ডিমৌত অব্যাহত অবৈধ সুৰাৰ ব‍্যৱসায়; ট্ৰাকৰ সৈতে ১০০ টিন লালিগুৰ জব্দ

লালিগুৰ কঢ়িয়াই অনা ট্ৰাকখন

শিৱসাগৰৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে থিয় দিয়াৰ সময়তে ডিমৌ ৰাজহ চক্ৰৰ অধীনৰ বিভিন্ন স্থানত এচাম অসাধু ব‍্যৱসায়ীয়ে এতিয়াও বীৰদৰ্পে লালিগুৰৰ ৰমৰমীয়া ব‍্যৱসায় চলাই আছে।

পশুখাদ‍্যৰ নামত কাৰ্বি আংলং জিলাৰ পৰা ট্ৰাকেৰে ডিমৌ আৰু ইয়াৰ সমীপৱৰ্তী চেপন চকলীয়া অঞ্চললৈ মাহেকে পষেকে লালিগুৰৰ সৰবৰাহ হৈ আহিছে।

প্ৰাপ্ত তথ্য মতে চকলীয়াৰ তুলসী বেৰিয়া নামৰ এজন ব‍্যৱসায়ীয়ে মুকলিকৈ এই ব‍্যৱসায় চলাই আহিছে। ব‍্যৱসায়ীজনে পশু খাদ্য যোগান ধৰি থকা ফাৰ্মকেইখনতকৈও অধিক পৰিমানৰ লালিগুৰ অবৈধ সুৰা নিৰ্মাণ কৰা লোকক বিক্ৰী কৰি আহিছে বুলি জানিব পৰা গৈছে।

ইয়াৰ মাজতে ডিমৌ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত ৰাজমাইৰ ইছলাম বৰা নামৰ এজন লোকৰ ঘৰৰ গুডামৰ পৰা ১০০ টিন অবৈধ লালিগুৰ জব্দ কৰে। লোকজনে চকলীয়াৰ পৰা এ এচ ০১ বি চি ৯২২১ নম্বৰৰ এখন ট্ৰাকেৰে অনা লালিগুৰৰ টিনসমূহ নমাই থকা অৱস্থাত ৰাইজৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নিৰ্দেশত ডিমৌ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে।

জানিব পৰা মতে লংকাৰ পৰা ৫০০ টিন লালিগুৰ কঢ়িয়াই অহা উক্ত ট্ৰাকখনে দেওবাৰে নিশা চেপন চকলীয়াৰ তুলসী বেৰীয়াৰ বজৰং ষ্টৰৰ গুদামত ৪০০ টিন জমা কৰি বাকী ১০০ টিন গুৰ বেৰীয়াৰ নিৰ্দেশত ৰাজমাইৰ ইছলাম বৰাৰ বাসগৃহলৈ লৈ আনিছিল।

আনহাতে আৰক্ষীয়ে ট্ৰাকৰ সৈতে লালিগুৰসমূহ জব্দ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ইছলাম বৰা নামৰ লোকজনে বাসগৃহৰ পৰা পলায়ন কৰে।