NORTHEAST NOW (Assamese)

‘দ্য কাশ্মীৰ ফাইলছ্’ক নিম্ন ৰুচিৰ আৰু প্ৰপাগাণ্ডামূলক চলচ্চিত্ৰ আখ্যা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ

November 29, 2022 10:09 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 29, 2022 10:11 am

চলিত বৰ্ষৰ আৰম্ভণিৰ ফালে মুক্তি লাভ কৰা বিবেক অগ্নিহোত্ৰী পৰিচালিত বলীউডৰ বহু চৰ্চিত চলচ্চিত্ৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক প্ৰপাগাণ্ডামূলক আৰু নিম্ন ৰুচিৰ চলচ্চিত্ৰ বুলি অভিহিত কৰিছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই আই এফ আই) ২০২২ৰ জুৰী মুৰব্বী নাদৱ লাপিদে।

ইজৰাইলী চলচ্চিত্ৰ নিৰ্মাতা নাদৱ লাপিডে লগতে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰে এক সন্মানীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক শিতানত ছবিখন দেখি তেওঁ হতভম্ব হৈ পৰিছে বুলিও মন্তব্য কৰে।

লাপিদে কয়, “আমি সকলোৱে বিচলিত হৈছো। আমাৰ মনত এনে এখন প্ৰতিষ্ঠিত প্ৰতিযোগিতাৰ এটা কলাত্মক প্ৰতিযোগিতামূলক শাখাৰ বাবে এয়া প্ৰপাগাণ্ডামূলক আৰু নিম্ন ৰুচিৰ অনুপযুক্ত চিনেমাৰ অন্তৰ্ভুক্তি যেন লাগিল।”

“যিহেতু উৎসৱৰ মনোভাৱে সঁচা অৰ্থত সমালোচনাত্মক আলোচনাক গ্ৰহণ কৰে আৰু ই শিল্প আৰু জীৱনৰ বাবে অপৰিহাৰ্য, সেয়ে মোৰ এই অনুভৱ মঞ্চত মুকলিকৈ ভাগ-বতৰা কৰি মই সম্পূৰ্ণ আৰাম অনুভৱ কৰিছো।”- গোৱাৰ পানাজীত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ দ্বিতীয় দিনটোত এইদৰে কয় নাদৱ লাপিদে।

২০২২ চনৰ বাবে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা ছেগমেণ্টৰ লাইন আপত ‘কাশ্মীৰ ফাইলছ’ক তালিকাভুক্ত কৰা হৈছিল।

যোৱা ২৩ নৱেম্বৰত কাশ্মীৰ ফাইলছৰ মুখ্য অভিনেতা অনুপম খেৰে চিনেমাখনৰ দ্বাৰা সমগ্ৰ বিশ্বৰ মানুহক নব্বৈৰ দশকত কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ ওপৰত ঘটা ট্ৰেজিক কাণ্ডৰ বিষয়ে সচেতন হোৱাত সহায় কৰা হৈছিল বুলি মন্তব্য কৰিছিল।

পিছে অনুপম খেৰৰ মন্তব্যৰ বিপৰীতে নদৱ লাপিদৰ মন্তব্যৰ ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হয়। টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, “কাশ্মীৰী পণ্ডিতসকলৰ ন্যায়ৰ এক স্পৰ্শকাতৰ বিষয় অপপ্ৰচাৰৰ বেদীত বলিদান দিয়া হ’ল।”

স্মৰ্তব্য যে দ্য কাশ্মীৰ ফাইলছৰ মুক্তিৰ পাছতে আশ্চৰ্যজনকভাৱে ছবিখনৰ প্ৰচাৰত নামি পৰিছিল কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি দলৰ নেতা-কৰ্মীসকল। বিজেপি শাসিত কেইবাখনো ৰাজ্যত চিনেমাখন কৰমুক্ত ঘোষণা কৰাৰ লগতে চিনেমাখন চোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীক ছুটী পৰ্যন্ত দিয়া হৈছিল।

বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত ছবিখনত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, দৰ্শন কুমাৰ, পল্লৱ যোশী, ভাষা সুম্বলী, চিন্ময় মাণ্ডলেকাৰসহ কেইবাগৰাকীও কলা-কুশলীয়ে অভিনয় কৰিছিল।

Related News