• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইউটিউবত ধৰ্মকথা আৰু আশ্ৰমত যুৱতীৰ ওপৰত নিৰ্যাতন : মথুৰাত গ্ৰেপ্তাৰ আইআইটিৰ স্নাতক ভুৱা ধৰ্মগুৰু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 9:54 pm
77
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউটিউবত ধৰ্মীয় কথা শুনাই ভক্তৰ দল গঢ়ি তুলিছিল এজন যুৱকে। নিজকে আধ্যাত্মিক গুৰু হিচাপে দেখুৱাই তেওঁ বহু যুৱক-যুৱতীৰ বিশ্বাস জয় কৰিছিল। কিন্তু ধৰ্মৰ এই মুখাখনৰ আঁৰত চলি আছিল এক ভয়ংকৰ অপৰাধ। উত্তৰ প্ৰদেশ আৰক্ষীয়ে আইআইটি ৰুৰকীৰ প্ৰাক্তন ছাত্ৰ অভিষেক মিশ্ৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে কেইবাগৰাকীও যুৱতীক জালত পেলাই যৌন নিৰ্যাতন চলোৱা, ব্লেকমেইল কৰা আৰু পৰিয়ালৰ পৰা ধন দাবী কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে ওড়িশাৰ বাসিন্দা ২৯ বছৰীয়া অভিষেক মিশ্ৰই ২০২১ চনত  আইআইটি ৰুৰকীৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিছিল। ইয়াৰ পিছত তেওঁ মথুৰালৈ আহে আৰু নিজকে আদিকৰ্তা নাৰায়ণ দাস নামৰ এজন ধৰ্মগুৰু হিচাপে পৰিচয় দিবলৈ আৰম্ভ কৰে। যোৱা প্ৰায় চাৰি বছৰ ধৰি তেওঁ মথুৰাৰ ৰাধাকুঞ্জ অঞ্চলত বাস কৰি আছিল। ভক্তসকলক আকৰ্ষণ কৰিবলৈ অভিষেকে ৰাধা কৃপা অমৃত নামৰ এটা ইউটিউব চেনেল চলাইছিল। তাত তেওঁ হিন্দী আৰু ইংৰাজী ভাষাত ধৰ্মীয় আলোচনা আৰু ভাষণ দিছিল। ইয়াৰ উপৰিও তেওঁ ভুৱা পৰিচয়েৰে লিংকডইনতো সক্ৰিয় আছিল। এই অনলাইন প্লেটফৰ্মসমূহৰ জৰিয়তে তেওঁ বিশেষকৈ শিক্ষিত আৰু ইঞ্জিনিয়াৰিং পঢ়ি থকা যুৱতীসকলৰ সৈতে যোগাযোগ গঢ়ি তুলিছিল।

Apply Now

অভিযোগ অনুসৰি তেওঁ লাহে লাহে যুৱতীসকলক নিজৰ পৰিয়ালৰ পৰা আঁতৰাই আনি আশ্ৰমৰ দৰে ঘৰত থাকিবলৈ উৎসাহিত কৰিছিল। আৰক্ষীয়ে জনোৱা মতে এসময়ত তাত প্ৰায় ২৪ গৰাকী যুৱক-যুৱতী একেলগে বাস কৰিছিল। তদন্তত পোহৰলৈ অহা অনুসৰি অভিষেকে তথাকথিত গান্ধৰ্ব বিবাহৰ কথা কৈ যুৱতীসকলৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। তাৰ পিছত প্ৰসাদৰ নামত ড্ৰাগছ মিহলি গাখীৰ খুৱাই তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলোৱছিল। কেৱল এয়াই নহয়, সেই ঘটনাৰ ছবি আৰু ভিডিঅ’ গোপনে ৰেকৰ্ড কৰি পিছত ব্লেকমেইলৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল।

ছত্তীশগড়ৰ এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই তদন্ত আৰম্ভ কৰে। যুৱতীগৰাকীৰ গোচৰৰ পিছতে আৰক্ষীয়ে অভিষেকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হয়। তেওঁৰ ম’বাইল ফোনৰ পৰা উদ্ধাৰ হোৱা কেইবাটাও আপত্তিজনক ছবি আৰু ভিডিঅ’ বৰ্তমান তদন্তৰ গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে পৰীক্ষা কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে আশ্ৰমত থকা লোকসকলৰ পৰিয়ালৰ পৰাও নিয়মিতভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। সময়ৰ লগে লগে বহুতে অভিষেকৰ আচৰণত সন্দেহ কৰি তাৰ পৰা ওলাই আহিছিল যদিও আৰম্ভণিতে তেওঁলোকক ব্ৰেইনৱাছ কৰি নিজৰ প্ৰতি অনুগত কৰি ৰখা হৈছিল। এই চক্ৰৰ বলি কিমান মহিলা হৈছে আৰু এই কাৰ্যকলাপ কিমান দিন ধৰি চলি আছিল তাৰ বিশদ তদন্ত চলাইছে আৰক্ষীয়ে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে মথুৰা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd