NORTHEAST NOW (Assamese)

কলিয়াবৰত অবৈধ ভাৱে গৰু সৰবৰাহ কৰা টাটা ডি আইসহ এজনক আটক

March 2, 2022 3:53 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ
Updated: March 2, 2022 3:54 pm

ৰাজ্যত অব্যাহত আছে গোধনৰ অবৈধ সৰবৰাহ।

প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও দিনক দিনে বৃদ্ধি পায়েই আছে গো-সৰবৰাহৰ ঘটনা।

কলিয়াবৰৰ বাগৰিত অবৈধ ভাৱে গৰু সৰবৰাহ কৰা এখন টাটা ডি আই জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। জব্দকৃত গাড়ীখনৰ পৰা পৰা উদ্ধাৰ কৰা হৈছে ৯ টাকৈ গৰু।

আৰক্ষীয়ে অবৈধ ভাৱে গোধন সৰবৰাহত জড়িত এজনক আটক কৰিছে। বোকাখাতৰ পৰা আমবাগানলৈ কোনো নথি-পত্ৰ অবিহনেই গৰু কেইটা সৰবৰাহ কৰা হৈছিল।

বাগৰিৰ আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি এ এছ ০৫ এ চি ১৬০৫ নম্বৰৰ গাড়ীখন।

বাগৰি আৰক্ষীয়ে গৰু সৰবৰাহত জড়িত জখলাবন্ধা হাৰমতিৰ আছাদ আলিক আটক কৰিছে ।

জব্দকৃত গৰু সমূহ ইতিমধ্যে গো-শালালৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Related News