বিটিচিত পুনৰ মাৰণাস্ত্ৰ উদ্ধাৰ : বাক্সাৰ মটঙা নৈত পুতি থোৱা আছিল মাৰণাস্ত্ৰসমূহ

index.jpga

বিটিচিত পুনৰ উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ। বাক্সা জিলাৰ নাগ্ৰীজুলিৰ মেছগুৰি মটঙা নৈৰ পাৰত পুতি থোৱাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে এই মাৰণাস্ত্ৰসমূহ।

উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত আছে এটা 9MM পিষ্টলসহ ১১ জাই সজীৱ গুলী।

কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলভজ্যোতি নাথৰ নেতৃত্বত চলা অভিযানত মটঙা নৈৰ পাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে এই মাৰণাস্ত্ৰখিনি।

উল্লেখ যে,  যোৱা ২১ ডিচেম্বৰ তাৰিখে মেছগুৰী গাঁওত নিশা দুৰ্বৃত্তৰ দল এটাই কৃষ্ণ দাস নামৰ এজন খেতিয়কৰ ঘৰত প্ৰৱেশ কৰি ভয় ভাবুকিৰে শূন্যলৈ গুলী ফুটাই পলায়ন কৰিছিল।

পিছত উক্ত ঘটনাৰ সৈতে জড়িত তিনিজনক কুমাৰীকাটা আৰক্ষীয়ে আটক কৰিছিল। আটকাধীন অভিযুক্তকেইজনক চলোৱা জেৰা আৰু অনুসন্ধানৰ অন্তত প্ৰথম পৰ্যায়ত উদ্ধাৰ হৈছিল 7.5 পিষ্টলসহ তিনি জাই সজীৱ গুলী।

আজি দ্বিতীয় পৰ্যায়ৰ অনুসন্ধানত পুনৰ উদ্ধাৰ হৈছে 9MM পিষ্টলসহ ১১ জাই সজীৱ গুলী।

দ্বিতীয়বাৰ অঞ্চলটোত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মাৰণাস্ত্ৰমুক্ত বিটিচি  ঘোষণা কৰাৰ পিছতো বিটিচিত এতিয়াও লেঠাৰি নিছিগাকৈ মাৰণাস্ত্ৰ উদ্ধাৰ হৈ আছে।