DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাগ্ৰামা যদি বাঘ মই সিংহ : মনোজ কুমাৰ ৰাভা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 13, 2020 6:41 pm
Hagrama Mahilari

মনোজ কুমাৰ ৰাভা আৰু হাগ্ৰামা মহিলাৰী

3.9k
VIEWS
Share on FacebookShare on Twitter

‘‘হাগ্ৰামা যদি বাঘ, মই সিংহ। হাগ্ৰামা মহিলাৰীয়ে এইবাৰ বিটিচি দখলৰ বাবে মদ-মাংস খুৱাই নাইবা টকা পইচা বিলাই ভোট আদায় কৰিব নোৱাৰে। এইবাৰ নিশ্চিত ভাবে দেৱৰগাঁৱত হাগ্ৰামা পৰাজিত হব,’’ বিটিচি নিৰ্বাচনৰ ১০ নং দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী মনোজ কুমাৰ ৰাভাই এইদৰে কয়।

অহা ৪ এপ্ৰিলত অনুস্থিত হ’ব লগা বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে মনোজ কুমাৰ ৰাভা।

নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতেই বিটিচি পৰিষদ দখল কৰিবলৈ তৎপৰ হৈ পৰিছে বিজেপি-বিপিএফ-অগপ মিত্ৰজোট,  ইউপিপিএলৰ লগতে সাংসদ নৱকুমাৰ শৰনীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টী৷

বিটিচি নিৰ্বাচনক লৈ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে ব্যাপক নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।

ইতিমধ্যে গণ সুৰক্ষা পাৰ্টীয়ে কালি প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। এই তালিকাত ৫ টা ভিন্ন সমষ্টিত তামুলপুৰৰ ৫ জন যুৱ নেতাক প্ৰাৰ্থীত্ব প্ৰদান  কৰিছে।

ইয়াৰ ভিতৰত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ দখলত থকা ১০ নং দেৱৰগাঁও সমষ্টিত  সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে যুৱ নেতা তথা তামুলপুৰৰ বাসিন্দা মনোজ কুমাৰ ৰাভাক প্ৰক্ষেপ কৰিছে ।

প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰাৰ পাছতে আজি তামুলপুৰ মহকুমাৰ  নতুন হাউলীৰ বাসিন্দা যুৱনেতা মনোজ কুমাৰ ৰাভাক যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা যায়।

আজি তামুলপুৰত সাংবাদিকেৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ দেৰগাঁৱত বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে।

বিটিচি প্ৰধান মহিলাৰীক পৰাজিত কৰিবলৈ গণ সুৰক্ষা পাৰ্টীয়ে সমষ্টিটোত ব্যাপক তৎপৰতা অৱলম্বন কৰিছে বুলিও ৰাভাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে৷

সমষ্টিটোৰ চুকে-কোনে গৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰা মনোজ ৰাভাই সমষ্টিটোৰ পৰা এইবাৰ হাগ্ৰামা মহিলাৰীয়ে বিদায় লব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ  মন্তব্য কৰে৷

বিগত পোন্ধৰ বছৰে হাগ্ৰামা মহিলাৰীয়ে নিজৰ সমষ্টিৰ কোনো ধৰণৰ চকুত লগা উন্নয়ন কৰিবলৈ সক্ষম নহ’ল বুলি অভিযোগ তুলি সমষ্টিটোৰ ৰাইজে পৰিবৰ্তন বিচাৰি গণ সুৰক্ষা পাৰ্টীলৈ বিপুল সমৰ্থন আগবঢ়াইছে বুলিও ৰাভাই লগতে কয়।

Recent News

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Crime in Guwahati

মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনা: যুৱকৰ দাৰ ঘাপত তিনিজন আহত

Indian first K-pop artist

দেশৰ প্ৰথমগৰাকী কে-পপ সংগীতশিল্পী ৰূপে স্বীকৃতি পালে উৰিষ্যাৰ যুৱতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd