উত্তৰ প্ৰদেশৰ কানপুৰস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (IIT Kanpur) চৌহদত বিটেক চতুৰ্থ বৰ্ষৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত ছাত্ৰজনৰ কোঠাত উদ্ধাৰ হোৱা এখন বহীত “Sorry Everyone” বুলি লিখা আছিল, যাৰ ফলত ঘটনাটোৱে এক ৰহস্যজনক হৈ পৰিছে।
মৃত ছাত্ৰজন ৰাজস্থানৰ আজমেৰৰ বাসিন্দা ২৬ বছৰীয়া জয় সিং মীনা বুলি চিনাক্ত কৰা হৈছে। তেওঁ আইআইটি কানপুৰৰ জৈৱ-বিজ্ঞান আৰু জৈৱ-অভিযান্ত্ৰিক বিভাগৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আছিল। তেওঁ প্ৰতিষ্ঠানখনৰ ই-ব্লক হোষ্টেলৰ ১৪৮ নম্বৰ কোঠাত বাস কৰিছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি, জয় সিঙৰ সৈতে একেলগে থকা সতীৰ্থ শীতকালীন বন্ধৰ বাবে ঘৰলৈ গৈছিল। সোমবাৰে পুৱা বহু সময় ধৰি ফোন কৰাৰ পিছতো কোনো সঁহাৰি নোপোৱাত হোষ্টেল কৰ্তৃপক্ষক অৱগত কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে উপস্থিত হৈ দুৱাৰ ভাঙি কোঠাটোৰ ভিতৰত চিলিঙৰ ৰডত ওলমি থকা অৱস্থাত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে।
সহকাৰী আৰক্ষী আয়ুক্ত আশুতোষ কুমাৰে জনোৱা মতে, প্ৰাথমিক তদন্তত সন্দেহ কৰা হৈছে যে ছাত্ৰজনে প্ৰথমে হাতৰ কাটি আত্মহত্যাৰ চেষ্টা কৰিছিল। কোঠাৰ ভিতৰত তেজৰ দাগ লাগি থকা এখন কটাৰি উদ্ধাৰ হৈছে। তদন্তকাৰীসকলৰ মতে, সেই প্ৰচেষ্টাত বিফল হোৱাৰ পিছত তেওঁ চিপ লৈ আত্মহত্যা কৰে।
প্ৰথম অৱস্থাত ইয়াক আত্মহত্যা বুলি ধাৰণা কৰা হৈছে যদিও আৰক্ষীয়ে সকলো দিশ পৰীক্ষা কৰিছে। উল্লেখযোগ্য যে, যোৱা ২৮ ডিচেম্বৰৰ পৰা আইআইটি কানপুৰত শীতকালীন ছুটী আৰম্ভ হৈছিল আৰু জয় সিঙৰো ঘৰলৈ যোৱাৰ কথা আছিল। তেনেস্থলত কি মানসিক চাপত পৰি তেওঁ এই চৰম সিদ্ধান্ত ল’লে, তাক লৈ মৰ্মাহত হৈছে সহপাঠীসকল।
উল্লেখ্য যে, যোৱা পাঁচ বছৰত আইআইটি কানপুৰত এয়া দশমটো আত্মহত্যাৰ ঘটনা। মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত বৃদ্ধি পোৱা এনে আত্মহত্যাৰ প্ৰৱণতাই দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।





