• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এখন ফটো প্ৰচাৰ কৰি হাঁহিয়াতৰ পাত্ৰ হ’ল যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ, কিন্তু কিয়!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2021 8:12 pm
Yogi Adityanath UP govt
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনক দেখি উঠিল গা, নয়দাই বোলে মোকো চা! যেন লোকৰ পিঠাৰে বিহু পাতিবলৈ উলাইছে যোগী আদিত্যনাথ চৰকাৰে! তেনে এটা ঘটনাই সম্প্ৰতি হাস্যৰসৰ সৃষ্টি কৰা দেখা গৈছে।

উত্তৰপ্ৰদেশৰ জেৱাৰত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নয়দা আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ আধাৰশিলা স্থাপন কৰে। ২০২৪ চনত বিমানকোঠটোৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হ’ব বুলি আশা কৰা গৈছে। ই দেশৰ ভিতৰতে বৃহত্তম বিমানকোঠ হিচাপে পৰিগণিত হ’ব।

১,৩০০ হেক্টৰতকৈও অধিক ভূমিত এই বিমানকোঠটো প্ৰতিষ্ঠা কৰা হৈছে। ইয়াৰ বাবে খৰচ কৰা হ’ব দহ হেজাৰ পঞ্চাশ কোটি টকা। প্ৰায় ১ লাখ লোকে বিমানকোঠটোত নিযুক্তি লাভ কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত কয় যে বিমানকোঠটো দেশৰ যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থল হিচাপে বিবেচিত হ’ব।

Apply Now

এইখিনিলৈকে ঠিকেই আছিল। কিন্তু বিমানকোঠটোৰ নিৰ্মাণৰ মডেল ডিজাইনৰ ছবি আৰু ভিডিঅ’টোৱেহে কেনা লগালে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা চকু চাট মাৰি যোৱা প্ৰায় দুই মিনিটৰ এটা ভিডিঅ’ত অত্যাধুনিক প্ৰযুক্তি আৰু মনোৰম পৰিৱেশেৰে ভৰা এটা বিমানকোঠ দেখা গৈছে।

ছবি আৰু ভিডিঅ’টো উত্তৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা প্ৰচাৰ কৰা হৈছে। লগে লগে বিজেপিৰ শীৰ্ষ নেতাসকলে সামাজিক মাধ্যমত পৰম উচ্ছাহেৰে শ্বেয়াৰ কৰে।

কিন্তু দেশৰ আগশাৰীৰ সংবাদ মাধ্যমসমূহে ফেক্ট চেকিং তথা ছবিখনৰ সত্যাসত্য বিচাৰ কৰাৰ পাছতহে জোলোঙাৰ মেকুৰি উলাই পৰিল। ইণ্ডিয়া টুডে আৰু দ্যা কুইণ্টে পৰীক্ষা কৰি জনাইছে যে উক্ত ভিডিঅ’ তথা ছৱিখনত থকা বিমানকোঠটোৰ ডিজাইন নয়দাৰ নহয়, বৰঞ্চ চীনৰহে! সেইটো চীনৰ বেইজিং ডাক্সিং আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰহে মডেল ডিজাইন আছিল!

চীনৰ এই বিমানকোঠটো ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত মুকলি কৰা হৈছিল। বিশ্বৰ আগশাৰীৰ সংবাদপত্ৰ ‘দ্যা গাৰ্ডিয়ান’ত বিমানকোঠটোৰ ছৱি ২০১৯ চনত প্ৰকাশ পাইছিল। ইণ্টাৰনেটটো চাৰ্ছ কৰিলেই চীনৰ উক্ত বিমানকোঠটোৰ ছৱি সকলোৱে দেখা পাব পাৰে। বিমানকোঠটোৰ ডিজাইনিং কৰিছিল ইৰাকী স্থাপত্যবিদ জাহা হাদিদে।

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এনেধৰণৰ হাস্যকৰ কাণ্ডত সোমাই পৰিছিল যোগী চৰকাৰ। উত্তৰপ্ৰদেশৰ উন্নয়নৰ ছবি তুলি ধৰিবলৈ কিছুদিন পূৰ্বে এখন কাকতত এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। তাত যোগী আদিত্যনাথৰ স’তে এখনি হাইৱে’ৰ ছবি সন্নিৱিষ্ট কৰা হৈছিল।

পাছত জনা গৈছিল যে বিজ্ঞাপনটোত থকা হাইৱে’খন উত্তৰপ্ৰদেশৰ নহয়, বৰঞ্চ পশ্চিম বংগৰ বিজেপি বিৰোধী মমতা বেনাৰ্জী চৰকাৰে নিৰ্মাণ কৰা এখন হাইৱে’হে! কলকাতাৰ উক্ত হাইৱে’খনক মা হাইৱে’ নামেৰেও জনা যায়।

উত্তৰপ্ৰদেশ চৰকাৰৰ এনেধৰণৰ আজৱ কাণ্ডক লৈ তীব্ৰ হাস্যৰসৰ সৃষ্টি হৈছে। যোগী চৰকাৰৰ প্ৰগতিৰ ছবি তুলি ধৰিবলৈ ভাৰতৰ চিৰবৈৰী চীনৰ প্ৰগতিৰ ছবি এনেধৰণে ব্যৱহাৰ কৰাটোৱে ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অনুমান কৰা হৈছে, হিন্দু মুছলিমৰ ৰাজনীতি আৰু ধৰ্মীয় গোড়ামীত ব্যস্ত থাকি যোগী চৰকাৰে সাধাৰণ কাণ্ডজ্ঞানো হেৰুৱাই পেলাইছে নেকি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd