NORTHEAST NOW (Assamese)

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

June 28, 2025 9:19 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 28, 2025 9:20 am

তামিলনাডুৰ চেন্নাইস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজি মাদ্ৰাজ (আই আই টি মাদ্ৰাজ)ৰ চৌহদত এগৰাকী ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত ২২ বছৰীয়া এজন ফুড ষ্টলৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে।

২৫ জুনৰ সন্ধিয়া প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই ঘটনা। সেইদিনা আন এখন প্ৰতিষ্ঠানৰ এগৰাকী ছাত্ৰী আই আই টি মাদ্ৰাজলৈ আহিছিল। তেওঁক অকলে পাই কেম্পাছৰ ভিতৰতে এক জঘন্য অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

আই আই টি মাদ্ৰাজে জাৰি কৰা সংবাদ মাধ্যমৰ বিবৃতি অনুসৰি অভিযুক্তৰ নাম ৰোশন কুমাৰ। তেওঁ মুম্বাইৰ বাসিন্দা। আগতে আই আই টি মাদ্ৰাজ কেম্পাছৰ ভিতৰত অৱস্থিত ফুড ক’ৰ্টৰ ভিতৰত “মুম্বাই চাট” নামৰ এটা ফুড ষ্টলত কাম কৰিছিল।

বিবৃতিটোত কোৱা হৈছে যে, “২০২৫ চনৰ ২৫ জুনত আই আই টি মাদ্ৰাজ কেম্পাছত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। আই আই টি কেম্পাছত কৰ্মৰত এজন ঠিকাভিত্তিক ভেণ্ডৰ কৰ্মচাৰীয়ে আন এখন প্ৰতিষ্ঠানৰ এগৰাকী ছাত্ৰীৰ সৈতে অসৎ আচৰণ কৰে। ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত তাত থকা লোকসকলে অভিযুক্তক ধৰি স্থানীয় আৰক্ষীক গতাই দিয়ে।

সূত্ৰৰ পৰা জানিব পৰা মতে, ছাত্ৰীগৰাকীয়ে অকলে খোজ কাঢ়ি থকা অৱস্থাত অভিযুক্ত ৰোশন কুমাৰে লাঠি লৈ তেওঁৰ কাষ চাপিছিল। তাৰ পিছত তেওঁ ছাত্ৰীগৰাকীৰ চুলি টানি যৌন নিৰ্যাতন চলায়। কোনোমতে পলাবলৈ সক্ষম হয় ছাত্ৰীগৰাকী। এই কথা জানিব পাৰি লগে লগে কেম্পাছৰ চকীদাৰে ৰোশন কুমাৰক ধৰি আৰক্ষীৰ হাতত গতাই দিলে।

আই আই টি মাদ্ৰাজ কৰ্তৃপক্ষই দাবী কৰে যে, “আই আই টি(এম)ৰ যৌন নিৰ্যাতনৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি আছে আৰু আমি সকলোকে এটা নিৰাপদ কেম্পাছ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Related News