগবাঢ়িব।
ছুপাৰ চেভেনত মুঠ ৭টা দলে ইটোৱে সিটোৰ বিৰুদ্ধে খেলিব। এই পৰ্যায়ত ২১খন খেলৰ অন্তত পইণ্ট টেবুলৰ শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। প্ৰথম স্থানৰ দলটোৱে চতুৰ্থ স্থানৰ দলৰ বিৰুদ্ধে খেলিব আৰু দ্বিতীয় স্থানৰ দলটোৱে তৃতীয় স্থানৰ দলৰ বিৰুদ্ধে খেলিব। দুয়োটা ছেমি ফাইনেলৰ বিজয়ী দলে ফাইনেলত খেলিব।
কেতিয়াৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ?
আইচিচিৰ তথ্য অনুসৰি ২০২৭ চনৰ বিশ্বকাপ ২০২৭ চনৰ ২ অক্টোবৰৰ পৰা নামিবিয়াৰ উইণ্ডহ’কত অনুষ্ঠিত হ’ব ছুপাৰ ছিৰিজৰ সৈতে। ২০২৭ চনৰ ২১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ ফাইনেল। দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াই যৌথভাৱে এই বিশ্বকাপ আয়োজন কৰিব। দক্ষিণ আফ্ৰিকাৰ ৮খন চহৰ, জিম্বাবুৱেৰ তিনিখন চহৰ আৰু নামিবিয়াৰ উইণ্ডহ’কত অনুষ্ঠিত হ’ব বিশ্বকাপৰ খেল। ১২টা স্থানত মুঠ ৫৭খন খেল অনুষ্ঠিত হ’ব।
বিশ্বকাপৰ টিকটৰ বাবেও পঞ্জীয়ন আৰম্ভ
সূচী ঘোষণাৰ সমান্তৰালকৈ ১ অক্টোবৰৰ পৰাই ২০২৭ চনৰ বিশ্বকাপৰ টিকটৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে। আই চি চিয়ে কয় যে এই প্ৰক্ৰিয়া ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভিছ ভিত্তিত নহ’ব। ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা ২১ নৱেম্বৰলৈ দাখিল কৰা বৈধ আৱেদনসমূহ সমানে বিবেচনা কৰা হ’ব।
২৪ বছৰৰ পাছত আফ্ৰিকালৈ ঘূৰি অহা এই বিশ্বকাপত ২০২৭ চনৰ বিশ্বকাপৰ সূচী প্ৰকাশ পোৱাৰ পিছৰে পৰা প্ৰতিযোগিতাখনৰ প্ৰতি আগ্ৰহ বাঢ়িছে, কিয়নো ভাৰত-পাকিস্তান আৰু ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে খেলসমূহ গ্ৰুপ পৰ্যায়তে আছে।





