• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতীক হাজেলাৰ বিৰুদ্ধে দৰকাৰত গোচৰ তৰিব তৰুণ গগৈয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 14, 2019 8:51 pm
If needed, former Assam CM Tarun Gogoi ready to file case against NRC state co-ordinator Prateek Hajela

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত পৰ্য্যায়ৰ কাম চলি থকাৰ মাজতেই একাংশ লোকৰ ভুৱা আপত্তিৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে বহু নিৰীহ নাগৰিক। একাংশ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকৰ উপৰিও অসমীয়াভাষী আৰু সত্ৰাধিকাৰৰ পৰিয়ালৰ বিৰুদ্ধেও নাগৰিকত্বক লৈ আপত্তি উত্থাপিত হৈছে।

কিন্তু ভুৱা আপত্তিৰ ভিত্তিত এনে লোকসকলক শুনানিৰ বাবে মাতি অনা কাৰ্য্যত ক্ষোভ ব্যক্ত কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই ক্ষেত্ৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু প্ৰক্ৰিয়াটোৰ লগত জড়িত বিষয়াসকলক দোষাৰোপ কৰে।

Apply Now

উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তত বহুলোকৰ বিৰূদ্ধে ভিত্তিহীন আপত্তি দাখিল হোৱা ঘটনাই অঞ্চলবিশেষে ৰাইজৰ মাজত শংকা আৰু অশান্তিকৰ পৰিৱেশৰ সূচনা কৰাৰ সময়তে ৰাজ্যৰ সমাজ জীৱনত বিশেষ অৱদান থকা কেইবাটাও পৰিয়ালৰ বিৰুদ্ধে আপত্তি দাখিল হোৱা বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে।

আপত্তি দাখিল হোৱা তালিকাখনত সোমাইছে মৰিগাঁৱৰ মুক্তিযোদ্ধা মহানন্দ দেৱগোস্বামী, জখলাবন্ধাৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ গোস্বামীৰ পৰিয়াল, নগাঁৱৰ শিক্ষা-সংস্কৃতিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা তথা প্ৰাক্-স্বাধীনতা কালৰ বিধায়ক ওচমান আলী সদাগৰৰ পৰিয়াল, অসমীয়া সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদৰ পৰিয়াল ইত্যাদি।

এনে ধৰণৰ বহু প্ৰকৃত ভাৰতীয় পৰিয়ালৰ বিৰুদ্ধে দাখিল হোৱা আপত্তি সন্দৰ্ভত তৰুণ গগৈয়ে কয়, ‘ভাৰতীয় মানুহক হাৰাশাস্তি কৰিবলৈ হাজেলাই অধিকাৰ ক’ত পালে, দৰকাৰ হ’লে আমি হাজেলাৰ বিৰূদ্ধে কে’চ কৰিম’।

ইয়াৰ বাবে গগৈয়ে এন আৰ চিৰ বিষয়াসকলকো জগৰীয়া কৰি তেওঁলোককো শাস্তি বিহিব লাগে বুলি মন্তব্য কৰে।

‘মহানন্দ দেৱ গোস্বামীৰ দৰে পৰিয়ালৰ বিষয়ে অফিচাৰসকলে নাজানে নেকি? কিয় তেওঁলোকৰ বিৰুদ্ধে আপত্তি ল’বলগীয়া হ’ল? কিয় তেওঁলোকক শুনানিত মাতিবলগীয়া হ’ল?’ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ প্ৰশ্ন।

ইপিনে এন আৰ চি প্ৰক্ৰিয়াটো লেহেমীয়া হোৱা বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰকো সমালোচনা কৰে তৰুণ গগৈয়ে। এন আৰ চিৰ বিষয়টো ত্ৰিপাক্ষিক বুলি মন্তব্য কৰি গগৈয়ে কয় যে এইক্ষেত্ৰত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু আছুৰ প্ৰতিনিধিৰ মাজত ত্ৰিপাক্ষিক আলোচনাৰ প্ৰয়োজন আছে যদিও বিজেপি চৰকাৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd